• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ বিজ্ঞান-প্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্তৰ

মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ বহুল প্ৰয়োগ হ'ব অসমৰ কৃষিখণ্ড, বন-পৰিৱেশ সুৰক্ষা, জলসম্পদ, ভূমি ব্যৱস্থাপনাত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2021 7:28 pm
index
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ (ডনাৰ) মন্ত্ৰী জি কৃষাণ ৰেড্ডীয়ে আজি পূৰ্বোত্তৰৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবসকলৰ সৈতে অনুষ্ঠিত কৰা এখন ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰে অসমৰ স্বাস্থ্য, বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অসম বিধান সভাৰ কাৰ্যসূচীত ব্যস্ত থাকিবলগা হোৱাৰ বাবে তেওঁ স্বাস্থ্য তথা বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী মহন্তক ড’নাৰ মন্ত্ৰীৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণৰ দায়িত্ব দিয়ে।

Apply Now

কেন্দ্ৰীয় চৰকাৰৰ আণৱিক শক্তি আৰু মহাকাশ দপ্তৰ তথা প্ৰধানমন্ত্ৰী কাৰ্যালয় দপ্তৰৰো ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ কুমাৰ, ড’নাৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মা আৰু অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, চিক্কিমৰ মুখ্যমন্ত্ৰীৰ লগতে অঞ্চলটোৰ আঠোখন ৰাজ্যৰ মুখ্য সচিবেও ভাগ লয় এই ভিডিঅ কনফাৰেন্সত।

দিছপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা, অতিৰিক্ত মুখ্য সচিব (ৰূপান্তৰ আৰু উন্নয়ন বিভাগ) পৱন বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহাৰ সৈতে মন্ত্ৰী মহন্তই অংশগ্ৰহণ কৰে।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত প্ৰায়োগিক মহাকাশ বিজ্ঞানৰ বহুল ব্যৱহাৰৰ জৰিয়তে চৰকাৰী আঁচনি-প্ৰকল্পৰ ৰূপায়ণকাৰ্যৰ সঠিক নিৰীক্ষণ, বন তথা পৰিবেশ সুৰক্ষা, প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা আদি বিষয়ে নতুন ডনাৰ মন্ত্ৰী ৰেড্ডীয়ে ৰাজ্য চৰকাৰকেইখনৰ সৈতে ভিডিঅ’ কনফাৰেন্সখনত আলোচনা কৰে।

এই ভিডিঅ’ কনফাৰেন্সত অসমৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী মহন্তই ৰাজ্যখনৰ বনভূমি, পথ, মঠাউৰি আদি গুৰুত্বপূৰ্ণ চৰকাৰী সম্পদসমূহৰ সঠিক ৰক্ষণাবেক্ষণৰ লগতে বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত মহত্বপূৰ্ণ প্ৰকল্পসমূহৰ অগ্ৰগতিত নজৰ ৰখাত সহায়ক হোৱাকৈ ছেটেলাইট ইমেজ আৰু ৰিম’ট ছেন্সিং পদ্ধতিৰ ব্যাপক ব্যৱহাৰত অগ্ৰাধিকাৰ দি অসম চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে ড’নাৰ মন্ত্ৰী ৰেড্ডীক অৱগত কৰে।

অসম চৰকাৰে প্ৰায়োগিক মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ বহুল ব্যৱহাৰেৰে ৰাজ্যখনত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্প কাৰ্যৰূপায়ণৰ বাবে ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰো আভাস দাঙি ধৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী মহন্তই।

অসমৰ কৃষিখণ্ডৰ আধুনিকীকৰণ, বন-পৰিৱেশ সুৰক্ষা, মথাউৰিৰ সুৰক্ষা তথা জলসম্পদ ব্যৱস্থাপনা, গুৱাহাটী মহানগৰৰ ভূমি ব্যৱস্থাপনা, চৰকাৰী ভূমি তথা বনভূমিত হোৱা বেদখলৰ সঠিক নিৰীক্ষণ আৰু সুৰক্ষা, অপৰাধ নিয়ন্ত্ৰণ আদিৰ দিশত প্ৰায়োগিক মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ বহুল ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে কাৰ্য পৰিকল্পনা যুগুত কৰিছে।

ইয়াৰ লগতে চৰকাৰী সম্পদ আদিৰ তথ্য আহৰণ আৰু ছেটেলাইট তথা ৰিমোট ছেন্সিং নিৰীক্ষণতো মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ সহায় ল’ব ৰাজ্য চৰকাৰে।

এই ক্ষেত্ৰত প্ৰয়োজনীয় কাৰ্যপন্থাৰ ক্ষেত্ৰত নেছাকে কাৰিকৰী সহযোগিতা আগবঢ়াবলৈ সন্মতি জনোৱাৰ বিষয়ে সদৰি কৰি মন্ত্ৰী মহন্তই ড’নাৰ মন্ত্ৰীগৰাকীক জনাই যে অহা ২৫ জুলাইত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূৱ পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ উপস্থিতিত নেছাকৰ সৈতে এখন বুজাবুজি চুক্তি সম্পাদনৰ বাবে অসম চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

আজিৰ এই ভিডিঅ কনফাৰেন্সত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ আয়ুক্ত সচিব আকাশদীপ, যুটীয়া সচিব তথা এছটেকৰ সঞ্চালিকা কিমনি চাংছনো উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd