• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আলী’ক বাদ দি ‘কুলী’ক লৈ ৰাজনীতি কৰিছে বিজেপিয়ে : মীৰা বৰঠাকুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 28, 2019 7:50 pm
Mira-Barthakur

মীৰা বৰঠাকুৰ। ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘চাহ জনগোষ্ঠীৰ জনসাধাৰণৰ মাজত শিক্ষাৰ পোহৰ পৰিব নিদিয়ে চৰকাৰে। কাৰণ কংগ্ৰেছৰ দিনত ‘আলী আৰু কুলী’ক লৈ ৰাজনীতি কৰিছিল, এতিয়া বিজেপি চৰকাৰে সেই একে নীতিৰে ৰাজনীতি কৰিছে। বিজেপিয়ে আলীক বাদ কৰি কুলীক লগত লৈ ভোটৰ ৰাজনীতি কৰাৰ ব্যৱস্থা কৰিছে।‘ গোলাঘাটৰ শালমাৰী চাহবাগিছাত বিষাক্ত চুলাই মদ খাই ডেৰ শতাধিক লোকে মৃত্যুক আকোৱালি লোৱাৰ পাছতে বিজেপি চৰকাৰক কটাক্ষ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিজেপিৰ পৰা বহিস্কৃত নেত্ৰী মীৰা বৰঠাকুৰে।

তদুপৰি, এনে এটা ঘটনাৰ পাছত কামাখ্যা প্ৰসাদ তাছা আৰু ৰামেশ্বৰ তেলী নিজৰ জনগোষ্ঠীটোৰ প্ৰতি কিমান দায়বদ্ধ বুলিও বৰঠাকুৰে প্ৰশ্ন কৰে।

Apply Now

তেওঁ আৰু কয়, ‘সেয়াও এক চিন্তনীয় বিষয়। চাহ জনগোষ্ঠীৰ লোকখিনি চুট-বুট পিন্ধি ফিটিং হ’লে তেওঁলোকৰ নেতৃত্বক নমনা হ’ব। গতিকে তেওঁলোকক শিক্ষা-দীক্ষা দি তেওঁলোকৰ পৰ্য্যায়লৈ অনাটো কোনো ৰাজনৈতিক নেতাই নিবিচাৰে।‘

ইপিনে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অতীতৰে পৰা চলি অহা সুৰা পৰম্পৰা বন্ধ কৰাটো একেবাৰে সম্ভৱ নহয় বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

‘সুৰা আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতলৈয়ো থাকিব। সমগ্ৰ উত্তৰ-পূবত সুৰা বন্ধ কৰাটো সম্ভৱ নহয়। কিন্তু চৰকাৰখনে ৰাজহ বৃদ্ধিৰ স্বাৰ্থত গলিয়ে গলিয়ে সুৰাৰ সুলভ বেপাৰ মেলি দিলে,’’-বৰঠাকুৰে কয়।

তেওঁ লগতে কয়, ‘’তেওঁলোকে সুৰাৰ পৰা ৰাজহ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিছে, লাগিলে সুৰা খাই মানুহ পাগল হওঁক, ঘৰ-সংসাৰ ভাঙি যাওঁক, মৃত্যু হওঁক। তাতকৈ দুৰ্ভাগ্যজনক তথা অদূৰদৰ্শী চিন্তাধাৰা থাকিব পাৰে বুলি মই কেতিয়াও নাভাবো।‘’

তাৎপয্যপূৰ্ণভাৱে, নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধে যিমান ক’লেও নিৰ্বাচনৰ ধামখুমীয়াত ৫০০-১০০০ টকা আৰু মদৰ বটলত একাকাৰ হৈ নিজকো বিক্ৰী কৰে বুলি আমাৰ আগত ব্যক্ত কৰে মীৰা বৰঠাকুৰে।

‘গতিকে ৰাজনৈতিক নেতা আৰু জনসাধাৰণ সমানে জগৰীয়া। ৰাজনীতি কৰাৰ সুযোগটো ভোটাৰে দি থাকিলে ৰাজনৈতিক নেতাই ৰাজনীতি কৰিয়েই থাকিব। ৰাইজ সজাগ হ’ব লাগিব,‘-এইদৰে কয় বৰঠাকুৰে।

আনহাতে, কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা আৰু সুৰা ট্ৰেজেদিত বৃহৎ সংখ্যক লোকে মৃত্যুক সাবটি লোৱাৰ পাছতো বিষয়কেইটা বিজেপি চৰকাৰে গুৰুত্বসহকাৰে লোৱা নাই বুলি এক অভিযোগ তোলে বৰঠাকুৰে।

‘ইমানখিনি হৈ যোৱাৰ পাছতো বিজেপি দলে সভা-সমিতি, ৰেলী সকলো চলাই আছে। কাৰোৱেই গুৰুত্বটো দেখা পোৱা নাই,‘ আমাৰ সাংবাদিকৰ আগত এইদৰে কয় বৰঠাকুৰে।

ইপিনে, আজিৰ দিনত ৰাজনৈতিক সুস্থ বাতাবৰণ একেবাৰে নাইকীয়া হৈ গৈছে বুলি উল্লেখ কৰি বৰঠাকুৰে কয়, ‘মানুহৰ প্ৰতি থাকিবলগীয়া মানুহৰ সহানুভুতি একেবাৰ নাইকীয়া হৈ গৈছে।‘

তদুপৰি, বৰঠাকুৰে আৰু কয় ‘ধনী তথা বণিক শ্ৰেণীৰ প্ৰতি সমাজখন ধাৱমান হৈছে। নিম্ন শ্ৰেণীৰ খাটি খোৱা মানুহখিনিৰ কাৰণে কোনো দায়বদ্ধ যেন নালাগে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd