ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ বিভিন্ন পঞ্চায়তত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
পঞ্চায়ত সমূহত কৃষকৰ নামৰ তালিকাত স্থান পাইছে অ-খেতিয়কে, পঞ্চায়ত সদস্য, সভানেত্ৰীৰ স্বামী, পৰিয়ালৰ আন লোকে।
আনহাতে টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনৰ দিহিঙীয়া কলিতা গাঁৱৰ ১৬৮ জন হিতাধিকাৰীয়ে মধ্য যোৰহাট উন্নয়ন খণ্ডতো দিহিঙীয়া কলিতা গাওঁ হিচাপে একেখিনি হিতাধিকাৰীয়ে ধন লাভ কৰিছে। অথচ মধ্য যোৰহাট উন্নয়ন খণ্ডত নাই দিহিঙীয়া কলিতা নামৰ কোনো গাঁও।
এই লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয়তাবাদী যু্ৱ ছাত্র পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে।
জানিব পৰা মতে এই আঁচনিৰ তালিকা পঞ্চায়তৰ প্ৰতিনিধিয়ে প্ৰস্তুত কৰিছে আৰু তাত কোনোধৰণৰ হস্তক্ষেপ কৰিবলৈ দিয়া নাই চৰকাৰী কৰ্মচাৰীক, সেয়ে অকৃষকো এই আঁচনিৰ অন্তৰ্ভূক্ত হৈছে বুলি সদৰি কৰিছে বামুণপুখুৰী পঞ্চায়তৰ দায়িত্ব থকা কৃষি সম্প্ৰসাৰণ সহায়ক তুলেশ গগৈয়ে।
ইতিমধ্যে কৃষি মন্ত্ৰীয়ে সমগ্ৰ ৰাজ্যতে এই কেলেংকাৰী সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে। সেয়ে এতিয়া কৃষি মন্ত্ৰীয়ে ঘোষণা কৰা তদন্তত পুনৰ নিকাভাৱে তালিকা প্ৰস্তুত কৰি প্ৰকৃত হিতাধীকাৰীক আঁচনি প্ৰদান কৰিব পাৰিব বুলি আশা কৰিছে।