শুৱালকুছিত ছাত্ৰ সন্থাই গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ সময়ত অসম আৰক্ষীয়ে কৰা বৰ্বৰ অত্যাচাৰৰ বিৰুদ্ধে আৰু কা’ বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ।
মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্ত গগৈৰ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক আছু সদ্যসই আজি মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলি ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত।
আছুৰ প্ৰতিবাদৰ সময়ত মাৰ্ঘেৰিটা আৰক্ষীয়ে মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহত বাধা দিওঁতে আৰক্ষীৰে হতাহতিৰো সৃষ্টি হয় ফলত অধিক উত্তাল হৈ পৰে প্ৰতিবাদস্থলী।
আনহাতে আৰক্ষীৰ এনে কাৰ্য্যক ভেৰণীয়া বাহিনী আখ্যা দিয়ে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ৰুপম বৰুৱাই।
তেওঁ লগতে কয় যে আৰক্ষীয়ে নিজৰ বিবেক বুদ্ধিৰে পৰিচালনা হ’ব লাগে।
আজিৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে আছু কৰ্মীক বাধা দিয়া কাৰ্য্যক সহজ ভাৱে ল’ব পৰা নাই মাৰ্ঘেৰিটা আছুৱে।
এনে আৰক্ষীক নাকী লগাবলৈ আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্ত গগৈয়ে।





