• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ৩১ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

আফছাকে ধৰি ৰাজ্যত প্ৰযোজ্য হৈ থকা সকলো দমনমূলক আইন বাতিলৰ দাবী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 3, 2021 4:03 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গো সুৰক্ষা আইনৰ নামত বৰ্তমানৰ বিজেপি চৰকাৰে খৰ্ব কৰিব বিচাৰিছে মানুহৰ জীৱন -জীৱিকাৰ অধিকাৰ। একেদৰে চলিছে এতিয়া ৰাজনৈতিক কু-অভিসন্ধিত অসমীয়াৰ মুখৰ ভাষা কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ ৷ এই মন্তব্য মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা বুবুমণি গোস্বামীৰ৷

উল্লেখ্য যে বঙাইগাঁও জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত মঙলবাৰে বঙাইগাঁৱৰ টেঙাইগাঁওস্থিত লাইব্ৰেৰিয়ান ক্লাবত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা সংগঠনটোৰ ৩১ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই মাছৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টাগৰাকীয়ে এইদৰে কয় ৷

Apply Now

নিজৰ ভাষণত অলফাকে ধৰি বিভিন্ন বিদ্ৰোহী সংগঠন সমূহে আলোচনাৰ বাবে আগবাঢ়ি অহাৰ পিছত সম্প্ৰতি মানৱ অধিকাৰ উলংঘনৰ ঘটনা কিছু হ্ৰাস পাইছে যদিও বৰ্তমানো থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰত বিভিন্ন ৰূপত ৰাষ্ট্ৰৰ নিৰ্যাতন অব্যাহত আছে বুলি উল্লেখ কৰি মাছৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৰাজনৈতিক অভীপ্সা সিদ্ধিৰ বাবে চৰকাৰী ভাৱেই পুনৰ অসমক অশান্ত কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হোৱা বুলিও অভিযোগ কৰে।

নব্বৈৰ দশকৰ ৰাষ্ট্ৰ সন্ত্ৰাস, শিহৰণকাৰী গুপ্তহত্যাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে খিলঞ্জীয়া অসমবাসীৰ অধিকাৰ ৰক্ষাৰ বাবে নীলিম আকাশত মাছৰ পতাকাখন উজ্জীৱিত কৰি তুলিবলৈ সকলোকে আহ্বান জনায়। মাছৰ কাৰ্যকৰী অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰ্ষীয়ান আইনবিদ বিজয় চৌধুৰীয়ে মাছৰ জন্মৰ পটভূমি বিশ্লেষণ কৰি বৰ্তমান সময়তো সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ সাব্যস্তৰ বাবে মাছৰ প্ৰয়োজনীয়তা উপলদ্ধি কৰি মাছক অধিক গতিশীল আৰু শক্তিশালী কৰাৰ সপক্ষে মত ব্যক্ত কৰে।

টেঙাইগাঁও হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক অজিত সৰকাৰে উদ্বোধন কৰা মুকলি সভাত বিশিষ্ট অতিথিৰ ভাষণত বিশিষ্ট আইনবিদ ভূপতি ৰঞ্জন গোস্বামীয়ে ন্যায়ালয় সমূহত বিচাৰৰ ৰায় আঞ্চলিক ভাষাত প্ৰদান কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে দিয়া মন্তব্যৰ উদ্ধৃতিৰে মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাসংগিকতা উপলব্ধিৰে মাছক অধিক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায়।

মাছৰ কেন্দ্রীয় সমিতিৰ ভাৰপ্ৰাপ্ত সচিব প্রধান লক্ষীপ্রসাদ ডেকাই আঁত ধৰা মুকলি সভাত বিশিষ্ট আইনবিদ তপন দাস আৰু অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক সুজিত কুমাৰ ৰায়েও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে ৷

যোগেশ নাথৰ ৰচনা, জ্যোতিন্দ্ৰ নাথ অধিকাৰীৰ সুৰ আৰু পৰিচালনাৰে “মানৱ অধিকাৰ” শীৰ্ষক মাছৰ শীৰ্ষ সংগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভাত মাছৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সচিব প্ৰশান্ত কুমাৰ মোদক, বিত্ত সচিব বুধেন বৰা, কেন্দ্ৰীয় সদস্য প্ৰফুল্ল কুমাৰ দাস, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হাচিবুল ইছলাম , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ব্ৰজেন বৰুৱা, বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা মাখন ৰাভা আদি সন্মানীয় অতিথি আৰু আন বিভিন্নজন নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷

উল্লেখ্য যে মঙলবাৰৰ প্ৰতিষ্ঠা দিৱসতে আফছাকে ধৰি ৰাজ্যত প্ৰযোজ্য হৈ থকা সকলো দমনমুলক আইনৰ প্ৰতিবাদ জনাই সকলো ক’লা আইন বাতিলৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় সমিতিৰ উপাধ্যক্ষ ৰহিন্দ্ৰ সিংহই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে মনোৰঞ্জন বৰ্মনে।

ইপিনে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ৩১ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত মাছৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ উপাধ্যক্ষ ৰহিন্দ্ৰ সিংহই আৰু ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে শ্বহীদ পৰিয়ালৰ সদস্য ভাৰত ৰায়ে।

বন্তি প্ৰজ্জ্বলন কৰে শ্বহীদ পৰিয়ালৰ সদস্য বেণী মাধৱ সিংহই। পুৱা ১০ বজাত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে মাছৰ বঙাইগাঁও জিলা সমিতিৰ অধ্যক্ষ বিজয় নাৰায়ণ বৰুৱাই। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে বঙাইগাঁও জিলা মাছৰ সচিব বিকাশ কৰ্মকাৰে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd