• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱালে নোৱাৰিলে; গৃহমন্ত্ৰীক সাক্ষাৎ কৰি বিতৰ্কিত বিধেয়কৰ বিৰোধিতা চুবুৰীয়া দুই ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2019 9:50 am
H2019011861772-750x375

নতুন দিল্লীত শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এক বৈঠকত মিলিত হৈছে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰাম থাংগা।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখেইখনক বিশেষভাৱে ক্ষতি কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ এজনৰ পাছত আন এজন মুখ্য মন্ত্ৰীয়ে সৰৱ হৈ পৰাৰ বিপৰীতে অসমৰ মুখ্য মন্ত্ৰী সোণোৱালে বিধেয়কখনৰ সপক্ষে ওকালতি কৰি ৰাইজৰ ৰোষত পৰিবলগীয়া হৈছে।

চুবুৰীয়া ৰাজ্য মেঘালয় আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী দুগৰাকীয়ে হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব খোজা বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাৰ বিপৰীতে অসমৰ মুখ্য মন্ত্ৰী সোণোৱালে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কৰণীয় একো নাই বুলি কৌশলী স্থিতি গ্ৰহম কৰি অসম আৰু অসমীয়াৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই অনা বিষয়টোৰ পৰা আঁতৰি ফুৰিছে।

Apply Now

শুকুৰবাৰে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰাম থাংগাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাৰ বিপৰীতে ‘জাতীয় নায়ক’ সোণোৱালে জাতিধ্বংসী বিধেয়কখনৰ সমৰ্থনতহে বক্তৱ্য আগবঢ়াইছে।

উত্তৰ-পূবক কংগ্ৰেছমুক্ত কৰাৰ লক্ষ্যৰে গঠিত নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্সৰ (নেডা) অংশীদাৰ হৈও মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন এন পি পি আৰু মিজোৰামৰ জোৰাম থাংগা নেতৃত্বাধীন এম এন এফ দলে বিৰোধিতা কৰিছে বিধেয়কখনৰ।

শুকুৰবাৰে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই ৯জন কেবিনেট সতীৰ্থসহ আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী থাংগাই নতুন দিল্লীত গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি বিধেয়কখন বাতিলৰ দাবী জনায়। তদুপৰি, মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমাই বিধেয়কখন বাতিল নকৰিলে চূড়ান্ত সিদ্ধান্ত লোৱাৰ হুংকাৰো দিয়ে।

জানিব পৰা মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে সাক্ষাৎকালত চুবুৰীয়া ৰাজ্যৰ মুখ্য মন্ত্ৰীদ্বয়ক বিধেয়ক সন্দৰ্ভত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছে।

আনহাতে, সংবাদ মাধ্যমৰ আগত মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমাই উত্তৰ-পূবৰ মুখ্য মন্ত্ৰীসকলক নিজৰ ৰাজনৈতিক দলৰ পৰিসৰৰ বাহিৰলৈ ওলাই আহি বিধেয়কখনৰ বিৰুদ্ধে মাত মাতিবলৈকো আহ্বান জনাইছে।

উত্ৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিতৰ্কিত বিধেয়কখনৰ মুকলিকৈ বিৰোধিতা কৰি চুবুৰীয়া দুখন ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে সৰৱ হৈ পৰাৰ বিপৰীতে আঞ্চলিক জাতীয়তাবাদৰ ধ্বজাধাৰী সোণোৱালে বিজেপিলৈ গৈ মুখ্য মন্ত্ৰীৰ গাদী ৰক্ষাৰ স্বাৰ্থতে জাতিধ্বংসী বিধেয়কখনক সমৰ্থন কৰি অসমবাসীক সংকটৰ মাজলৈ ঠেলি দিব বিচাৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd