• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2026 9:08 am
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে সংসদত দাবী কৰাৰ দৰেই সঁচাকৈয়ে ভাৰতৰ পৰা হাতেৰে মল চাফা কৰা প্ৰথা নাইকিয়া হ’লনে? দেশত হাতেৰে মল চাফা কৰা প্ৰথা এতিয়া নাই বুলি চৰকাৰে সংসদত দাবী কৰিলেও, বাস্তৱত আজিও বহু মহিলা ছাফাই কৰ্মীয়ে এই অমানৱীয় কাম কৰিবলৈ বাধ্য। হাতেৰে শুকান শৌচালয় পৰিষ্কাৰ কৰা এই প্ৰথাক এক “ৰাষ্ট্ৰীয় কলঙ্ক” আখ্যা দি ইয়াক চিৰদিনলৈ নিৰ্মূল কৰাৰ সংকল্পৰে ‘ছাফাই কৰ্মচাৰী আন্দোলন’ চমুকৈ এছ কে এ-য়ে আৰম্ভ কৰিছে ‘ইণ্ডিয়া @৮০’ নামৰ এবছৰীয়া দেশজোৰা অভিযান।

 

Apply Now

সংসদত কেন্দ্ৰীয় চৰকাৰে দেশত কোনো ধৰণৰ মেনুৱেল স্কেভেঞ্জিং বা হাতেৰে মল চাফা কৰা প্ৰথা নাই বুলি দাবী কৰি আহিছে যদিও এই অনুষ্ঠানত উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ, মধ্যপ্ৰদেশ আৰু বিহাৰৰ পৰা অহা মহিলা ছাফাই কৰ্মীসকলে চৰকাৰৰ এই দাবীক সম্পূৰ্ণ মিছা বুলি প্ৰমাণ কৰে। এছ কে এৰ ৰাষ্ট্ৰীয় আহ্বায়ক বেজৱাড়া উইলছনে কয়, “চৰকাৰে যেতিয়া সংসদত কয় যে দেশত কোনো মেনুৱেল স্কেভেঞ্জিং নাই, তেতিয়া ভুক্তভোগী মহিলাসকলে ৰাজধানী চহৰলৈ আহি সাহসেৰে এই মিছা দাবী উদঙাই দিছে। যেতিয়া আমি প্ৰতিদিনে শুকান শৌচালয় চাফা কৰিবলগীয়া হৈছেই, তেন্তে চৰকাৰে কেনেকৈ কয় যে এই প্ৰথা নাই? এই অস্পৃশ্যতা আৰু দাসত্বৰ পৰা আমি কেতিয়া মুক্তি পাম?”

 

এই প্ৰতিবাদী কাৰ্যসূচীত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন লোকুৰ, ন্যায়াধীশ সুধাংশু ধুলিয়া, ন্যায়াধীশ অঞ্জনা প্ৰকাশৰ লগতে বিশিষ্ট অৰ্থনীতিবিদ জয়তী ঘোষ, অতুল সুদ, অধিবক্তা বৃন্দা গ্ৰ’ভাৰ আৰু তথ্য জনাৰ অধিকাৰ কৰ্মী অঞ্জলি ভৰদ্বাজকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাৰতৰ ৪০ খনতকৈ অধিক জিলাত এতিয়াও এই প্ৰথা অব্যাহত থকাৰ তথ্য শুনি ন্যায়াধীশ সুধাংশু ধুলিয়াই গভীৰ উদ্বেগ প্ৰকাশ কৰে। আনহাতে, ন্যায়াধীশ মদন লোকুৰে আক্ষেপ প্ৰকাশ কৰি কয় যে এই প্ৰথা নাইকিয়া কৰিবলৈ এছ কে এ আৰু সম্প্ৰদায়টোৱে বাৰে বাৰে আদালতৰ কাষ চাপিছে যদিও আজিলৈকে কোনো আশাপ্ৰদ ফল ওলোৱা নাই আৰু এই বিষয়ত সংসদক মিছা তথ্য দিয়া হৈছে।

 

বিগত জুলাই মাহত এছ কে এ-য়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, ২০২৬ চনৰ জানুৱাৰীৰ পৰা জুন মাহলৈকে মাত্ৰ ছমাহত নলা আৰু ছেপ্টিক টেংক হাতেৰে চাফা কৰিবলৈ গৈ দেশজুৰি ১০১ জন শ্ৰমিকৰ কৰুণ মৃত্যু হৈছে। উল্লেখযোগ্য যে সমগ্ৰ ২০২৫ বৰ্ষত এই সংখ্যা আছিল ১২১ জন, যিয়ে পৰিস্থিতি ক্ৰমান্বয়ে অধিক শোচনীয় হৈ পৰাটোহে প্ৰতিফলিত কৰিছে। প্ৰতিবেদন অনুসৰি, ২০১৩ চনৰ পৰা এতিয়ালৈকে দেশত ১,৭২৬ জনৰো অধিক শ্ৰমিকৰ এনেদৰে মৃত্যু হৈছে, অৰ্থাৎ প্ৰতি ৪৫ ঘণ্টাত এজনকৈ ছাফাই কৰ্মীয়ে বিষাক্ত গেছৰ ফলত জীৱন হেৰুৱাবলগীয়া হৈছে। স্বাধীনতাৰ ৮০ বছৰৰ দিশে অগ্ৰসৰ হোৱা দেশখনে এই বৰ্বৰ প্ৰথাক যুদ্ধকালীন অগ্ৰাধিকাৰ দি সমাপ্ত কৰিব লাগিব বুলি সংগঠনে চৰকাৰৰ ওচৰত দাবী জনায়।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd