বোকাখাতৰ সমীপৰ কাৰ্বি আংলং জিলাৰ কাকচাং জলপ্ৰপাতত পিকনিক খাবলৈ আহি আজি এজন যুৱকে ৰহস্যজনক ভাৱে মৃত্যুক সাৱতি ল’ব লগা হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে যোৰহাটৰ কেন্দুগুৰিৰ কুলভূষণ কলিতা নামৰ যুৱকজনে তেওঁৰ ৩ বন্ধুৰ সৈতে আজি পুৱাতে কাকচাং জলপ্ৰপাতত উপস্থিত হৈছিল।
তেওঁৰ বন্ধুকেইগৰাকীয়ে দিয়া ভাষ্য অনুসৰি পিকনিক খোৱাৰ স্থানত উপস্থিত হোৱাৰ পিছত ৰান্ধনিক ভাত বনাবলৈ দি ৪ বন্ধু আড্ডাত বহিছিল, ইয়াৰ মাজতেই এজন বন্ধুসহ কুলভূষণ সাঁতুৰিবলৈ বুলি জলপ্ৰপাতটোত নামি গৈছিল। কিন্তুু সাঁতুৰি থকা অৱস্থাতে ৩ বন্ধুৰ চকুৰ সন্মুখতেই তেওঁ জলপ্ৰপাতটোৰ দ পানীত ডুব যায়, এগৰাকী বন্ধুৱে তেওঁক বচাবৰ বাবে চেষ্টা কৰিছিল যদিও সফল নহ’ল ৷
পৰৱৰ্তী সময়ত গোলাঘাট আৰু বোকাখাতৰ পৰা অহা এছ ডি আৰ এফৰ ডুবাৰু জোৱানে অভিযান চলাই ৫ ঘন্টাৰ অন্তত কুলভূষণৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখযোগ্য যে ৯ মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা কুলভূষণ কলিতা এইবাৰৰ সৈতে তৃতীয়বাৰৰ বাবে কাকচাঙৰ জলপ্ৰপাতটোলৈ আহিছিল।
আনহাতে, যোৱা দুটা বছৰত পৰ্যটকৰ অভাৱনীয় ভীৰ হোৱা কাকচাঙলৈ বহু যুৱক কেৱল সুৰা সেৱনৰ বাবেই আহে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। জলপ্ৰপাতটোৰ চাৰিওফালে বিলাতী সুৰাৰ লগতে বিয়েৰৰ খালী বটলে নধৰা হৈ আছে।
কুলভূষণ কলিতাৰ লগতে তেওঁৰ ৩ বন্ধুৱে আড্ডা দিয়া স্থানতো সুৰাৰ বটলৰ লগতে মাংস, চিগাৰেটৰ পেকেট আদি পোৱা গৈছে। তদুপৰি উক্ত ঘটনা সংঘটিত হোৱাৰ সময়ত জলপ্ৰপাতটোত কেৱল কুলভূষণ কলিতাহঁতৰ দলটোহে আছিল বুলি জানিব পৰা গৈছে।
ঘটনা সংক্ৰান্তত কাৰ্বি আংলঙৰ ডলামৰা আৰক্ষীয়ে ৩ বন্ধুক সোধপোচ অব্যাহত ৰখাৰ লগতে তেওঁৰ মৃতদেহটোক মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।