• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০৮ মৃত্যুঞ্জয় সেৱাৰ নামত ভয়ংকৰ দুৰ্নীতি : জিভিকে ইএমআৰআই(GVK EMRI)ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰ্মচাৰী সন্থাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2025 8:21 pm
369
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ জৰুৰীকালীন স্বাস্থ্য সেৱা ‘১০৮ মৃত্যুঞ্জয়’ৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম। চৰকাৰ আৰু ৰাইজক অন্ধকাৰত ৰাখি ১০৮ সেৱা পৰিচালনা কৰা সংস্থা ‘জি ভি কে ই এম আৰ আই’য়ে (GVK EMRI) চলাইছে লুণ্ঠনৰাজ। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই। বিগত ১ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ চচলত ধৰ্মঘট পালন কৰি অহা কৰ্মচাৰী সন্থাই সংস্থাটোৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক তথ্য ৰাজহুৱা কৰিছে।

সন্থাই অভিযোগ কৰা মতে, অসমত এই সেৱাৰ নামত ৮০৩ খন এম্বুলেন্স আছে যদিও ইয়াৰে প্ৰায় ১৫০ ৰ পৰা ২০০ খন গাড়ী কেৱল দিনৰ ভাগতহে চলোৱা হয়। নিয়ম অনুসৰি এখন গাড়ীত চাৰিজন কৰ্মচাৰী ( দুজন ই এম টি আৰু দুজন পাইলট) থাকিব লাগে যদিও, ধন বচাবৰ বাবে সংস্থাটোৱে মাত্ৰ এজন ই এম টি আৰু এজন পাইলটেৰে গাড়ী চলাই বাকী দুজন কৰ্মচাৰীৰ দৰমহা আত্মসাৎ কৰি আহিছে। তদুপৰি, কাৰিকৰী বিজুটিৰ বাবে বহু গাড়ী গেৰেজত পৰি থকাৰ ফলত প্ৰতিদিনে প্ৰায় ৫০ শতাংশ গাড়ী সেৱাৰ বাবে উপলব্ধ নহয়।

Apply Now

ইপিনে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানক দেখুৱাবৰ বাবে সংস্থাটোৱে কৰ্মচাৰীৰ ভুৱা তালিকা প্ৰস্তুত কৰাৰো অভিযোগ উঠিছে। সন্থাই দাবী কৰা মতে, প্ৰায় ৩৯০০ কৰ্মচাৰীৰ প্ৰয়োজন হোৱা ঠাইত বৰ্তমান মাত্ৰ ২৮০০ মান কৰ্মচাৰীহে আছে। অথচ চৰকাৰক জমা দিয়া তালিকাত মৃত ব্যক্তি, চৰকাৰী চাকৰিয়াল আৰু বৰ্খাস্ত হোৱা ব্যক্তিৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে।

কৰ্মচাৰী সন্থাই লগতে জানিবলৈ দিয়ে যে, বহু এম্বুলেন্সৰ কোনো বীমা নাই আৰু পৰিবহণ বিভাগৰ নিৰ্দেশনা অমান্য কৰি ফিটনেছ নথকা গাড়ী চলাবলৈ চালকক বাধ্য কৰোৱা হয়। আনকি AS 01 FC 6438, AS 01 FC 8714, AS 01 EC 7924, AS 01 EC 8829 আদি নম্বৰৰ কেইবাখনো বিকল এম্বুলেন্স গেৰেজত বা বিষয়াৰ ঘৰত পেলাই থৈ, সেই গাড়ীৰ জিপিএছ মটৰ চাইকেলত লৈ গাড়ী চলি থকা দেখুৱাই ভুৱা বিলৰ জৰিয়তে চৰকাৰী ধন হৰলুকি কৰি অহা হৈছে।

নৌকা এম্বুলেন্সৰ ক্ষেত্ৰতো একেই দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে। কাগজ-কলমে ৫ খন নৌকা এম্বুলেন্স চলি থকা বুলি দেখুৱাই হিতাধিকাৰী বিষয়াই ভুৱা বিল বনাই আছে যদিও বাস্তৱত ৪ খনেই অচল হৈ পৰি আছে। ইফালে জৰুৰীকালীন ফোন গ্ৰহণ কৰা কেন্দ্ৰটোতো পৰ্যাপ্ত কৰ্মচাৰী নথকাৰ বাবে ৰোগীয়ে যথা সময়ত সেৱা লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে।

বৰ্তমান চলি থকা কৰ্মবিৰতিৰ সময়ছোৱাত চৰকাৰক দেখুৱাবৰ বাবে অ-প্ৰশিক্ষিত লোকৰ দ্বাৰা এম্বুলেন্স সেৱা চলাই এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা বুলিও সন্থাই অভিযোগ কৰে। এই অ-প্ৰশিক্ষিত কৰ্মচাৰীসকলক ভুৱা ‘কেছ’ সৃষ্টি কৰাৰ লক্ষ্য বান্ধি দিয়া হৈছে, যাৰ ফলত প্ৰকৃত ৰোগী সেৱাৰ পৰা বঞ্চিত হৈছে। এনে অদক্ষ কৰ্মচাৰীৰ বাবে শেহতীয়াকৈ বহু গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ লগতে প্ৰসূতি আৰু জৰুৰীকালীন ৰোগীৰ মৃত্যুৰ দৰে ঘটনাও সংঘটিত হৈছে। আনকি একাংশ কৰ্মচাৰী ড্ৰাগছ সৰবৰাহতো জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই এই সমগ্ৰ বিষয়টোৰ ওপৰত উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ আৰু ৰাইজক সজাগ হ’বলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd