NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত পুনৰ বিৰিয়ানী বিতৰ্ক: এইবাৰ বিৰিয়ানীত ওলাল গেলা মাংস

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ July 10, 2022 9:42 pm
Biriyani

হোটেল অথবা ৰেষ্টুৰাৰ খাদ্য আপোনাৰ খুব প্ৰিয় নেকি? যদি প্ৰিয় এই খাদ্য খোৱাৰ আগত ভালকৈ চাই ল’ব খাদ্যৰ গুণাগুণ। কাৰণ ৰাজ্যত এতিয়া বহু হোটেল বা ৰেষ্টুৰাৰ খাদ্য আপোনাৰ বাবে অস্বাস্থ্যকৰ হ’ব পাৰে।

অস্বাস্থ্যকৰ পৰিৱেশত এনে হোটেলত গ্ৰহণ কৰা খাদ্য আপোনাৰ বাবে বৰবিহ হব পাৰে। আজি পুনৰ তেনে অনুৰূপ ঘটনা ঘটিল বিশ্বনাথ চাৰিআলিত।

আজি কিছু দিনৰ পূৰ্বে বিশ্বনাথৰ নগৰত থকা “Delhi ki mashoor Chiken Biryani” নামৰ হোটেল খনত বিৰিয়ানিৰ মাজত শামুক ওলোৱাকলৈ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য।

আজি পুনৰ এইখন হোটেল বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিছে। এইবাৰ এই বিতৰ্কিত হোটেলখনত গ্ৰাহকক দিয়া বিৰিয়ানীত ওলাল গেলা মাংসৰ টুকুৰা। গ্ৰাহকে এসাঁজ জুতি লগাই খাবলৈ অহা আশাত যেনে চেচা পানী ঢালিলে গেলা মাংস‌ই।

কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে গ্ৰাহকে সংবাদ মাধ্যমৰ আগত দ্বিতীয় বাৰৰ বাবে এই ৰেষ্টুৰাখনৰ ওপৰত অনা অভিযোগৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিশ্বনাথ জিলা প্ৰশাসনৰ সংশ্লিষ্ট কৰ্তৃপক্ষই।

এনে দৰেই অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত গ্ৰাহকক আপ্যায়ন কৰা ভেজাল খাদ্যই গ্ৰাহকক বিপদৰ মুখলৈ ঠেলি দিয়াৰ স্পষ্ট প্ৰমাণ পোৱাৰ পাছতো কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।