• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শৰাইঘাটৰ শেষ যুঁজ নহয়, এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনা গ’ল সভ্যতাৰ যুঁজৰ কথা

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , October 5, 2020 6:48 am

2 min read

20201005_015908

ফটো: নৰ্থইষ্ট নাও

483
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে শিৱসাগৰত অনুষ্ঠিত হৈ থকা অসম ৰাজ্যিক জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত উদাত্ত ভাষণ প্ৰদান কৰে প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে ভাষণত কংগ্ৰেছ দল আৰু বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে।

আনহাতে, ২০১৬ৰ নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত সততে শুনা গৈছিল এই নিৰ্বাচন শৰাইঘাটৰ শেষ যুঁজ বুলি। কিন্তু এইবাৰ মন্ত্ৰীজনৰ মুখত শুনা গৈছে সভ্যতাৰ যুঁজৰ কথা।

তেওঁ কয়, ”এইবাৰ দুটা সভ্যতাৰ যুঁজ হব। এটা সভ্যতাই কব আমি শংকৰদেৱক চিনি নাপাও, আমাক শংকৰদেৱৰ জন্মস্থানৰ মাটিখিনি লাগে। ভাগৱত কি আমি বুজি নাপাও। এই সভ্যতাই কব ফেচবুকত হিন্দু ল’ৰাৰ নাম লৈ আমাৰ ছোৱালী বিলাকক মাটি নি অপমান কৰিব লাগে, লাভ জেহাদৰ দৰে কু-কৰ্ম কৰিব লাগে আৰু অৰ্নমাই বড়াৰ দৰে শিক্ষয়ত্ৰীক ৰাজপথত সতীত্ব হৰণ হব লাগে”।

”ইয়াৰ বিপৰীতে আন এক সভ্যতা থাকিব যিটো সভ্যতাই শংকৰদেৱৰ জন্মস্থানৰ মাটিৰ কাষত তোমালোকক থিয় হবলৈ দিয়া নহব, বেদখল দূৰৰ কথা। ফেচবুকত প্ৰলোভন দি আমাৰ ছোৱালীৰ পবিত্ৰতা নষ্ট কৰাৰ অধিকাৰ আমি দিব নোৱাৰো আৰু অৰ্নমাই বড়াৰ দৰে মহিলাৰ গাত হাত দিলে তাৰ শাস্তি ফাঁচী কাঠৰ ৰচীত হব”বুলি কয়।

তেওঁ লগতে কয়, বিজেপিৰ প্ৰতিজন সদস্যই সংকল্প লব লাগে যে দেহত শেষ বিন্দু তেজ থকালৈকে  বদৰুদ্দিন আজমল যাতে দিচপুৰত বহিব নোৱাৰে।

আনহাতে, নৱগঠিত ৰাইজৰ দল সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়,”তেওঁলোকে উজনি অসম খন নিজৰ জমিনদাৰী বুলি ভাৱে। কিন্তু উজনিৰ ৰাইজে প্ৰতিটো নিৰ্বাচনত বিজেপিক জিকাইছে। তেওঁ লগতে কয় আমাৰ লক্ষ্য ১০০ আৰু আমি  ১০০ সম্পূৰ্ণ কৰিম”।

শিক্ষকৰ নিয়মীয়াকৰণৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, শিৱসাগৰত ১৫৩০ গৰাকী শিক্ষকৰ এটা সমস্যা আছে, সেই সমস্যা অহা নৱেম্বৰ মাহত পূৰ্ণ বা আংশিকভাৱে সমাধান কৰা হব বুলি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd