• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত ২১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়ত পাঠদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা সন্দৰ্ভত সভা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 19, 2020 8:09 pm
IMG-20200919-WA0006
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড-১৯ সম্পৰ্কীয় সম্পূৰ্ণ স্বাস্থ্য বিধি মানি অহা ২১ ছেপ্তেম্বৰৰ পৰা সমগ্র ৰাজ্যখনৰ লগতে শিৱসাগৰ জিলাৰ ১৫৭ খন বিদ্যালয়তো আৰম্ভ কৰা হ’ব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া৷

এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰদান কৰা নিৰ্দেশনা সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে যোৱা ১৮ ছেপ্টেম্বৰ তাৰিখে অতিৰিক্ত উপায়ুক্ত জুনুমণি সোণোৱালৰ অধ্যক্ষতাত উপায়ুক্তৰ কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এখন সভা অনুষ্ঠিত হয়।

Apply Now

সভাত অতিৰিক্ত উপায়ুক্ত জুনুমণি সোণোৱালে বিদ্যালয় সমূহৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা সম্পৰ্কে জিলাখনৰ বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলক অৱগত কৰে।

তেওঁ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতে বিদ্যালয় সমূহৰ ছেনিটাইজেছন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে।

তেওঁ লগতে বিদ্যালয় সমূহত হাত ধোৱাৰ ব্যৱস্থা মজুত ৰখাৰ লগতে চাবোন আৰু হেণ্ড চেনিটাইজাৰৰ পৰ্যাপ্ত ব্যৱস্থা ৰাখিবলৈ কয়।

তেওঁ কয় যে, চৰকাৰী নিৰ্দেশনা মৰ্মে নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে তথা দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান মঙ্গলবাৰ, বৃহস্পতি আৰু শনিবাৰে কৰা হ’ব।

এই পাঠদান কাৰ্যসূচীত ৫০ শতাংশ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ উপস্থিতি থাকিব পাৰিব। একোটা শ্ৰেণীত ২০ গৰাকীতকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰিব বুলিও তেওঁ অৱগত কৰে।

পাঠদানৰ পূৰ্বে শিক্ষাৰ্থী সকলৰ ক’ভিড- ১৯ -ৰ পৰীক্ষা কৰোৱাব লাগিব বুলিও তেওঁ উল্লেখ কৰে।

সভাত বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিলে শ্রেণী সমূহ দুটা ভাগত- পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৪ বজালৈ কৰা হ’ব বুলি উল্লেখ কৰে।

পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতে অভিভাৱক সকলৰ পৰা লিখিত সন্মতি লোৱা হ’ব বুলিও তেওঁ কয়। শিক্ষক আৰু শিক্ষাৰ্থী সকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি সচেতনতা অৱলম্বন কৰিবলৈ তেওঁ বিদ্যালয়সমূহৰ প্ৰধান সকলক আহ্বান জনায়। তেওঁ বিদ্যালয়সমূহৰ প্ৰধান সকলক থাৰমেল স্কেনাৰৰ ব্যৱস্থা কৰিবলৈ কয়।

সভাত অংশগ্ৰহণ কৰি নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে বিদ্যালয়ৰ প্ৰধান সকলক শিক্ষাৰ্থী সকলৰ স্বাৱ পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগক আগতীয়াকৈ তালিকা প্ৰেৰণ কৰিবলৈ আহ্বান জনায় যাতে পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া হয়।

তেওঁ লগতে পাঠদানৰ প্রথম দিনাই শিক্ষাৰ্থী সকলক অন্ততঃ ১৫ মিনিট সময় ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া সতৰ্কতামূলক ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰিবলৈ কয়।

সভাত ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে স্বাস্থ্য বিভাগৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। তেওঁ শিক্ষক সকলক নিজৰ লগতে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য সম্পৰ্কে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়।

এই সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতিনিধিও উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm
পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm
পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd