• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছৰ আধা ঘণ্টাৰ ভিতৰতে তেওঁ এক যাদুকৰী মুহূৰ্তত ইতিহাসত নিজৰ নাম উজলাই তুলিছিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 7:51 am
99
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিঅ’নেল মেছিৰ বিশ্ব অভিলেখ। সৰ্বকালৰ সৰ্বাধিক স্ক’ৰাৰ হোৱাৰ অভিলেখ। আৰু সেই অভিলেখ গঢ়া মেচখনত অষ্ট্ৰিয়াক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ নকআউটত নিজৰ স্থান নিশ্চিত কৰিলে আৰ্জেন্টিনাই। স্বাভাৱিকতেই মেছিৰ পেনাল্টি মিছৰ বিফলতাও ঢাক খাই পৰিল তেওঁৰ যাদুকৰী দুটা গ’লত।

বিশ্বকাপৰ প্ৰথমখন মেচত আলজেৰিয়াক ৩-০ গ’লত পৰাস্ত কৰাৰ পিছত আৰ্জেণ্টিনাৰ প্ৰতি প্ৰত্যাশা বহখিনি বৃদ্ধি পায়। সোমবাৰে অষ্ট্ৰিয়াৰ বিৰুদ্ধে লিঅ’ মেছি আৰু লাউটাৰো মাৰ্টিনেজে আক্ৰমণাত্মক মুডত, নিজৰ চিনাকি ছন্দত আৰম্ভণি কৰে।

Apply Now

খেলখনৰ প্ৰথম কেইমিনিটমানৰ ভিতৰতে দুটা সুন্দৰ সুযোগৰ সৃষ্টি হয়। ইয়াৰে দ্বিতীয়টো আছিল পেনাল্টি স্পটৰ পৰা। আৰ্জেণ্টিনাৰ ষ্ট্ৰাইকাৰ মাৰ্টিনেজক একেলগে টেকেল কৰে অষ্ট্ৰিয়াৰ দুজন ডিফেণ্ডাৰে। প্ৰথমতে পেনাল্টি দিয়া হোৱা নাছিল। পিছত ভিডিঅ’ এচিষ্টেণ্ট ৰেফাৰীয়ে সেই টেকেলক ফাউল বুলি চিহ্নিত কৰে। আৰ্জেণ্টিনাই পেনাল্টি পায়।

লিঅ’ মেছিয়ে যেতিয়া বলটো পেনাল্টি স্পটত ৰাখিছিল, তেতিয়া সমগ্ৰ বিশ্বই এক উল্লাসৰ মুহূৰ্ত উদযাপন কৰিছিল। এনে লাগিছিল যেন ফুটবলৰ ৰাজকুমাৰে বলটো নেটত ভৰাই বিশ্বকাপৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গোলদাতাৰ খিতাপ শিৰত তুলি ল’ব। কিন্তু হায়! এই বিশ্ব মঞ্চত হৃদয় ভংগৰ কাহিনী। মেছিয়ে পেনাল্টি কিকটো নিকৃষ্টভাৱে লৈছিল। আনকি তেওঁ বলটো টাৰ্গেটতো ৰাখিব পৰা নাছিল।

সেই সময়ত এনে লাগিছিল যেন সেই পেনাল্টি মিছেই মেচখনৰ ভাগ্য নিৰ্ণয় কৰিব। কিন্তু মেছিৰ আন পৰিকল্পনা আছিল। সেই পেনাল্টি মিছৰ আধা ঘণ্টাৰ ভিতৰতে তেওঁ এক যাদুকৰী মুহূৰ্তত ইতিহাসত নিজৰ নাম উজলাই তুলিছিল। খেলখনৰ ৩৮ মিনিটত যেতিয়া মেছিয়ে সোঁফালৰ পৰা স্বাভাৱিক আৰু নিখুঁত দক্ষতাৰে বলটো নেটত সোমাই দিলে, তেতিয়া সমগ্ৰ ষ্টেডিয়াম উল্লাসত মতলীয়া হৈ পৰিল। ঠিক যেনেকৈ বিশ্বজুৰি মেছিৰ অনুৰাগীসকল আনন্দত উথলি উঠিল।

ঠিক ৪০ বছৰ আগতে আন এজন আৰ্জেণ্টিনাৰ মহানায়কে ২২ জুনৰ দিনটো বিশ্ব ফুটবলৰ ইতিহাসত স্থায়ীভাৱে অমৰ কৰি তুলিছিল। তেওঁ হৈছে ডিয়েগো আৰ্মাণ্ডো মাৰাডোনা। ৪০ বছৰ পূৰ্বে তেওঁ কৰা হেণ্ড অফ গড’ এতিয়াও ফুটবলৰ ইতিহাসত অমলিন হৈ আছে। সেই ২২ জুনতে বিশ্ব ফুটবলৰ বৰ্তমানৰ GOAT-য়ে নতুন ইতিহাসৰ সৃষ্টি কৰিলে। সৰ্বকালৰ বিশ্বকাপৰ গ’লদাতাৰ তালিকাত এতিয়া শীৰ্ষত আছে মেছি। মেছিৰ সেই গ’লেৰে হাফ টাইমলৈকে আৰ্জেণ্টিনা আগবাঢ়ি আছিল।

অৱশ্যে খেলখনৰ দ্বিতীয়াৰ্ধত খেলৰ গতি অলপ সলনি হয়। কেৱল ডিফেন্সত বহি থকাৰ পৰিৱৰ্তে অষ্ট্ৰিয়াইও পাল্টা আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। কেতিয়াবা, এটা বা দুটা ভাল সুযোগৰ সৃষ্টিও হৈছিল। যদিও অষ্ট্ৰিয়াই স্পষ্ট সুযোগ সৃষ্টি কৰিব নোৱাৰিলে। এটা ফ্ৰী কিকৰ পৰা কঠিন ছেভ কৰাৰ বাহিৰে আৰ্জেণ্টিনাৰ গ’লৰক্ষক এমি মাৰ্টিনেজে বিশেষ একো কৰিব লগা নহ’ল।

ইয়াৰ বিপৰীতে আৰ্জেন্টিনাই দুটাকৈ সুযোগে পাইছিল যদিও গ’ল দিয়া নহ’ল। দ্বিতীয়টো গ’লৰ বাবে ইনজুৰি টাইমলৈকে অপেক্ষা কৰিবলগীয়া হৈছিল আৰ্জেন্টিনাই। শেষত যেতিয়া সমগ্ৰ অষ্ট্ৰিয়াৰ দলটোৱে গ’লটো সমতা স্থাপনৰ প্ৰয়াসত আক্ৰমণত আছিল, তেতিয়া মেছিয়েই পাল্টা আক্ৰমণত এটা অনবদ্য গ’ল দিয়ে। বিশ্বকাপত এতিয়ালৈকে এইটো তেওঁৰ ১৮ সংখ্যক গ’ল।

লিঅ’ৰ গ’লেৰে আৰ্জেণ্টিনাৰ নকআউট নিশ্চিত হয়। আচলতে দ্বিতীয়খন মেচত প্ৰথমখন মেচৰ দৰে আৰ্জেণ্টিনা কেৱল মেছিময় আছিল। অৱশ্যে লিঅ’ৰ যাদুকৰী মুহূৰ্তবোৰ বাদ দি বাকী দলটোৱে দুৰ্দান্ত ফুটবল খেলিব পৰা নাছিল। নকআউটৰ পূৰ্বে সেইটোৱেই চিন্তাত ৰাখিব প্ৰশিক্ষক স্কাল’নীক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd