• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিযোগ মুক্ত বৰগোহাঞি, #meTooৰ ধুমুহাৰ মাজত ৰামধেনু

গোচৰ (৩২১/১৭-০৯-২০০৩)টোত বৰগোহাঞিৰ “বিৰুদ্ধে” কোনো প্ৰমাণ নাই বুলি তদন্তকাৰী আৰক্ষীয়ে ২০০৪ চনত আদালতত দাখিল কৰা “চূড়ান্ত প্ৰতিবেদন”ৰ প্ৰতিবাদত আপত্তিৰ কোনো বিধিগত আবেদন কৰা “নাছিল” অভিযোগকাৰী সবিতা লহকৰে।

মুকুট দাস by মুকুট দাস
October 24, 2018 6:29 pm
homen borgohain
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

#meTooৰ ধুমুহাৰ মাজতে ৰামধেনুৰ দৰে পোহৰলৈ আহিছে ডেৰ দশক পুৰণি ‘‘যৌন নিৰ্য্যাতন”ৰ গোচৰৰ পৰা অসমৰ প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞি অভিযোগমুক্ত হোৱাৰ কাহিনী।

গুৱাহাটীৰ পল্টন বজাৰ থানাত গোচৰটো সন্দৰ্ভত চৰজমিন অনুসন্ধান আৰু অভিযোগকাৰী সাংবাদিক সবিতা লহকৰৰ সৈতে নৰ্থ ইষ্ট নাও-ৰ সাক্ষাতৰ পিছত এই কথা নিশ্চিত হৈছে।

Apply Now

গোচৰ (৩২১/১৭-০৯-২০০৩)টোত বৰগোহাঞিৰ “বিৰুদ্ধে” কোনো প্ৰমাণ নাই বুলি তদন্তকাৰী আৰক্ষীয়ে ২০০৪ চনত আদালতত দাখিল কৰা “চূড়ান্ত প্ৰতিবেদন”ৰ প্ৰতিবাদত আপত্তিৰ কোনো বিধিগত আবেদন কৰা “নাছিল” অভিযোগকাৰী লহকৰে।

“গোচৰটো চলাই যাবলৈ মই আৰ্থিকভাৱে অসমৰ্থ আছিলো আৰু ঘটনাপ্ৰৱাহত মই বিৰক্ত হৈছিলো। গোচৰটোৰ পৰা আঁতৰি অহাৰ বাহিৰে মোৰ আন পথ নাছিল,” নৰ্থ ইষ্ট নাও-ক জনাইছে লহকৰে।

গোচৰটোত “২০০৩ চনৰে পৰা যুঁজ অব্যাহত আছে” বুলি মন্তব্য কৰি ফে’চবুকত পূৰ্বে যোৱা ১৯ অক্টোবৰত বিভিন্ন কৰ্তৃপক্ষক তেওঁ দাখিল কৰা আবেদনসমূহ ৰাজহুৱা কৰিছিল মহিলা সাংবাদিকগৰাকীয়ে। নাৰীৰ “শালীনতা হানি”ৰ অভিযোগত বৰগোহাঞিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৯ আৰু জামিনবিহীন ৩৫৪ ধাৰাত গোচৰটো ৰুজু কৰিছিল লহকৰে।

sabita lahkar
সবিতা লহকৰে কৰা ফে’চবুক প’ষ্ট।

‘‘স্পৰ্শ চিকিৎসাৰে সকলো চিন্তাৰ পৰা মুক্ত কৰাৰ আশ্বাসেৰে” “ইচ্ছাৰ বিৰুদ্ধে” বৰগোহাঞিয়ে তেওঁৰ “গাত হাত” দিয়া, “সাৱট মাৰি ধৰা” আৰু যৌন সম্পৰ্কৰ বিনিময়ত “সুবিধাৰ আশ্বাস” দিয়াৰ অভিযোগ কৰিছিল লহকৰে।

লগতে পঢ়ক— #meToo ধুমুহাত বৰগোহাঞি: পাহৰণিৰ কবৰৰ পৰা পুনৰ মূৰ দাঙি উঠিছে ‘যৌন নিৰ্য্যাতন’ৰ কংকাল

বৰগোহাঞিৰ বিৰুদ্ধে  আৰক্ষীয়ে “কোনো” প্ৰমাণ নোপোৱাৰ বিষয়ে অভিযোগকাৰী লহকৰ অৱগত।

“পল্টন বজাৰ থানাত গোচৰ ৰুজু কৰাৰ ২/৩ বছৰ মান পিছত আৰক্ষীৰ পৰা মই এখন জাননী পাইছিলো য’ত লিখা আছিল—‘অভিযোগৰ পক্ষে কোনো প্ৰমাণ পোৱা নগ’ল’,” মন্তব্য অভিযোগকাৰী সাংবাদিকগৰাকীৰ।

গোচৰটো সন্দৰ্ভত ২০০৪ চনতে আদালতত “চূড়ান্ত প্ৰতিবেদন” দিয়া বুলি নৰ্থ ইষ্ট নাও-ক জনাইছে তদন্তকাৰী পল্টন বজাৰ থানাই।

“কামৰূপ (মহানগৰ) মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ২০০৪ চনৰ ১২ ডিচেম্বৰত ৩২১/১৭-০৯-২০০৩ নং গোচৰটোৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হৈছে,” জনালে পল্টন বজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰণী বৰ্মনে।

পূৰ্বে উল্লেখিত আৰক্ষীৰ জাননীখনৰ বাহিৰে আদালত বা আৰক্ষীৰ পৰা “আন একো” পোৱা নাই বুলি জনাই লহকৰে কয়, “একেটা গোচৰত পুনৰ নিজকে জৰিত কৰিবলৈ মোৰ কোনো আগ্ৰহ নাই, কিন্তু আৰক্ষী বা আদালতে গোচৰটো পুনৰ মুকলি কৰিলে মই সম্পূৰ্ণৰূপে সহযোগ কৰিম।”

আনহাতে “সবিতা লহকৰ আজিৰ তাৰিখত এটা বিস্মৃত নাম নহয়” আৰু “ঘটনা”টোৰ পিছত বৰগোহাঞে “যথেষ্ট ভোগা” বুলি দাবী কৰি লহকৰে লগতে কয় যে আদালতৰ পৰা “ন্যায়” নাপালেও, তেওঁ একধৰণৰ “ন্যায়” ইতিমধ্যে পাইছে।

গোচৰটোৰ ন্যায়িক প্ৰক্ৰিয়াৰ পৰা ২০০৬ চনৰ পৰা আঁতৰি অহাৰ বিপৰীতে বৰগোহাঞিৰ বিৰুদ্ধে “তদন্ত” বিচাৰি ২০১৩ চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰলৈ পুনৰ পত্ৰ প্ৰেৰণ কৰিছিল লহকৰে।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd