• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফা (স্বাঃ)লৈ ‘অপ্ৰকাশ্য’ সমৰ্থন! সংবাদ মাধ্যমলৈ আঙুলি তুলি মোদীলৈ পত্ৰ

অভিযোগকাৰী বিশ্বজিৎ নাথে ইয়াৰ পূৰ্বে বুদ্ধিজীৱী হীৰেন গোহাঁই আৰু প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে গোচৰ তৰিছিল।

এন ই নাও নিউজ by এন ই নাও নিউজ
November 29, 2018 9:50 am
biswajit nath against ULFA-I copy

আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱা আৰু অভিযোগকাৰী বিশ্বজিৎ নাথ। ছবি- ফে’চবুক আৰু ডি এন এ’ ইণ্ডিয়াৰ পৰা।

2.2k
VIEWS
Share on FacebookShare on Twitter

নিষিদ্ধ সংগঠন আলফা (স্বাধীন)লৈ ‘‘অপ্ৰকাশ্য সমৰ্থন’’ দানৰ অভিযোগেৰে অসমৰ ‘‘একাংশ’’ সংবাদ মাধ্যমলৈ আঙুলি তুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে ‘‘সচেতন নাগৰিক’’ৰূপে পৰিচয় দিয়া গুৱাহাটীৰ বিশ্বজিৎ নাথ নামৰ এজন লোকে।

দিচপুৰ প্ৰেছ ক্লাবৰো কাৰ্য্যকৰী সভাপতি নাথৰ মতে “সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চল আৰু বিশেষকৈ অসমৰ উন্নতিৰ বাবে প্ৰধান মন্ত্ৰীয়ে লোৱা নিষ্ঠাৱান উদ্যোগক পথভ্ৰষ্ট কৰাৰ” “একধৰণৰ মিছনত নামি পৰিছে অসমৰ কিছুমান ছপা আৰু ইলেকট্ৰনিক মাধ্যম”।

biswajit nath-ulfa
মোদীলৈ নাথৰ পত্ৰৰ প্ৰতিলিপি।

মোদীলৈ লিখা পত্ৰত নাথে নিষিদ্ধ আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাৰ এটা সাক্ষাৎকাৰ শেহতীয়াকৈ প্ৰকাশ কৰা অসমৰ এটা বিশেষ সংবাদ গোষ্ঠীৰ কথা বিশেষভাৱে উল্লেখ কৰিছে। “সন্ত্ৰাসবাদী কাৰ্য্যকলাপত পৰোক্ষ সমৰ্থন আৰু পৃষ্ঠপোষকতাৰে ই (পৰেশ বৰুৱাৰ সাক্ষাৎকাৰ প্ৰচাৰ) বে-আইনী কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ৰ এক স্পষ্ট ঊলংঘন,” দাবী নাথৰ।

“এছোৱা তুলনামূলকভাৱে শান্ত সময়ৰ” পিছত বুদ্ধিজীৱী, সাংবাদিক আৰু ৰাজনৈতিক নেতাৰ “ভেশত” ষড়যন্ত্ৰকাৰীয়ে অসমক পুনৰ আগৰ অশান্ত অৱস্থালৈ নিয়াৰ চেষ্টা কৰিছে বুলিও নাথে অভিযোগ কৰিছে। “তেওঁলোকৰ গাঁতৰ পৰা জোঙা দাঁতত নতুন বিষ লৈ ওলাই আহিছে,” অভিযোগ নাথৰ।

আনহাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ অসমীয়াৰ স্বাৰ্থৰ পৰিপন্থীৰূপে সাব্যস্ত কৰিবলৈ এই “ষড়যন্ত্ৰকাৰীসকলে” “আঞ্চলিক আৱেগ”ক ব্যৱহাৰ কৰা বুলিও তেওঁ প্ৰধান মন্ত্ৰীক অভিযোগ কৰিছে।

অভিযোগকাৰী বিশ্বজিৎ নাথে ইয়াৰ পূৰ্বে বুদ্ধিজীৱী হীৰেন গোহাঁই আৰু প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে গোচৰ তৰিছিল।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd