• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

প্ৰসংগ মণিপুৰ : শতাধিক লোকৰ মৃত্যুত হৃদয় বিগলিত নোহোৱা প্ৰধানমন্ত্ৰী মোদীৰ মৌনব্ৰত ভংগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2023 12:11 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে ভাইৰেল হোৱা মণিপুৰত দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰা ভয়ানক ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ খুলিছে।

সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই জাতিটোক আশ্বস্ত কৰিব বিচাৰো, কোনো দোষীক ৰেহাই দিয়া নহ’ব। আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মণিপুৰৰ কন্যাৰ লগত যি হ’ল সেয়া কেতিয়াও ক্ষমা কৰিব নোৱাৰি।”

“গণতন্ত্ৰৰ এই মন্দিৰৰ কাষত থিয় হৈ থাকোঁতে মোৰ হৃদয়খন যন্ত্ৰণা আৰু ক্ষোভেৰে ভৰি পৰিছে। মণিপুৰৰ কাণ্ডটো যিকোনো সভ্য জাতিৰ বাবে লজ্জাজনক। সমগ্ৰ দেশ লজ্জানত হৈ পৰিছে।”

Apply Now

মণিপুৰৰ ভয়াবহতাক গৰিহণা দি প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ শাসিত ৰাজস্থান আৰু ছত্তীশগড়ৰ ঘটনাৰ কথাও উল্লেখ কৰি কয় যে, “মই সকলো মুখ্যমন্ত্ৰীক তেওঁলোকৰ ৰাজ্যত আইন-শৃংখলা শক্তিশালী কৰিবলৈ আহ্বান জনাইছো, বিশেষকৈ আমাৰ মাতৃ-ভগ্নীসকলৰ সন্দৰ্ভত, আৰু কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক, ৰাজস্থান, চত্তীশগড় বা মণিপুৰ য’তে হওক। ভাৰতৰ প্ৰতিটো কোণতে আমি ৰাজনীতিৰ উৰ্ধলৈ গৈ এনে জঘন্য অপৰাধৰ বিৰুদ্ধে কাম কৰা উচিত।”

উল্লেখ্য যে যোৱা মে’ মাহৰ পৰা ভাতৃঘাটি সংঘৰ্ষত মণিপুৰৰ জ্বলি আছে। হিংসাত্মক ঘটনাত প্ৰায় ১৪০ গাৰকী লোক নিহত হোৱাৰ লগতে হাজাৰো অধিক লোক আহত হৈছে। প্ৰায় ৭০ হাজাৰ লোক আশ্ৰয় শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। মণিপুৰৰ হিংসাত্মক ঘটনাই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিটো চৰ্চা লাভ কৰিছে। ইউৰোপীয়ান সংসদে মণিপুৰৰ হিংসাত্মক ঘটনাৰ সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণো কৰিছে।

কিন্তু প্ৰায় আঢ়ৈটা মাহে নিশ্চুপ হৈ আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মণিপুৰত হিংসাত্মক ঘটনা সূত্ৰপাত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল। ইয়াৰ পাছতো জাপান, আমেৰিকা, ফ্ৰান্স আদি দেশ ভ্ৰনণ কৰি আহিল প্ৰধানমন্ত্ৰী মোদীয়ে। অন্য সময়খিনিত বিজেপিৰ মহাজনসম্পৰ্ক ৰেলীত অংশগ্ৰহণ কৰি ২০২৪ৰ নিৰ্বাচনৰ ৰণশিঙা বজাই ফুৰিছে তেওঁ। কিন্তু অশান্তজৰ্জৰ মণিপুৰলৈ এবাৰ অহাটো বাদেই, মণিপুৰবাসীক শান্তি বৰ্তাই ৰাখিবলৈ এটা আহ্বানো দিয়া নাছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৌনতা ভংগ কৰিছে। প্ৰকাশিত খবৰ অনুসৰি ভুক্তভোগী কুকি মহিলা দুগৰাকীক যোৱা ৪ মে’ত গণধৰ্ষণ কৰি উলংগ কৰি একাংশ লোকে পেৰেড কৰিছিল।

এই ঘটনাটো পোহৰলৈ অহাৰ পাছতে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হোৱাই নহয়, এই ঘটনাই বিজেপি শাসিত ৰাজ্যখনত যে চূড়ান্তভাৱে মানৱতাৰ ভুলুণ্ঠিত হৈছে তাকেই প্ৰমাণ কৰিছে।

এই ঘটনাক লৈ হৃদয়ৰ যন্ত্ৰণা আৰু ক্ষোভ প্ৰকাশ কৰা প্ৰধানমন্ত্ৰী মোদীৰ মানৱতা আৰু সততা সন্দেহ আৱৰ্তত সোমাই পৰিছে। কাৰণ প্ৰায় ১৪০ গৰাকী লোকৰ মৃত্যু হোৱাৰ পাছতো হৃদয় নগ’লা প্ৰধানমন্ত্ৰী মোদীৰ দুগৰাকী নাৰীৰ ওপৰত চলা দানৱীয় অত্যাচাৰতে সঁচাই হৃদয় ভাঙি চুৰমাৰ হৈছে নে এই প্ৰশ্নৰো উদয় হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd