• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খেলপথাৰত বন্দুকধাৰীৰ তান্ডৱ: গুলীচালনাত ১১ জনৰ মৃত্যু, আহত ১২

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2026 5:03 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্য মেক্সিকোৰ ছালামংকা চহৰৰ এখন ফুটবল খেলপথাৰত দেওবাৰে এক ভয়াৱহ গুলীচালনাৰ ঘটনা সংঘটিত হয়। কোনো উচতনি নোহোৱাকৈ বন্দুকধাৰীয়ে চলোৱা এই আক্ৰমণত কমেও ১১ জন লোক নিহত হোৱাৰ লগতে ১২ জন গুৰুতৰভাৱে আহত হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ছালামংকাৰ মেয়ৰ চেজাৰ প্ৰিয়েটোৱে ছ’চিয়েল মিডিয়াযোগে জনোৱা মতে, এখন ফুটবল মেচ প্ৰায় শেষ হোৱাৰ পথত থকাৰ সময়তে হঠাতে এদল বন্দুকধাৰী খেলপথাৰত উপস্থিত হয়। তেওঁলোকে তাত থকা লোকসকলৰ ওপৰত নিৰ্বিচাৰভাৱে গুলীচালনা আৰম্ভ কৰে। আক্ৰমণৰ ফলত থিতাতে ১০ জন লোকৰ মৃত্যু হয় আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আন এজনৰ মৃত্যু ঘটে। আহতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু এজন নাবালকো থকা বুলি জানিব পৰা গৈছে।

Apply Now

গুৱানাজুৱাটো (Guanajuato) ৰাজ্যৰ অন্তৰ্গত এই অঞ্চলটো দীৰ্ঘদিন ধৰি গেং ৱাৰৰ বাবে কুখ্যাত। উল্লেখ্য যে যোৱা বছৰো মেক্সিকোৰ ভিতৰত গুৱানাজুৱাটোতেই সৰ্বাধিক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। স্থানীয় অপৰাধী গোট ‘ছাণ্টা ৰোজা ডি লিমা’ আৰু শক্তিশালী ‘জালিস্কো নিউ জেনেৰেচন কাৰ্টেল’ৰ মাজত চলি থকা ৰক্তক্ষয়ী সংঘৰ্ষৰ বাবে এনে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে।

মেয়ৰ প্ৰিয়েটোৱে এই ঘটনাক চহৰখনত চলি থকা নিৰ্বিচাৰ অপৰাধৰ এক অংশ বুলি অভিহিত কৰিছে। তেওঁ কয়, “দুৰ্ভাগ্যজনকভাৱে কিছুমান অপৰাধী গোটে কৰ্তৃপক্ষক বশ কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু তেওঁলোকে সফল হ’ব নোৱাৰিব।”

হিংসা নিয়ন্ত্ৰণৰ বাবে মেয়ৰগৰাকীয়ে মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামৰ জৰুৰী হস্তক্ষেপ আৰু সহায়ৰ বাবে আবেদন জনাইছে। বৰ্তমান ৰাজ্যিক প্ৰচিকিউটৰ অফিচে ফেডাৰেল কৰ্তৃপক্ষৰ সৈতে মিলি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

চৰকাৰী পৰিসংখ্যা অনুসৰি, ২০২৫ চনত মেক্সিকোত হত্যাৰ হাৰ ২০১৬ চনৰ পিছত সৰ্বনিম্ন (প্ৰতি এক লাখ বাসিন্দাৰ বিপৰীতে ১৭.৫ টা হত্যাকাণ্ড) বুলি দাবী কৰা হৈছে। অৱশ্যে, শেহতীয়া এই ঘটনাই প্ৰমাণ কৰিছে যে দেশখনৰ অপৰাধী চক্ৰসমূহ এতিয়াও সক্ৰিয় হৈ আছে। বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে চৰকাৰী সংখ্যাই দেশখনৰ প্ৰকৃত হিংসাত্মক পৰিস্থিতিক সম্পূৰ্ণৰূপে প্ৰতিফলিত নকৰিবও পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd