• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

কেপ ভাৰ্ডেৰ বিৰুদ্ধে স্পেইনৰ বিশ্বকাপৰ প্ৰথমখন মেচৰ পূৰ্বে আনুষ্ঠানিক চুক্তি সম্পন্ন, প্ৰশিক্ষক হোছে ম'ৰিনহোৰ নেতৃত্বত ৰিয়েল মাদ্ৰিদৰ প্ৰথমটো নিযুক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2026 8:18 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফিফা বিশ্বকাপ  ২০২৬ ৰ মাজতেই স্পেইনৰ ৰাষ্ট্ৰীয় দলৰ অন্যতম তাৰকা ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াই নিজৰ পেছাদাৰী ক্লাব সলনি কৰিছে। সোমবাৰে কেপ ভাৰ্ডেৰ বিৰুদ্ধে স্পেইনৰ প্ৰথমখন মেচ অনুষ্ঠিত হোৱাৰ ঠিক পূৰ্বেই ইংলিছ প্ৰিমিয়াৰ লীগৰ ক্লাব চেলচি এৰি স্পেনিছ তাৰকাগৰাকীয়ে স্পেইনৰ শীৰ্ষ শাৰীৰ ক্লাব ৰিয়েল মাদ্ৰিদৰ সৈতে আনুষ্ঠানিক চুক্তি সম্পন্ন কৰে। এই চুক্তি অনুসৰি কুকোৰেয়াই বিশ্বকাপৰ পাছত লা লিগাত অৱতীৰ্ণ হ’ব। ৰিয়েল মাদ্ৰিদ কৰ্তৃপক্ষই সোমবাৰে আনুষ্ঠানিকভাৱে এই চুক্তিৰ কথা সদৰী কৰিছে।

সাতাইশ বছৰ বয়সীয়া লেফ্ট বেক ডিফেণ্ডাৰ কুকোৰেয়া বৰ্তমান বিশ্বৰ অন্যতম শ্ৰেষ্ঠ লেফ্ট বেক হিচাপে পৰিচিত। ইংলেণ্ডৰ সংবাদ মাধ্যম বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি, ৰিয়েল মাদ্ৰিদৰ সৈতে তেওঁৰ ছবছৰৰ বাবে ছকোটি ইউৰোৰ এক বৃহৎ চুক্তি সম্পন্ন হৈছে, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৬৬০ কোটি টকাৰ সমতুল্য। ২০২২ চনত ব্ৰাইটনৰ পৰা চেলচিত যোগদান কৰা কুকোৰেয়াই শেহতীয়াকৈ চেলচি কৰ্তৃপক্ষৰ কিছুমান সিদ্ধান্তক লৈ অসন্তুষ্ট হৈ আছিল। যাৰ বাবেই তেওঁ ইংলিছ প্ৰিমিয়াৰ লীগ এৰি নিজ দেশৰ ক্লাবৰ সৈতে চুক্তিবদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে, প্ৰখ্যাত প্ৰশিক্ষক হোছে ম’ৰিনহোৱে ৰিয়েল মাদ্ৰিদৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এয়াই হৈছে ক্লাবটোৰ প্ৰথমটো খেলুৱৈ নিযুক্তি।

Apply Now

ৰিয়েল মাদ্ৰিদৰ সভাপতি ফ্ল’ৰেণ্টিনো পেৰেজৰ নেতৃত্বত ক্লাবটোৱে তেওঁলোকৰ ডিফেঞ্চ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আন কেইগৰাকীমান খেলুৱৈকো চুক্তিবদ্ধ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত লিভাৰপুলৰ চেণ্টাৰ বেক ইব্ৰাহিমা কোনাটে আৰু ইণ্টাৰ মিলানৰ ৰাইট বেক ডেনজেল ডামফ্ৰিজৰ নাম বিশেষভাৱে চৰ্চাত আছে। আনহাতে, বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত যুটীয়াভাৱে অনুষ্ঠিত হৈ থকা আৰু ৪৮ খন দেশৰ অংশগ্ৰহণৰে চলিত এই ফিফা বিশ্বকাপৰ যোৱা ১১ জুনত মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মেচখনেৰে শুভাৰম্ভণি ঘটিছিল। অহা ১৯ জুলাইলৈকে এই প্ৰতিযোগিতাখন চলিব বুলি ফিফাই জানিবলৈ দিছে।

বৰ্তমান কুকোৰেয়াই স্পেইনৰ ৰাষ্ট্ৰীয় দলৰ সৈতে বিশ্বকাপৰ মেচসমূহৰ বাবে প্ৰস্তুতি চলাই আছে। চলিত বিশ্বকাপৰ যাত্ৰা সমাপ্ত হোৱাৰ পাছতহে তেওঁ আনুষ্ঠানিকভাৱে ৰিয়েল মাদ্ৰিদৰ শিবিৰত যোগদান কৰিব আৰু স্পেনিছ লা লিগাত নিজৰ নতুন ফুটবল যাত্ৰা আৰম্ভ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd