• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰুণোদয় আঁচনি ঘোষণা মন্ত্ৰী হিমম্তৰ : এই আঁচনিৰে ‘২১ নিৰ্বাচনী বৈতৰণীৰ পাৰ হোৱাৰ পাং বিজেপিৰ

সমাগত ২০২১! প্ৰতি সপ্তাহত এখনকৈ আঁচনি লোৱাৰ কথা ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 12, 2020 5:48 pm
89f27367-264a-4d9c-aace-4ee97e511bac
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত ২০২১ৰ বিধানসভাৰ নিৰ্বাচন, সেয়েহে উঠিছে আঁচনি ঘোষণাৰ ঢৌ। অহা ১৫ ছেপ্তেম্বৰলৈকে সপ্তাহত একোখনকৈ আঁচনি লোৱাৰ কথা সংবাদমেলত ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

সংবাদমেলত তেওঁ কয় ‘১৫ চেপ্তেম্বৰলৈকে প্ৰতি সপ্তাহতে একোটাকৈ আঁচনি লোৱা হ’ব।‘

Apply Now

এই আঁচনিসমূহৰ ভিতৰত আজি ঘোষণা কৰা অৰুণোদয় আঁচনিয়েই সৰ্ববৃহৎ আৰু অনন্য বুলি সংবাদমেলত হিমন্তই দাবী কৰে।

মন্ত্ৰীগৰাকীয়ে সংবাদমেলত জনোৱা অনুসৰি ‘অৰুণোদয় আঁচনিৰ জৰিয়তে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে আঁচনিৰ ধন ক’ত খৰচ কৰিব সেই সিদ্ধান্ত পৰিয়ালটোৱে নিজে ল’ব।‘

ইপিনে, অৰুণোদয়ৰ জৰিয়তে এটা ফ্ৰেমৱৰ্কৰ সৃষ্টি কৰা হ’ব বুলি উল্লেখ কৰি হিমন্তই কয়, ‘পৰিয়ালসমূহলৈ ফিক্সড ধন প্ৰতি মাহে দি থকা হ’ব।‘

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অহা ২ অক্টোবৰৰ পৰা অসমৰ ১৭ লাখ পৰিয়ালক মাহত ৮৩০ টকাকৈ দি যোৱা হ’ব। এইটো এককালীন নহয়। পৰিয়ালটো অৰ্থনৈতিকভাৱে সবল নোহোৱালৈকে লাভ কৰি যাব।‘

চৰকাৰী কাৰ্যালয়ত কাম কৰাসকলক মেডিকেল এলাৱেঞ্চ দিয়াৰ দৰে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হোৱাসকলে ঔষধ ক্ৰয়ৰ বাবে প্ৰত্যেক মাহত ৩০০ টকাকৈ দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত ঘোষণা কৰে।

‘চাৰি কিল’গ্ৰাম চেনী ক্ৰয়ৰ বাবে প্ৰতি পৰিয়ালক ৮০ টকাকৈ দিয়া হ’ব। ৫০ শতাংশ ৰেহাই দিয়া হ’ব। ঠিক সেইদৰে চাৰি কি:গ্ৰা দাইল ক্ৰয় কৰিবলৈ ৫০ শতাংশ ৰেহাই অৰ্থাৎ ২০০ টকাকৈ দিব লাগিব।‘ সংবাদমেলত হিমন্তই জনায়।

ইপিনে, ২ লাখতকৈ কম ভোট থকা সমষ্টিত ১৫ হাজাৰ পৰিয়ালক এই অৰুণোদয় আঁচনিৰ অধীনত ধন দিয়া হ’ব বুলি তেওঁ জনোৱাৰ উপৰিও এক তৃতীয়াংশ লোকক স্পৰ্শ কৰা হ’ব বুলি তেওঁ কয়।

ইয়াৰোপৰি, ২ লাখতকৈ অধিক ভোট থকা সমষ্টিত ১৭ হাজাৰ পৰিয়ালক সাহায্য দিয়া হ’ব বুলি তেওঁ জনায়।

এই অৰুণোদয় আঁচনিৰ বাবদ প্ৰতি মাহত ২ কোটি ১০ লাখ টকাকৈ ৰাজ্য চৰকাৰৰ খৰচ হোৱাৰ উপৰিও ২৮০০ কোটি টকা অৰুণোদয় আঁচনিৰ নামত ধন ধাৰ্য কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

ইপিনে, ১৭ আগষ্টৰ পৰা এই অৰুণোদয় আঁচনিৰ কাম-কাজসমূহ আৰম্ভ হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘আঁচনি কাৰ্যকৰী কৰিব পৰাকৈ জিলা পৰ্যায়ত একোখনকৈ কমিটি গঠন কৰা হ’ব। পৰিয়ালৰ এগৰাকী মহিলাৰ একাউন্টতহে এই ধন জমা হ’ব। পুৰুষৰ নামত নহ’ব।‘

এই আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত বা সাহায্য প্ৰদান ইত্যাদি কামত প্ৰতি সমষ্টিত তিনি মাহৰ বাবে দুজনকৈ সহায়ক নিযুক্তি দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে।

হিমন্তই আৰু কয় ‘চৰকাৰৰ আৰ্থিক অৱস্থা ভাল হ’লে এই পৰিয়ালসকলৰ ধনৰ পৰিমাণ পৰ্যায়ক্ৰমে বৃদ্ধি কৰিব। আংশিকভাৱে হ’লেও জোৰা-টাপলি মৰাত কোভিডে কোঙা কৰা দৰিদ্ৰ লোকসকলক সহায় কৰিব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd