বৃহস্পতিবাৰে নিশা প্ৰায় ৮-৩০ বজাত তামুলপুৰ মহকুমাৰ কেকেৰীকুছি গাঁওত থকা ৰাজহুৱা দৌল মন্দিৰত অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাক লৈ অঞ্চলটোত তীব্ৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।
১৯৯৮ চনত কেকেৰীকুছি গাঁওত অচিনাক্ত দুৰ্বৃত্তই ১৭জনকৈ লোকক গুলীয়াই নৃশংসভাৱে হত্যা কৰাৰ পিছত ২০১০ চনত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোকে পঙ্গুত্বক আঁকোৱালি লব লগা হৈছিল।
প্ৰতিটো ক্ষণ আতংকময় পৰিস্থিতিৰ মাজত সময় কটোৱা গাঁওবাসীৰ মাজত পুনৰ এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰি বৃহস্পতিবাৰে নিশা গাঁওখনক লক্ষ্য কৰি লৈ গাঁওখনৰ সমূহীয়া দৌল মন্দিৰত পেট্ৰ’ল ঢালি অগ্নি সংযোগ কৰা ঘটনাই পুনৰ গাঁওখনত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে।
তামুলপুৰ মহকুমাৰ অধীনৰ ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত কেকেৰীকুছি গাঁওত বৃহস্পতিবাৰে সুকলমে সম্পন্ন হয় ভোটগ্ৰহণ কাৰ্য।
ভোট গ্ৰহণ সম্পন্ন হোৱাৰ কিছু সময় পিছতেই গাঁওখনত থকা দৌল মন্দিৰত অগ্নিসংযোগ কৰা কাৰ্যই ঘন ৰহস্যৰ সৃষ্টি কৰিছে।
স্থানীয় ৰাইজে জনোৱা মতে অগ্নিসংযোগৰ সময়ত দুই জাঁই গুলী ফুটোৱাৰ দৰে শব্দও শুনিবলৈ পাইছে ৰাইজে।
মন্দিৰত জুঁই লগাৰ খবৰ পোৱাৰ লগে লগে অঞ্চলটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। লগে লগে স্থানীয় ৰাইজ মন্দিৰত উপস্থিত হয় আৰু জুঁই নুমোৱাবলৈ সক্ষম হয় আৰু ভয়াবহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে মন্দিৰটো।
ইপিনে ঘটনাৰ খবৰ লাভ কৰি গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।
বিটিচিৰ চৰকাৰী মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাও কেকেৰীকুছি গাঁওত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
বাৰে বাৰে দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰা কেকেৰীকুছিৰ গাঁওবাসীয়ে গাঁওখনত এখন স্থায়ী আৰক্ষী চকী স্থাপনৰ দাবী জনাই আহিছিল যদিও গাঁওবাসীৰ সুৰক্ষাৰ বাবে আজিও এটি আৰক্ষী চকী স্থাপন নকৰাত গাঁওবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু বিটিচিৰ চৰকাৰী মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাক এই ক্ষেত্ৰত ব্যৱস্থা লবলৈ দাবী জনায়।
মন্দিৰৰ দৰে পবিত্ৰ অনুষ্ঠান এটাত অগ্নিসংযোগ কৰা ঘটনাক হেমন্ত কুমাৰ ৰাভাই তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ লগত আলোচনা কৰি কেকেৰীকুছি গাঁওত আৰক্ষী চকী স্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ৰাইজক আশ্বাস দিয়ে।
প্ৰমোদ বড়োৱেও ফোন যোগে গাঁওবাসীৰ লগত বাৰ্তালাপ কৰে আৰু গাঁওবাসীৰ নিৰাপত্তাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজক আশ্বাস দিয়ে।