• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যোগদান কৰিয়েই অগপত ‘চাফাই অভিযান’ৰ ঘোষণা মণিমাধৱ মহন্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 21, 2019 6:45 am
মণিমাধৱ মহন্তৰ ফাইল ফটো

মণিমাধৱ মহন্তৰ ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ সপোন বাস্তৱত পৰিণত হওক বা নহওক কিন্তু অতি শীঘ্ৰে চিকচিয়া হৈ উঠিব পুনৰ বিজেপিৰ চৰণত শৰনাপন্ন ৰাজ্যৰ ‘প্ৰধান’ আঞ্চলিক দল অগপৰ মুখ্য কাৰ্য্যালয়ৰ মজিয়া! কিয়নো কাইলৈৰ পৰা অগপ কাৰ্য্যালয় চাফা কৰাৰ দায়িত্ব লৈছে আছু এৰি ৰাজনীতিত ভৰি দিয়া মণিমাধৱ মহন্তই।

আজি অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত দলটোত যোগদান কৰিয়েই ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তই প্ৰকাশ কৰে অগপ কাৰ্য্যালয়ত ‘চাফাই অভিযান’ চলোৱাৰ ইচ্ছা।

Apply Now

অগপত ‘যোগদান কৰি কাৰ্য্যালয়টো চাফা কৰাটোৱেই’ তেওঁৰ ‘প্ৰথম দায়িত্ব আৰু কৰ্তব্য হ’ব’ বুলি ঘোষণা কৰি মহন্তই কয়, ‘সভাপতি অতুল বৰাই দলৰ কাৰণে প্ৰথমে কি কাম কৰিম বুলি সুধিছিল। দলৰ কাৰ্য্যালয়টো সাৰিবলৈ আৰু মচিবলৈ দিলে মই খুব ভাল পাম বুলি তেওঁক কৈছিলো। কাইলৈ ৰাতিপুৱা আহি কাৰ্য্যালয়টো এবাৰ সাৰিম আৰু মচিম।‘

ইয়াৰ মাজতে আছুত থাকোতেও আছুৰ কাৰ্য্যালয়ত ঝাড়ু দিছিল বুলি উল্লেখ কৰি তেওঁ কয়, ‘ছাত্ৰ সন্থাত যোগদান কৰাৰ সময়ত অৰ্থ্যাৎ ১৯৯৭ চনত মানুহে খাই এৰি যোৱা পাত পেলাইছিলো। লগতে কাৰ্য্যালয় ঝাড়ু দিছিলো। সেই দুটাই জীৱনৰ আটাইতকৈ পবিত্ৰ আৰু শ্ৰেষ্ঠ কৰ্ম বুলি ভাবিছিলো।’

উল্লেখযোগ্য যে সমাগত লোকসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ পৰা অগপ-বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী হিচাপে মণিমাধৱ মহন্তই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনকি দলটোত যোগদান কৰাৰ পূৰ্বেই অগপৰ প্ৰাৰ্থী হিচাপে তেওঁৰ সমৰ্থনত এটা অডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ থকা দেখা গৈছিল।

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ নামত বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰি পুনৰ নিৰ্বাচনৰ সময়ত বিজেপিৰে মিত্ৰতা কৰা অগপৰ প্ৰতি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। খোদ দলটোৰ তৃণমূল কৰ্মী-সমৰ্থকে অসন্তুষ্টি আৰু বিষোদগাৰ প্ৰকাশ কৰিছিল। বিভিন্নজনে অগপই ৰাজ্যত আঞ্চলিকতাবাদক নিশকতীয়া কৰি অনাৰ অভিযোগ আনিছে।

এনে অৱস্থাত জ্যেষ্ঠসকলক অনুকৰণ কৰি ‘ছাত্ৰ ৰাজনীতি’ এৰি নিৰ্বাচনী ৰাজনীতিত ভৰি দিয়া মণি মাধৱ মহন্তৰ ‘চাফাই অভিযান’এ অগপক কিমান ‘চাফা’ কৰে সেয়া লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd