হাজোত সম্পৰ্কীয় বৰদেউতাকৰ কামনাৰ বলি ১১ বছৰীয়া কিশোৰী

পুনৰ এক নাৰকীয় কাণ্ডই কামৰূপ জিলাৰ হাজোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হাজোৰ কেতেকীবাৰীত সম্পৰ্কীয় বৰদেউতাকৰ যৌন নিৰ্যাতনৰ বলি হ’ল এগৰাকী ১১ বছৰীয়া কিশোৰী।
এই জঘন্য কাণ্ড সংঘটিত কৰা লম্পট লোকজনক বিপুল কলিতা বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে, কালি সন্ধিয়া কিশোৰী গৰাকীয়ে পথাৰত গৰু আনিবলৈ গৈছিল। কিশোৰী গৰাকীক অকলে গৰু আনিবলৈ যোৱা দেখি লম্পট চৰিত্ৰৰ বিপুল কলিতাই জোৰ জুলুম কৰি অসহায় কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন চলায়।
ইয়াৰ উপৰি এই কথা বেলেগৰ আগত প্ৰকাশ কৰিলে কিশোৰীগৰাকীক তেওঁ প্ৰাণে মৰাৰ ভাবুকিও দিয়ে। অৱশ্যে কিবা কৰি লোকজনৰ কবলৰ পৰা প্ৰাণ ৰক্ষা কৰি কিশোৰী গৰাকীয়ে পলাই আহি ঘৰত পিতৃ মাতৃক এই কথা অৱগত কৰে।
পিছত নিৰ্যাতিতা কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত ঘটনা সম্পৰ্কত এখন এজাহাৰ দাখিল কৰে।
আনহাতে, উক্ত জঘন্য কাণ্ড কৰি পলাই থকা লম্পট বিপুল কলিতাক বাতৰি লিখা পৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই।