• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বানে গৰকা চামগুৰিৰ লাওখোৱাত কৃষক ৰাইজৰ হাহাকাৰ : গেলি-পচি নিঃশেষ বহু বিঘা শস্য ক্ষেত্ৰ

কৃষিমন্ত্ৰীক বিহিত ব্যৱস্থা গ্ৰহণ আহ্বান কৃষকৰ

NE NOW NEWS ভাৰ্গৱ হাজৰিকা
চামগুৰি , July 6, 2020 2:04 pm

2 min read

VideoCapture_20200706-073448
4.1k
VIEWS
Share on FacebookShare on Twitter

বানে গৰকা চামগুৰিৰ লাওখোৱাত কৃষকৰ মাজত সীমাহীন হাহাকাৰ।

বাৰিষাৰ দ্বিতীয়টো বানে বহু কেইদিন ধৰি প্লাৱিত কৰি পেলাইছিল চামগুৰিৰ নৈপৰীয়া বৃহত্তৰ লাওখোৱা অঞ্চলৰ অধিকাংশ স্থান।

বুৰাই পেলাইছিল বিঘাই বিঘাই শস্যক্ষেত্ৰ, বিনষ্ট কৰিছিল কষ্টোপাৰ্জিত কেঁচা শাক-পাচলি তথা ফচল।

৪নং ভূৰবন্ধাৰ পৰা আৰম্ভ কৰি ৪নং ভগামুখ পৰ্যন্ত বৃহত্তৰ অঞ্চলটোত লাহে লাহে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ জলস্তৰ শাম কটাৰ পিছতহে সৰ্বত্ৰে চকুৰ সন্মুখত ভাঁহি পৰিছে কৃষক ৰাইজৰ দুৰ্দশাৰ প্ৰকৃত ছবিখন।

অসমৰ বিভিন্ন ঠাইলৈ কেঁচা শাক পাচলিৰ যোগান ধৰা নৈপৰীয়া অঞ্চলটোৰ চৌদিশে চকুৰে মনিব নোৱৰা পৰ্যন্ত কেৱল মাত্ৰ বানত বুৰি গেলি-পচী নষ্ট হোৱা শস্যৰ পথাৰবোৰ।

যাৰ বাবে এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে নৈপৰীয়া অঞ্চলটোত প্ৰায় ৫০০ৰ পৰা ১০০০ বিঘা ভূমিত কৃষিকাৰ্য কৰি নিজৰ পৰিয়ালসমূহ পোহপাল দিয়া দৰিদ্ৰ কৃষক ৰাইজে।

বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান তথা বেংকৰ পৰা ঋণ লৈ কৃষিকাৰ্য কৰা অধিকাংশ কৃষকে এতিয়া কিদৰে ঋণ পৰিশোধ কৰিব তাকলৈ চিন্তিত হৈ পৰিছে কৃষক ৰাইজ।

অহা বছৰত কেনেদৰে কৃষিকাৰ্যত বিনিয়োগ কৰিবৰ বাবে ধন যোগাৰ কৰিব তাকলৈও ঘোৰ চিন্তাত দিন পৰা কৰিছে লাওখোৱাৰ কৃষক ৰাইজে।

ইফালে সৰ্ৱস্বান্ত কৃষক ৰাইজে বান বিধ্বস্ত কৰা অঞ্চলটো সংশ্লিষ্ট বিভাগীয় মন্ত্ৰী অতুল বৰাক পৰিদৰ্শন কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ জৰিয়তে দৰিদ্ৰ কৃষক ৰাইজক সকাহ প্ৰদান কৰিবলৈ আহ্বান জনাইছে সংবাদ মাধ্যমৰ জৰিয়তে।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd