NORTHEAST NOW (Assamese)

মণিপুৰত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭ গৰাকীলৈ বৃদ্ধি

October 14, 2020 11:27 am · এন ই নাও নিউজ

মণিপুৰত মঙলবাৰে নতুনকৈ ২৩৭ গৰাকী লোক ক’ৰ’না প’জিটিভ হয়। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত মুঠ লোকৰ সংখ্যা ১৩,৭৯৩ গৰাকীলৈ বৃদ্ধি পায়।

মণিপুৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হয়।

আনহাতে, মণিপুৰত মঙলবাৰৰ দিনটোত চাৰিগৰাকী ব্যক্তিৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

মণিপুৰত বৰ্তমানলৈ মুঠ ৯৭ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰিছে।

মঙলবাৰে মণিপুৰত ক’ৰ’না সংক্ৰমিত হোৱা ২৩৭ গৰাকী লোকৰ ভিতৰত ২৩০ গৰাকী সাধাৰণ নাগৰিক আৰু সাতগৰাকী চি আৰ পি এফৰ জোৱান।

ৰাজ্যখনৰ ২৪ টা কোভিড পৰীক্ষা কেন্দ্ৰত এই লোক সকল কোভিড প’জিটিভ হিচাপে চিহ্নিত হয়।

তদুপৰি, ক’ৰ’না প’জিটিভ হোৱা ২৩০ গৰাকী সাধাৰণ নাগৰিকৰ ভিতৰত সাতগৰাকী ব্যক্তি বহিঃৰাজ্যৰ পৰা উভতি অহা।

মণিপুৰত বিগত ২৪ ঘণ্টাত ১২২ গৰাকী লোকক ১৩ টা কোভিড কেয়াৰ কেন্দ্ৰৰ পৰা ক’ৰ’না মুক্ত হোৱাৰ পাছত মুকলি কৰি দিয়া হয়।

পাহাৰীয়া ৰাজ্যখনত বৰ্তমান ২৮৬৭ গৰাকী সক্ৰিয় কোভিড ৰোগী থকাৰ বিপৰীতে ১০,৮২৯ গৰাকী ব্যক্তি চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

Related News