• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ কলংপাৰ বিদ্যাপীঠত মানসিক স্বাস্থ্য সজাগতা কাৰ্যসূচী

নগাঁও চহৰত ড্ৰাগছৰ আসক্তি ক্ৰমশঃ বৃদ্ধিত উদ্বেগ প্ৰকাশ বিভিন্ন জনৰ

মুৰলী বৰুৱা by মুৰলী বৰুৱা
April 8, 2021 6:51 pm
a nagaon
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বৰ্তমান সময়ত সকলো স্তৰৰ মানুহৰ মাজতে হতাশাৰ পৰিমাণ বৃদ্ধি হৈছে । জীৱনত পোৱা-নোপোৱাৰ হিচাপ-নিকাচ, সাম্প্ৰতিক বিভিন্ন পৰিঘটনাক লৈ নানা হতাশাৰ উদ্ৰেক হৈছে । বৰ্তমানৰ পৰিৱেশো বহুতৰে হতাশাৰ কাৰণ হৈছে’ ।

আজি কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত অনুষ্ঠিত মানসিক স্বাস্থ্য সজাগতা কাৰ্যসূচীত এনেদৰে মন্তব্য কৰে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডা: মনালী কাকতিয়ে ।

Apply Now

নগাঁও জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ উদ্যোগত কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সহযোগত অনুষ্ঠিত সজাগতা সভাত মনোৰোগ বিশেষজ্ঞগৰাকীয়ে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৃদ্ধি পোৱা বিভিন্ন হতাশা, ড্ৰাগছৰ প্ৰতি আসক্তি আদিৰ কথা দাঙি ধৰি এইবোৰৰ পৰা কিদৰে মুক্তি লাভ কৰিব পাৰি, সেই বিষয়ে মনোগ্ৰাহী বিশ্লেষণ আগবঢ়ায় ।

কাৰ্যসূচীত নৈদ্যানিক মনোবিজ্ঞানী গীতামণি বৰুৱাই বিস্তৃতভাৱে মানসিক ৰোগসমূহৰ ব্যাখ্যা দাঙি ধৰে আৰু সেইবোৰৰ পৰা মুক্ত হোৱাৰ উপায়সমূহ তুলি ধৰে ।

হতাশাৰ চৰম পৰিণতিয়ে কেতিয়াবা কাৰোবাৰ জীৱন নাশ কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে হতাশাৰ লক্ষণ প্ৰকাশ পালেই মনোৰোগ বিশেষজ্ঞৰ লগত কথা পতা উচিত । কথা পাতিলে বা আলোচনা কৰিলে  বহুত সমস্যাৰে সমাধান হয় বুলি মন্তব্য দি মনোবিজ্ঞানীগৰাকীয়ে হতাশাত ভোগা সকলক চূড়ান্ত ভুল সিদ্ধান্ত লোৱাৰ পৰিবৰ্তে তাৎক্ষণিকভাৱে মনোৰোগ বিশেষজ্ঞ অথবা কোনো জ্যেষ্ঠ সুহৃদৰ লগত কথা পাতিবলৈ আৰু সমস্যাৰ নিৰাকৰণৰ প্ৰচেষ্টা কৰিবলৈ আহ্বান জনায় ।

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বৰ্তমানৰ অধ্যক্ষ পদুম ৰাজখোৱাই উদ্দেশ্য ব্যাখ্যা কৰা কাৰ্যসূচীত মনোৰোগ সমাজসেৱিকা মণিমালা বৰায়ো ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বিভিন্ন পৰামৰ্শ প্ৰদান কৰে।

সমাজসেৱিকাগৰাকীয়ে মানসিক ৰোগৰ বিভিন্ন উদাহৰণ দাঙি ধৰি মানসিক ৰোগমুক্তিয়ে এখন ঘৰ, এখন সমাজ সুন্দৰ কৰি তোলে বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক সজাগ-সতৰ্ক হৈ নিজৰ জীৱনটো সুন্দৰভাৱে গঢ় দিবলৈ অনুৰোধ কৰে ।

  কলংপাৰ বিদ্যাপীঠৰ শিক্ষকসকল আৰু প্ৰথম বৰ্ষৰ দেৰ শতাধিক ছাত্ৰ-ছাত্ৰী কোভিদ প্ৰটোকল ৰক্ষা কৰি উপস্থিত থকা সভাত বিদ্যাপীঠৰ পৰিচালনা সমিতিৰ সভাপতি গিৰীন্দ্ৰকুমাৰ বৰুৱায়ো অভিজ্ঞতাৰ আধাৰত মনোৰোগ দূৰীকৰণৰ বিভিন্ন পৰামৰ্শ প্ৰদান কৰে।

স্বেচ্ছাসেৱী অনুষ্ঠান চাইনৰ সহযোগত অনুষ্ঠিত সভাত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ তথ্য সংৰক্ষক অৱনীতা শইকীয়াই আৰম্ভণিতে জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ ওপৰত চমুকৈ  আলোকপাত কৰে ।

আৰম্ভণিতে কলংপাৰ বিদ্যাপীঠৰ তৰফৰ পৰা মনোৰোগ বিশেষজ্ঞৰ দলটিক আদৰণি জনোৱা হয় । সজাগতা কাৰ্যসূচীত ড্ৰাগছৰ আসক্তি ক্ৰমশঃ বৃদ্ধি পোৱাৰ কথাও আলোচনা কৰা হয় ।

এই সৰ্বনাশী বৰবিহে কিদৰে জীৱন নিঃশেষ কৰিছে, তাৰ ব্যাখ্যা কৰি মনোৰোগ বিশেষজ্ঞ দলটিয়ে উঠি অহা প্ৰজন্মক সকলো সময়তে সজাগ সতৰ্ক হৈ এই সৰ্বনাশী আসক্তিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে ।

এই ক্ষেত্ৰত শিক্ষক, অভিভাৱক সকলোৰে সচেতনতাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি  ড্ৰাগছৰ কবলত পৰাজনক শুদ্ধ পথলৈ ঘূৰাই আনিবলৈ চৰকাৰে লোৱা ব্যৱস্থাসমূহৰ সুযোগ গ্ৰহণ কৰিবলৈ সকলোকে অনুৰোধ কৰে।

উল্লেখ্য যে নগাঁও চহৰত ড্ৰাগছৰ আসক্তি দিনে দিনে বৃদ্ধি পোৱাৰ সময়ত কলংপাৰ বিদ্যাপীঠৰ উদ্যোগক সকলোৱে প্ৰশংসা কৰিছে ।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd