জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত আজি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ডিমৌতো দেখা গ’ল। ৰাজ্যৰ ৬০ টাতকৈয়ো অধিক সংগঠনে আহ্বান কৰা অসম বন্ধৰ প্ৰতি সঁহাৰি জনাই আজি ডিমৌৰ সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ হৈ পৰে।
শাসকীয় বি জে পি চৰকাৰখনে যি আইন ৰূপায়ন কৰি বিদেশীসকলক নাগৰিকত্বৰ অধিকাৰ দি সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে আৰু অসমীয়া ৰাইজক হেয় প্ৰতিপন্ন কৰাৰ যি চেষ্টা চলাইছে তাক লৈ সদৌ টাই আহোম ছাত্ৰ সন্থা ডিমৌ আঞ্চলিক সমিতিয়ে আজি তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে ডিমৌৰ পুৰণা পাৰিজাত চিনেমাহলৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সৱ্যস্ত কৰে।
তেওঁলোকে লগতে শাসকীয় চৰকাৰ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিপক্ষে বিভিন্ন শ্ল’গানেৰে ডিমৌ চাৰিআলি উত্তাল কৰি তোলে।
আজিৰ অসম বন্ধটোৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে আটাছু শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি গোবিন গগৈ, সম্পাদক নিপন বৰুৱা আৰু ডিমৌ আঞ্চলিকৰ সম্পাদক সুমিত কুমাৰ সন্দিকৈয়ে ডিমৌৰ ৰাইজক ডিমৌ আঞ্চলিক আটাছু সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনায়।
সন্দিকৈয়ে লগতে কয় যে যদিহে চৰকাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৬’ বাতিল নকৰে তেনেহ’লে অনাগত দিনত পৰিস্থিতি অধিক ভয়াবহ হ’ব।