• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৱা ২৩ জুলাইৰ এটা ভিডিঅ' কিছু সময়ৰ বাবে আঁতৰাই দিয়া কাৰ্যৰ বাবে ফেচবুকৰ স্বত্বাধিকাৰী প্ৰতিষ্ঠান মেটাৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গক ক্ষমা খুজিবলৈ দাবী জনাইছে যোগাযোগ আৰু তথ্য প্ৰযুক্তি বিষয়ক সংসদীয় স্থায়ী সমিতিয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2026 11:54 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৱা ২৩ জুলাইৰ এটা ভিডিঅ’ কিছু সময়ৰ বাবে আঁতৰাই দিয়া কাৰ্যৰ বাবে ফেচবুকৰ স্বত্বাধিকাৰী প্ৰতিষ্ঠান মেটাৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গক ক্ষমা খুজিবলৈ দাবী জনাইছে যোগাযোগ আৰু তথ্য প্ৰযুক্তি বিষয়ক সংসদীয় স্থায়ী সমিতিয়ে। ইয়াৰ লগতে এই ঘটনাৰ বাবে দায়ী ব্যক্তিৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনোৱা হৈছে।

 

Apply Now

বিজেপিৰ সাংসদ নিশিকান্ত ডুবেৰ নেতৃত্বাধীন সমিতিখনৰ মতে, ১৪০ কোটি ভাৰতীয়ৰ প্ৰতিনিধিত্ব কৰা প্ৰধানমন্ত্ৰীগৰাকীৰ ভিডিঅ’ ডিলিট কৰাটো এক অতি গুৰুতৰ বিষয়। সমিতিখনৰ তৰফৰ পৰা সকীয়াই দিয়া হৈছে যে, যদি ফেচবুকে এই বিষয়ত দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে তথ্য প্ৰযুক্তি আইনৰ ৭৯নং ধাৰাৰ অধীনত মেটাক দিয়া ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা বাতিল কৰাৰ কথাও বিবেচনা কৰা হ’ব। মাৰ্ক জুকাৰবাৰ্গে ক্ষমা খুজিবই লাগিব, নহ’লে এই সুৰক্ষা প্ৰত্যাহাৰ কৰা হ’ব বুলি সমিতিৰ মুৰব্বী ডুবেয়ে স্পষ্টভাৱে কৈছে।

 

স্মৰ্তব্য যে, ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা নীতি বাতিল কৰা হ’লে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ বিৰুদ্ধে পোনপটীয়া আইনী ব্যৱস্থা গ্ৰহণ কৰাটো সহজ হৈ পৰিব। উল্লেখ্য যে, যোৱা ২৩ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিট-ইউজি ২০২৬ ৰ প্ৰশ্নকাকত ফাদিল আৰু ইয়াৰ পৰৱৰ্তী ছাত্ৰ প্ৰতিবাদৰ প্ৰসংগত ইনষ্টাগ্ৰাম আৰু ফেচবুকত এটি ভিডিঅ’ বাৰ্তা আপল’ড কৰিছিল। নতুন প্ৰজন্মক উদ্দেশ্যি দিয়া এই প্ৰথমটো পোনপটীয়া বাৰ্তাত তেওঁ দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল। পিছে মেটাই ফেচবুকত এই ভিডিঅ’টো প্ৰায় চাৰি ঘণ্টা ধৰি সীমাবদ্ধ কৰি ৰাখে। অৱশ্যে পৰৱৰ্তী সময়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ইয়াক পুনৰ মুকলি কৰি দিবলৈ বাধ্য হয়।

চলিত সপ্তাহৰ আৰম্ভণিতে সংসদীয় সমিতিৰ সৈতে হোৱা এখন বৈঠকত মেটাৰ বিষয়াসকলে চৰকাৰৰ কঠোৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। প্ৰধানমন্ত্ৰীৰ ভিডিঅ’টো আঁতৰোৱাৰ আঁৰত “কাৰিকৰী বিজুতি” থকা বুলি কোম্পানীটোৱে দাবী কৰি ক্ষমা বিচাৰে যদিও তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মেটাৰ এই স্পষ্টীকৰণ “যুক্তিযুক্ত নহয়” বুলি উল্লেখ কৰে।

 

তদুপৰি ইনষ্টাগ্ৰামৰ পৰিশোধিত বিজ্ঞাপনসমূহত শিশু যৌন নিৰ্যাতনৰ সামগ্ৰী প্ৰদৰ্শন হোৱাক লৈ মেটা বৰ্তমান চৰকাৰৰ কঠোৰ নিৰীক্ষণৰ মাজত আছে। এই গুৰুতৰ বিষয়টোক লৈ যোৱা মাহত চৰকাৰে কোম্পানীটোলৈ এখন জাননীও প্ৰেৰণ কৰিছিল। ইয়াৰ সমান্তৰালভাৱে, সংসদীয় সমিতিখনে গুগল, ইউটিউব, এক্স, ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম আৰু স্নেপচেট আদি সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মক CSAM সম্পৰ্কীয় নীতি-নিয়মসমূহ কঠোৰভাৱে মানি চলিবলৈ সকীয়াই দিছে। অন্যথা এই প্লেটফৰ্মসমূহে কঠোৰ আইনী ব্যৱস্থাৰ সন্মুখীন হ’বলগীয়া হ’ব বুলি স্পষ্ট কৰি দিয়া হৈছে।

 

নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ পৰিসংখ্যাই এই ক্ষেত্ৰত এক ভয়াবহ ছবি দাঙি ধৰিছে। ২০২৪ বৰ্ষত শিশুৰ বিৰুদ্ধে ৰুজু হোৱা মুঠ ১,২৩৮ টা চাইবাৰ অপৰাধৰ ভিতৰত ১,০৯৯ টা গোচৰেই হৈছে শিশুৰ সৈতে জড়িত যৌন উত্তেজক সামগ্ৰী প্ৰকাশ বা প্ৰেৰণ কৰাৰ অপৰাধ। তথ্য অনুসৰি, সামগ্ৰিকভাৱে শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ হাৰ ৫.৮ শতাংশ বৃদ্ধি পাই ১.৮৭ লাখ স্পৰ্শ কৰিছেগৈ। আনহাতে, ২০২০ চনৰ পৰা পৰ্যবেক্ষণ কৰিলে দেখা যায় যে শিশুৰ লগত জড়িত অপৰাধৰ হাৰ উদ্বেগজনকভাৱে প্ৰায় ৪৬ শতাংশলৈ বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd