NORTHEAST NOW (Assamese)

২০২৩ চনৰ ভিতৰত সাৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব ভাৰত : সদানন্দ গৌড়া

September 14, 2020 5:07 pm · এন ই নাও নিউজ

ভাৰতে সাৰ উৎপাদনৰ ক্ষেত্ৰত ২০২৩ চনৰ ভিতৰত আত্মনিৰ্ভৰশীল হ’ব বুলি সোমবাৰে মন্তব্য কৰে ৰাসায়নিক আৰু সাৰ মন্ত্ৰী সদানন্দ গৌড়াই।

ভাৰতে সাৰৰ ক্ষেত্ৰত আমদানি হ্ৰাস কৰি আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত চৰকাৰে ৪০,০০০ কোটি টকা ব্যয় কৰিছে বুলিও মত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

‘আত্মনিৰ্ভৰশীল ভাৰত’ প্ৰকল্পৰ অধীনত নতুনকৈ সাৰ উৎপাদন গোট গঢ়ি তোলা হ’ব বুলিও সদানন্দ গৌড়াই লগতে কয়।

আনহাতে, চৰকাৰে অধিক উৎপাদন বৃদ্ধি আৰু কম খৰচৰ কাৰণে নেনো সাৰৰো প্ৰসাৰৰ হকে কাম কৰি আছে বুলিও কেন্দ্ৰ মন্ত্ৰী গৰাকীয়ে মত ব্যক্ত কৰে।

উল্লেখযোগ্য যে, কৃষিভিত্তিক দেশ ভাৰত এতিয়াও সাৰৰ ক্ষেত্ৰত অন্য দেশৰ পৰা আমদানিকৃত সাৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছে।

ক’ৰ’না মহামাৰীৰ সংকটৰ সময়ত ভাৰতীয় অৰ্থনীতি বিপদাপন্ন হোৱাৰ সময়ত একমাত্ৰ কৃষিখণ্ডহে বিকশিত হৈ আছে।

Related News