• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অশান্তিৰ জুইত জ্বলিছে মণিপুৰ; বিজেপিক ‘বৰ্জন’ মেইটেই গোষ্ঠীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:05 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন বীৰেণ সিং চৰকাৰৰ পদত্যাগৰ পিছতো নতুনকৈ নিৰ্বাচন অনুষ্ঠিত নহ’ল। ৰাষ্ট্ৰপতিৰ শাসনৰ প্ৰায় এবছৰৰ অন্তত পুনৰ মণিপুৰত গঠন হ’ল বিজেপি চৰকাৰ। কিন্তু তাৰপিছৰে পৰাই উত্তৰ-পূবৰ এই ৰাজ্যখনত পুনৰ হিংসাই মূৰ তুলিছে।

চলিত মাহৰ আৰম্ভণিতে বি এছ এফৰ এজন জোৱানৰ ঘৰত ৰকেট আক্ৰমণত দুটি শিশুৰ মৃত্যুৱে হিংসাৰ জুইত ইন্ধন যোগাইছে। বন্ধ, শোভাযাত্ৰা, প্ৰতিবাদৰ বাবে প্ৰায় প্ৰতিদিনে বৃদ্ধি পাইছে অশান্তিৰ মাত্ৰা।

Apply Now

অভিযোগ উত্থাপন হৈছে যে বিজেপি চৰকাৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হৈছে। এনে পৰিস্থিতিত প্ৰভাৱশালী মেইটেই সংগঠনৰ মণিপুৰ সমন্বয় সমিতিয়ে (কোকোমি) দেওবাৰে ৰাজ্যত বিজেপি বৰ্জনৰ আহ্বান জনায়।

সংগঠনটোৱে বিজেপি নেতাসকলৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰিবলৈ অনুৰোধ জনাইছে। অভিযোগ উত্থাপন হৈছে যে সাধাৰণ মানুহৰ ওপৰত আক্ৰমণ ৰোধ কৰাত প্ৰশাসন ব্যৰ্থ হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী জুমনাম খেমচান্দ সিঙৰ পৰাও কোকোমিয়ে বিবৃতি বিচাৰিছে।

সংগঠনটোৰ সদস্য শান্ত নাহকপামে কয়, “এইখন এখন স্বঘোষিত চৰকাৰ। ৰাজ্যৰ কোনো সম্প্ৰদায়ৰ সৈতে মুখ্যমন্ত্ৰীৰ কোনো সম্পৰ্ক নাই। ড্ৰাগছ উগ্ৰপন্থীৰ মূল এজেণ্ডা হৈছে নিৰীহ লোকক হত্যা কৰা। সেই কথা তেওঁ পাহৰি গৈছে।”

কোকোমিৰ দাবী যে মণিপুৰৰ জনসাধাৰণৰ বিৰুদ্ধে ছাঁয়া যুদ্ধ চলি আছে। অৱশ্যে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কেন্দ্ৰই। ইয়াৰ বাবে দায়ী বিজেপি। শান্তাৰ কটাক্ষ, “এই ছাঁয়া যুদ্ধৰ বিষয়ে মুখ্যমন্ত্ৰী আৰু প্ৰশাসনে কোনো উত্তৰ দিব পৰা নাই। সেয়ে কোকোমিয়ে মণিপুৰৰ বিজেপিৰ সকলো কাৰ্যসূচী বৰ্জনৰ আহ্বান জনাইছে।”

আনহাতে, সংযুক্ত নগা পৰিষদে দুজন নগা লোকৰ মৃত্যুৰ প্ৰতিবাদত তিনিদিনীয়া বন্ধৰ আহ্বান জনাইছে। ২০ এপ্ৰিলৰ মাজনিশাৰ পৰা ২৩ এপ্ৰিললৈ নগা অধ্যুষিত অঞ্চলত অব্যাহত থাকিব বন্ধ। বিষ্ণুপুৰৰ বি এছ এফৰ জোৱানৰ ঘৰত আক্ৰমণৰ পিছতে জনতাৰ ক্ষোভৰ সৃষ্টি হৈছে। প্ৰতিবাদৰ জুই সকলো দিশতে বিয়পি পৰিছে। সাধাৰণ মানুহে ৰাজপথলৈ ওলাই আহিছে।

যোৱা ৮ এপ্ৰিলত যেতিয়া প্ৰতিবাদকাৰীয়ে চি আৰ পি এফ শিবিৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া পৰিস্থিতি অগ্নিগৰ্ভ হৈ পৰে। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় তিনিজন লোক। আহত হয় ৩০ জন। সেইদৰে, ১৪ এপ্ৰিলত বিষ্ণুপুৰত ১৪ জন প্ৰতিবাদকাৰী আহত হৈছিল।

শনিবাৰে ইম্ফল পশ্চিমত স্মোক বোমা আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়া হয়। মহিলা গোট আৰু নাগৰিক সংগঠনে আহ্বান জনোৱা পাঁচ দিনীয়া বন্ধৰ ফলত ইম্ফলত জনজীৱন ব্যাহত হৈ পৰিছে। বন্ধ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰে আবেদন জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd