NORTHEAST NOW (Assamese)

অসমৰ দৰেই ৰাজ্যখনত এন আৰ চি বিচাৰিছে মণিপুৰ চৰকাৰে

September 10, 2019 7:51 am · এন ই নাও নিউজ
মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং। ফাইল ফটো

মণিপুৰ চৰকাৰে ৰাজ্যখনত অসমৰ দৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী(এনআৰ চি) ৰূপায়ন হোৱাটো বিচাৰিছে।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে সোমবাৰে গুৱাহাটীত উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চা(নেডা)ৰ সন্মিলনৰ উপস্থিত থকাৰ মাজতে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে।

‘’আমি কেন্দ্ৰক অসমত হোৱা এন আৰ চিৰ দৰে ৰাজ্যখনতো এক এন আৰ চিৰ দৰে কাম ৰূপায়নৰ বাবে অনুৰোধ জনাম,’’-মণিপুৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কয়।

‘’আমি ইতিমধ্যেই ৰাজ্যখনত এখন এন আৰ চিৰ বাবে এটা প্ৰস্তাৱত অনুমোদন জনাইছো,’’-মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়।

‘’আমাৰ লগতে উত্তৰ-পূবৰ বহু ৰাজ্যত এখন এন আৰ চিৰ প্ৰয়োজন,’’-মুখ্য মন্ত্ৰী বীৰেন সিঙে কয়।

‘’এখন এন আৰ চিৰ বাবে মণিপুৰ চৰকাৰে ইতমধ্যে কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছে,’’- তেওঁ লগতে জানিবলৈ দিয়ে।

‘’কেন্দ্ৰ এইক্ষেত্ৰত সম্পূৰ্ণ স্পষ্ট যে ই দেশৰ কোনো ঠাইতে অবৈধ অনুপ্ৰৱেশকাৰী থাকিবলৈ অনুমতি নিদিয়ে,’’-সিঙে কয়।

তেওঁ লগতে কয় যে মণিপুৰত এন আৰ চি ৰূপায়ন এক গতানুগতিক প্ৰক্ৰিয়া হ’ব।

‘’এয়া কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে কৰা হ’ব,’’-মণিপুৰৰ মুখ্য মন্ত্ৰী সিঙে লগতে কয়।

Related News