• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও জিলাৰ ১৩টা উন্নয়ন খণ্ডৰ ছটাত নাই পূৰ্ণ পৰ্যায়ৰ খণ্ড উন্নয়ন বিষয়া, ৫৫টা পঞ্চায়তত নাই পঞ্চায়ত সচিব

বিজেপি শাসিত চৰকাৰৰ ফোপোলা স্বৰূপ

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
April 28, 2021 12:12 pm
Screenshot_2021-
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 ৰাজ্য চৰকাৰ খনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে অসমৰ  গ্ৰামাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন সময়ত বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে ।

বিশেষকৈ এম জি এনৰেগা তথা চতুৰ্দশ বিত্তীয় আয়োগ পঞ্চদশ বিত্তীয় আয়োগৰ বিভিন্ন আচনিৰ বিপৰীতে বিগত সময় খিনিত কোটি কোটি টকা আবন্টন দিয়া হৈছে চৰকাৰী ভাবে ।

Apply Now

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন এই আঁচনি সমূহৰ বিপৰীতে ইতিমধ্যে নগাঁও জিলাৰ ১৩টা উন্নয়ন খণ্ডয়েও জিলা খনৰ গ্ৰামাঞ্চলৰ উন্নয়ন বাবে এক বৃহৎ পৰিমাণৰ ধনৰ আবন্টন লাভ কৰিছে । ইতিমধ্যে কম বেছি পৰিমাণে জিলা খনৰ প্ৰতিটো উন্নয়ন খণ্ডতেই আঁচনি সমূহৰ কাম  সমূহ চলাই থকা হৈছে যদিও জিলা খনৰ বহু কেইটা উন্নয়ন খণ্ডৰ লগতে প্ৰায় ৫৫ খন গাঁও পঞ্চায়তত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া আৰু ভাৰপ্ৰাপ্ত পঞ্চায়ত সচিবৰ দ্বাৰা কামকাজ পৰিছালনা হোৱাত জিলা খনৰ গ্ৰামাঞ্চলৰ ৰাইজে উচিত সেৱা লাভ কৰাৰ পৰা বহু সময়ত বঞ্চিত হোৱা বুলি অভিযোগ উঠিছে ।

সকলোতকৈ ডাঙৰ কথা যে এই সকল ভাৰপ্ৰাপ্ত বিষয়া আৰু সচিবে নিজা কাম কাজ পৰিচালনা কৰাৰ ক্ষেত্ৰতো বিভিন্ন সময়ত চুড়ান্ত ভাবে ব্যৰ্থ হোৱা বুলি অভিযোগ উঠিছে ।

উল্লেখ্য যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ নগাঁও জিলাৰ মুঠ ১৩টা উন্নয়ন খণ্ডৰ ৬ টাতেই নাই পূৰ্ণ পৰ্যায়ৰ খণ্ড উন্নয়ন বিষয়া ।

এই উন্নয়ন খণ্ড কেইটা চলি আছে একোগৰাকীকৈ  ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াৰ দ্বাৰাহে । এই সকল ভাৰপ্ৰাপ্ত বিষয়াৰ দ্বাৰা উন্নয়ন খণ্ড সমূহ পৰিছালিত হৈ থকাত বহু ক্ষেত্ৰত বিভিন্ন প্ৰশাসনিক কাম কাজত ব্যাঘাত জন্মা পৰিলক্ষিত হবলৈ ধৰিছে । নগাঁও জিলাৰ উন্নয়ন খণ্ড কেইটা হৈছে , বাজিয়াগাঁও, বঢ়মপুৰ, বটদ্ৰবা , দলংঘাট , জুৰীয়া , কলিয়াবৰ, কঠিয়াতলি, খাগৰিজান, লাওখোৱা, পশ্চিম কলিয়াবৰ, পাখিমৰীয়া ,ৰহা আৰু ৰূপহী ।

এই উন্নয়ন খণ্ড কেইটাৰ ভিতৰত মাত্ৰ সাতটা উন্নয়ন খণ্ডতহে পূৰ্ণ পৰ্যায়ৰ খণ্ড উন্নয়ন বিষয়াই কাৰ্যনিৰ্বাহ কৰি আছে । আৰু বাকী কেইটা খণ্ডত সম্পূৰ্ণ অস্থায়ী ভাৱে ভাৰপ্ৰাপ্ত বিষয়াই কাম কৰি আছে ।

যিহেতু এই বিষয়া সকলে সংশ্লিষ্ট উন্নয়ন খণ্ড কেইটাত এগৰাকী ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে এনে ক্ষেত্ৰত এই সকল অস্থায়ী বিষয়াৰ দায়বদ্ধতাও যঠেষ্ট কম ।

ইয়াৰ উপৰিও বিভিন্ন সময়ত এই সকল ভাৰপ্ৰাপ্ত বিষয়াই প্ৰশাসনিক ক্ষমতা প্ৰয়োগ কৰাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে । এনেবোৰ কাৰণতেই গ্ৰামাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আচনি ৰূপায়ণৰ কামো যঠেষ্ট লেহেমীয়া হোৱা পৰিলক্ষিত হৈছে । এই ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া সকলৰ প্ৰশাসনিক দূৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি একাংশ কনিষ্ঠ অভিযন্তা , পঞ্চায়ত সচিব, একাংশ জি আৰ এচ সকলে পঞ্চায়তৰ দুৰ্নীতিগ্ৰস্ত প্ৰতিনিধিৰে মিলি চৰকাৰী আঁচনি ৰূপায়নৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাত ইয়াত দুৰ্ভোগ ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ গ্ৰামাঞ্চলৰ ৰাইজে ।

এই সকল ভাৰপ্ৰাপ্ত বিষয়াক অতি সহজেই একাংশ কণিষ্ঠ অভিযন্তা ,পঞ্চায়ত সচিব তথা জি আৰ এচে বিপথে পৰিছালিত কৰিব পাৰে ।

তদুপৰি একাংশ এনে ভাৰপ্ৰাপ্ত বিষয়াৰ কাম কাজত মুঠেই সন্তুষ্ট নহয় বহু গ্ৰামাঞ্চলৰ ৰাইজ । ইপিনে জিলা খনৰ ১৭২ খন গাঁও পঞ্চায়তৰ ভিতৰত প্ৰায় ৫৫ খন পঞ্চায়ত স্থায়ী পঞ্চায়ত সচিব অবিহনে চলি আছে  । ইয়াৰ ফলত এজন পঞ্চায়ত সচিবেই দুই তিনিখন পঞ্চায়তৰ দায়িত্ব লব লগা হৈছে ।

যাৰ বাবে এতিয়া জিলা খনৰ সৰহ সংখ্যক পঞ্চায়ততেই বিৰাজ কৰিছ চৰম বেমেজালিয়ে ।  জিলা খনৰ যি সমূহ পঞ্চায়তত সচিব পদটো খালী হৈ আছে সেই পদ সমূহ পুৰণৰ ক্ষেত্ৰত আজিও কোনো গুৰুত্ব প্ৰদান কৰা নাই অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ।

ইয়াৰ উপৰিও সচিব পদটো খালি হৈ থকা যি সমূহ পঞ্চায়তত চৰকাৰী ধনৰ আবন্টন বেছি সেই সমূহ পঞ্চায়ৰ অতিৰিক্ত দায়িত্ব লবলৈ বেছি আগ্ৰহী একাংশ পঞ্চায়ত সচিব আৰু এই সকল দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সচিবে বহু সময়ত বিভিন্ন কৌশলেৰে গ্ৰামাঞ্চলৰ প্ৰকৃত উন্নয়নত ব্যাপক বাধাৰ সৃষ্টি কৰি আহিছে ।

একমাত্র চৰকাৰ তথা বিভাগৰ অমনোযোগিতাৰ বাবেই আজি গ্ৰামাঞ্চল সমুহে প্ৰকৃত উন্নয়নৰ ছবি দেখা নাই । এয়া   এখন জিলাৰহে উদাহৰণ ।

অসমৰ প্ৰতিখন জিলাত হয়তো এনেদৰেই খালি হৈ আছ অসংখ্য খণ্ড উন্নয়ন বিষয়া তথা পঞ্চায়ত সচিবৰ পদ । দুৰ্ভাগ্যৰ কথা যে বিভিন্ন সময়ত গ্ৰামাঞ্চলৰ বিকাশ আৰু কল্যাণৰ কথা কোৱা  সৰ্বানন্দ সোণোৱাল  নেতৃত্বাধীন  চৰকাৰ খনে পাঁচোটা বছৰ শাসন কৰিও খণ্ড উন্নয়ন বিষয়াৰ পদ কেইটা দূৰৰে কথা অসমৰ পঞ্চায়ত সমুহত খালী হৈ থকা পঞ্চায়ত সচিবৰ পদ কেইটাকে পুৰণ কৰিব নোৱাৰিলে ।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd