বিশ্বজুৰি শক্তি খণ্ডৰ পৰিৱৰ্তনৰ সৈতে জড়িত উদ্যোগসমূহত কৰ্মৰত প্ৰব্ৰজিত শ্ৰমিকসকল ব্যৱস্থাগত নিৰ্যাতনৰ বলি হোৱাৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ প্ৰকাশিত এক বিশ্লেষণাত্মক প্ৰতিবেদন অনুসৰি, কোম্পানীসমূহে কৰ্মক্ষেত্ৰত থকা শোষণৰ গাঁথনিগত কাৰণসমূহ দূৰ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে। ইয়াৰ ফলত পূৰ্বৰ ঔদ্যোগীকৰণৰ সময়ত দেখা পোৱা বৈষম্য আৰু নিৰ্যাতনৰ পৰিৱেশ পৰিষ্কাৰ শক্তিৰ উদ্যোগসমূহতো পুনৰাবৃত্তি হোৱাৰ আশংকা দেখা দিছে।
বিজনেছ এণ্ড হিউমেন ৰাইটছ চেণ্টাৰ নামৰ সংস্থাটোৱে ২০২৫ বৰ্ষত বিশ্বজুৰি প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত হোৱা নিৰ্যাতনৰ ৭৪৭ টা অভিযোগ লিপিবদ্ধ কৰিছে। ইয়াৰে বহুসংখ্যক অভিযোগ প্ৰত্যক্ষভাৱে শক্তি পৰিৱৰ্তনৰ সৈতে জড়িত উদ্যোগসমূহৰ বিৰুদ্ধে উত্থাপিত হৈছে। এই উদ্যোগসমূহৰ ভিতৰত গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ উৎপাদন, বৈদ্যুতিক বাহন নিৰ্মাণ আৰু নৱীকৰণযোগ্য শক্তিৰ আন্তঃগাঁথনি উন্নয়ন আদি অন্তৰ্ভুক্ত। এই ঘটনাসমূহৰ সৈতে টেজলা আৰু হুণ্ডাইৰ দৰে বহুজাতিক কোম্পানীৰ নামো উল্লেখ কৰা হৈছে। সংস্থাটোৰ প্ৰতিবেদনত দুয়োটা কোম্পানীৰ বিৰুদ্ধে তিনিটাকৈ গোচৰ পোহৰলৈ আহিছে। পৰিষ্কাৰ শক্তিৰ দিশে এই পৰিৱৰ্তন যাতে দ্ৰুত হোৱাৰ লগতে শ্ৰমিকসকলৰ অধিকাৰ ৰক্ষাৰ জৰিয়তে ন্যায্যও হয়, তাৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক প্ৰতিবেদনখনত আহ্বান জনোৱা হৈছে।
প্ৰব্ৰজিত শ্ৰমিকসকলে শক্তি পৰিৱৰ্তনৰ প্ৰতিটো স্তৰতে অৱদান আগবঢ়াই আহিছে। তেওঁলোকে বৈদ্যুতিক বাহনৰ বেটাৰীৰ বাবে প্ৰয়োজনীয় নিকেল, কোবাল্ট আৰু এলুমিনিয়াম আহৰণ কৰাৰ লগতে নৱীকৰণযোগ্য শক্তিৰ আন্তঃগাঁথনি স্থাপন, বহনক্ষম নগৰ উন্নয়ন প্ৰকল্পৰ নিৰ্মাণ আৰু বৈদ্যুতিক বাহন নিৰ্মাণৰ দৰে কামবোৰ কৰে। বিএইচআৰচিয়ে কেৱল ২০২৫ চনতে শক্তি পৰিৱৰ্তনৰ বাবে গুৰুত্বপূৰ্ণ উদ্যোগসমূহত প্ৰব্ৰজিত শ্ৰমিকৰ নিৰ্যাতনৰ ২৩ টা নিৰ্দিষ্ট গোচৰ লিপিবদ্ধ কৰিছে। ইয়াৰে ৭ টা গোচৰ খনিজ পদাৰ্থ উৎপাদনত, ৬ টা বৈদ্যুতিক বাহনৰ যোগান শৃংখলত, ৩ টা বহনক্ষম নগৰ উন্নয়নত, ৩ টা পুনৰাৱৰ্তন খণ্ডত, ২ টা নৱীকৰণযোগ্য আৰু নিম্ন-কাৰ্বন শক্তি খণ্ডত আৰু এটাকৈ গোচৰ ইকো-টুৰিজম তথা নিম্ন-কাৰ্বন চিমেণ্ট নিৰ্মাণৰ সৈতে জড়িত।
বিশ্লেষণত দেখা গৈছে যে সেউজ অৰ্থনীতিৰ সৈতে জড়িত এই গোচৰসমূহ মূলতঃ অত্যধিক উৎপাদনৰ লক্ষ্য আৰু অস্বাভাৱিক কৰ্মঘণ্টাৰ সৈতে সম্পৰ্কিত। এই গোচৰসমূহৰ ৫২ শতাংশ ক্ষেত্ৰতে কৰ্মচাৰীৰ সুৰক্ষা উলংঘনৰ ঘটনা পোহৰলৈ আহিছে, যিটো সামগ্ৰিক তথ্যৰ (২৫ শতাংশ) তুলনাত যথেষ্ট বেছি। এই পৰিসংখ্যাই সেউজ উদ্যোগত কৰ্মৰত শ্ৰমিকসকলৰ সুৰক্ষা ব্যৱস্থাৰ দিশটোত প্ৰশ্নবোধক চিহ্ন আঁকি দিছে।
এই প্ৰসংগত বিএইচআৰচিৰ প্ৰব্ৰজিত শ্ৰমিক গৱেষক কেট্ৰিঅ‘না ফ্ৰেজাৰে স্পষ্ট কৰে যে শ্ৰমিক শোষণৰ ভেটিত জলবায়ু পৰিৱৰ্তনৰ কোনো ফলপ্ৰসূ সমাধান গঢ়ি তুলিব নোৱাৰি। ২০৩০ চনৰ ভিতৰত সেউজ অৰ্থনীতিৰ বাৰ্ষিক মূল্য ৭ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰাৰ দিশলৈ আঙুলিয়াই দি তেওঁ কয় যে এই শক্তি পৰিৱৰ্তনৰ পৰা লাভান্বিত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে প্ৰব্ৰজিত শ্ৰমিকৰ মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাটো অপৰিহাৰ্য।





