• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিয়া পাতি দিলে, দৰা-কইনা আহি ঘৰত সোমাল, ইয়াৰ পাছত গোপনীয় খবৰ কিয় লাগে ?’ মন্ত্ৰী হিমন্ত

আছুৱে প্ৰতিবেদন ৰাজহুৱা কৰাক লৈ সৰৱ মন্ত্ৰী হিমন্ত; আজিৰ দিনত আছু এটা ৰাজনৈতিক দল, হিমন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 12, 2020 5:28 pm
93ea84fd-c3be-45d7-b7e5-2841a6fcc6f3
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পাছত তেওঁলোকক উভটি ধৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আছুৱে ৬ নং দফাক ৰাজহুৱা কৰা কাণ্ডক আনকি বিয়াঘৰ আৰু দৰা-কইনাৰ লগত তুলনা কৰিলে মন্ত্ৰীগৰাকীয়ে।

Apply Now

সংবাদমেলত তেওঁ আছু নেতৃত্বক উদ্দেশ্যি কয় ‘বিয়া পাতি দিলে, দৰা কইনা আহিল ঘৰত সোমোৱাই দিয়াৰ পাছত কিয় খবৰ ল’ব লাগে? কিছুমান গোপনীয়তা থাকে সেইবোৰ খবৰ ল’ব নালাগে। তেওঁলোকে নিজে দুবছৰ অপেক্ষা কৰিম বুলি প্ৰতিবেদনত ক’লে।‘

ইপিনে আজিৰ দিনত সদৌ অসম ছাত্ৰ সন্থা অৰাজনৈতকিক সংগঠনৰ বিপৰীতে এটা ৰাজনৈতিক দল বুলিহে দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘তেওঁলোকে ৰাজনৈতিক দল গঠন কৰিব গৈ আছে নিশ্চয় সদিচ্ছাৰ অভাৱ বুলি ক’বই। আজিৰ দিনত সদৌ ছাত্ৰ সন্থা এটা ৰাজনৈতিক দল। গতিকে এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক অপবাদ দিয়াটো নিয়ম। আছু পূৰ্বতে অ-ৰাজনৈতিক সংগঠন আছিল।‘

ইপিনে, অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ অধিকাৰ কেৱল অসম বিধানসভাৰহে আছে বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ অধিকাৰ অসম বিধান সভাৰ। কেন্দ্ৰীয় চৰকাৰৰ ইয়াত ভূমিকা নাথাকে। বিধানসভাত যেতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপিত নহয় তেতিয়ালৈকে ৬ নং দফাৰ ওপৰত কৰিবলগীয়া কেন্দ্ৰীয় চৰকাৰৰ একো নাথাকে।‘

‘ৰাজ্য চৰকাৰে কোনো এটা সময়ত কমিটিৰ অনুমোদন লৈ আহিব। বিতৰ্কৰ পাছত বা অসমীয়াৰ সংজ্ঞা নিৰূপিত হোৱাৰ পৰৱৰ্তী পৰ্যায়তহে কেন্দ্ৰীয় চৰকাৰে ইয়াত প্ৰৱেশ কৰিব পাৰিব। আগতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ডিলিমিটেশ্যন আয়োগ গঠন কৰি দিছে।‘ তেওঁ লগতে কয়।

হিমন্তৰ মতে ‘সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা ৰিপৰ্টটো প্ৰকাশ নকৰাকৈ সতৰ্কতাৰে কাম কৰাহেঁতেন কাম-কাজ অধিক ভাল হ’লহেঁতেন আৰু বিতৰ্ক নহ’লহেঁতেন।‘

‘কিন্তু ৰিপৰ্টটো প্ৰকাশ কৰি একপ্ৰকাৰ জতিলতা সৃষ্টি কৰাক বাদ দি আন একো হোৱা নাই।‘ হিমন্তই লগতে কয়।

ৰাজ্য চৰকাৰে ৬ নং দফা ৰূপায়ণৰ বাবে দায়বদ্ধ বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘১২ গৰাকী লোকে অসমীয়াৰ সংজ্ঞা নিৰূপন কৰি দিলেই সেইটো অসমীয়াৰ সংজ্ঞা নহয়।‘

‘৫১ চনৰ আগৰহে যে অসমীয়া হয় কেনেকৈ নিৰ্ধাৰণ কৰিম? এইক্ষেত্ৰত কমিটি নীৰৱ হৈ আছে। তাৰ কাৰণে এনআৰচি লাগিব নে মাটিৰ কাগজ লাগিব? মাটিৰ নথি-পত্ৰ বহুতৰে নাই।‘ হিমন্তই এইদৰে কয়।

ইপিনে, ৬ নং দফা কাৰ্যকৰী কৰাত ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাৱ বুলি কৰা মন্তব্যৰ উত্তৰত হিমন্তই কয় ‘সদিচ্ছাৰ অভাৱ আছে নে নাই সেইটো মই ৰামৰে ভক্ত নে হনুমানৰে ভক্ত বুকুখন ফালি দেখুৱালেহে হ’ব। হনুমানৰ যেনেকৈ বুকু ফালোতে ৰাম দেখা পাইছিল মোৰ বুকু ফালিলেও অসমীয়াই দেখা পাব।‘

সংবাদমেলত হিমন্তৰ প্ৰশ্ন ‘বাঘবৰ আৰু জনিয়াখন যদি অসমীয়াৰ বাবে আসন সংৰক্ষণ কৰি দিয়ে তেন্তে তাত কি লাভ হ’ব?’

তেওঁ আৰু কয় ‘আজিৰ দিনত ৰাজনৈতিক দল আছুৰ উত্তৰ জনতা ভৱনত বহি নিদিওঁ, ৰাজনৈতিক সভাত ইয়াৰ উত্তৰ দিম।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd