NORTHEAST NOW (Assamese)

কোভিড-১৯ত প্ৰতিৰোধৰ বাবে ব্যৱহৃত N95 মাস্কৰ উদ্ভাৱক গৰাকীক জানো আহক

April 27, 2020 11:42 am · এন ই নাও নিউজ

গোটেই বিশ্বই কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত অধিক সংখ্যক চিকিৎসকে সংক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ N95 শ্বাস গ্ৰহণক্ষম মাস্কৰ ওপৰত আস্থা প্ৰকাশ কৰিছে।

কিন্তু তেওঁলোকৰ অধিক সংখ্যকে নাজানে যে এই মাস্কৰ আৱিষ্কাৰক প্ৰকৃততে এগৰাকী টাৱাইনৰ ব্যক্তি।

এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ তথা মেটেৰিয়েল ছাইন্টিষ্ট, ড০ পীটাৰ ছাই N95মাস্ক তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় ইলেকট্ৰ’ষ্টেটিক চাৰ্জিং টেকন’লজিৰ উদ্ভাৱনৰ বাবে মান্যতাপ্ৰাপ্ত ব্যক্তি।

চিকিৎসা বৃত্তিধাৰীসকলৰ মাজত ই আটাইতকৈ উচ্চ গুণসম্পন্ন মেডিকেল মাস্ক হিচাপে পৰিচিত।

টেনেছি বিশ্ববিদ্যালয়ত ৩৫বছৰ অধ্যাপনা কৰাৰ পাছত  ২০১৯চনত অৱসৰ গ্ৰহণ কৰা ছাইয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ১২টা পেটেন্টৰ গৰাকী।

বাতৰি অনুসৰি, N95ৰ ‘N’ মানে হৈছে ‘নন ৰেছিষ্টেন্ট টু অইল’ আৰু ‘95’ য়ে মাস্কটোৰ ০.৩ মাইক্ৰন অনুকণাৰ ৯৫ শতাংশ বাধা দিব পৰা সক্ষমতাক বুজাইছে। ই ভাইৰেল কণা, ধূলিকণা, ফুলৰেণু আৰু কাৰ বা কাৰখানাৰ পৰা ওলোৱা প্ৰদূষিত বায়ু ৰোধ কৰিব পাৰে।

সাধাৰণ মাস্কতকৈ ছাইৰ মাস্কে প্ৰথমশাৰীৰ চিকিৎসা কৰ্মীসকলৰ বাবে নিৰন্তৰ সংক্ৰমণৰ শংকা থকা বায়ু অনুকণা ৰোধৰ বাবে দহগুণ অধিক সুৰক্ষা দিয়ে।

অৱশ্যে, টাৱাইনৰ অধ্যাপক গৰাকীয়ে অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰাৰ লগতে কাচিৎহে তেওঁৰ উদ্ভাৱনৰ সম্পৰ্কত আলোচনা কৰে।

Related News