DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

এয়াৰ ইণ্ডিয়াৰ বিমানৰ ‘প্ৰস্ৰাৱ কাণ্ড’: সহযাত্ৰী মহিলাৰ গাত প্ৰস্ৰাৱ কৰা অভিযুক্ত শংকৰ মিশ্ৰক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2023 9:31 pm
Air India urinate case
106
VIEWS
Share on FacebookShare on Twitter

এয়াৰ ইণ্ডিয়াৰ বিমানত এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত শংকৰ মিশ্ৰক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ঘটনা পোহৰলৈ অহাৰ পাছৰে পৰা পলাতক হৈ থকা মিশ্ৰৰ ফোনৰ স্থান বিচাৰি উলিওৱাৰ পিছত তেওঁক আজি দিল্লী আৰক্ষীয়ে বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

দিল্লীৰ পাটিয়ালা হাউচ আদালতে মিশ্ৰক ২১ জানুৱাৰীলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু তেওঁৰ জামিনৰ শুনানি ১১ জানুৱাৰীত হ’ব বুলি উল্লেখ কৰে।

আৰক্ষীয়ে তিনিদিনৰ বাবে মিশ্ৰক জিম্মাত বিচাৰি আবেদন জনাইছিল যদিও আদালতে এই আবেদন অস্বীকাৰ কৰি উপযুক্ত কাৰণ অবিহনে আৰক্ষীৰ জিম্মা মঞ্জুৰ কৰিব নোৱাৰি বুলি উল্লেখ কৰে।

মিশ্ৰই এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ দুজন কেপ্টেইন আৰু তিনিজন কেবিন ক্ৰুক শেহতীয়াকৈ ফোন কৰি আছিল আৰু তেওঁলোককো জেৰা কৰিব লাগিব বুলি আৰক্ষীয়ে আদালতৰ সন্মুখত জানিবলৈ দিয়ে।

উল্লেখ্য যে, এয়াৰ ইণ্ডিয়াৰ নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী বিমানত সহযাত্ৰী মহিলাৰ গাত প্ৰস্ৰাৱ কৰাৰ বাবে অভিযুক্ত শংকৰ মিশ্ৰক আজি দিল্লী আৰক্ষীয়ে বাংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

অভিযুক্ত যাত্ৰী শংকৰ মিশ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুজাতিক বিত্তীয় প্ৰতিষ্ঠানৰ ভাৰতৰ ভাইচ প্ৰেছিডেন্ট আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে তেওঁক কালি চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল।

যোৱা বছৰৰ ২৬ নৱেম্বৰত শংকৰে এয়াৰ ইণ্ডিয়াৰ নিউয়ৰ্ক-দিল্লী বিমানৰ বাণিজ্যিক শ্ৰেণীত সুৰাপান কৰি থকা অৱস্থাত এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল। মহিলা যাত্ৰীগৰাকীৰ বয়স ৭০ বছৰ।

দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে সংশ্লিষ্ট কৰ্তৃপক্ষক শংকৰৰ বিৰুদ্ধে লুক-আউট নটিছ জাৰি কৰিবলৈ আহ্বান জনায়। এয়াৰ ইণ্ডিয়াৰ ওচৰত মহিলাগৰাকীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত শংকৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল।

শংকৰ মিশ্ৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ২৯৪, ৫০৯, ৫১০ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। যদি তেওঁৰ বিৰুদ্ধে থকা অভিযোগবোৰ সঁচা বুলি প্ৰমাণিত হয় তেন্তে শংকৰৰ তিনি বছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে।

Recent News

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

World War II bombs found

মণিপুৰত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা: নিৰাপদে নিষ্ক্ৰিয় কৰিলে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd