• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানুহক বিভ্ৰান্ত কৰিবলৈ হোৱাটছএপৰ জৰিয়তে দেশ চলাইছে নেকি মোডী চৰকাৰে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2026 6:45 pm
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰন্ধন গেছৰ সংকটৰ মাজতে কেন্দ্রৰ মোডী চৰকাৰে নতুন ধৰণেৰে মানুহক বিভ্ৰান্ত কৰিছে৷ নিশাৰ ভাগত হোৱাটছএপৰ জৰিয়তে চিলিণ্ডাৰ যোগানকাৰীলৈ নতুন ‘নিৰ্দেশনা’ প্ৰেৰণ কৰা হৈছিল। নিৰ্দেশনাত গ্ৰাহকৰ ছিংগল চিলিণ্ডাৰৰ বাবে ২৫ দিনৰ আৰু ডাবল চিলিণ্ডাৰৰ বাবে ৩৫ দিনৰ ব্যৱধান নিৰ্ধাৰণ কৰা হৈছিল।  তাৰ পিছত এই খবৰ বিয়পি পৰাৰ লগে লগে দেশজুৰি হুলস্থুলৰ সৃষ্টি হ’ল।

কিন্তু পিছদিনা (২৫ মাৰ্চ বুধবাৰ) পুৱা কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে এই খবৰ অস্বীকাৰ কৰি বিবৃতি প্ৰকাশ কৰি কয় যে বুকিং ব্যৱধান সন্দৰ্ভত কোনো নতুন সিদ্ধান্ত লোৱা হোৱা নাই; পূৰ্বৰ নিয়মবোৰ একেই আছে। দেখা গ’ল যে হোৱাটছএপৰ মেছেজটো ডিলিট হৈ গৈছে। আনকি ইণ্ডিয়ান অইল এপত থকা এলাৰ্টটোও আঁতৰাই দিয়া হৈছে।

Apply Now

যোগানকাৰী সংস্থাটোৱে জনোৱা মতে, নতুন নিৰ্দেশনা লাভ কৰাৰ পিছত তেওঁলোকে সেই অনুসৰি অৱগত কৰিছে। পিছত হঠাতে নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হয়, যাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হয়।

প্ৰশ্ন উত্থাপন হয় – দেশখন এতিয়া হোৱাটছএপৰ জৰিয়তে চলি আছে নেকি? ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে হোৱাটছএপত SIR সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰাৰ সময়তে গেছ বুকিঙৰ নতুন নিয়মো একে মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে যাতে প্ৰয়োজন হ’লে ইয়াক সহজে ডিলিট কৰিব পৰা যায়।

সংশ্লিষ্ট মহলৰ এটা অংশৰ মতে, চৰকাৰে যিমানেই ক্ষীপ্ৰতাৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা নকৰক কিয়, প্ৰকৃত ছবিখন বেলেগ। অসমকে ধৰি সমগ্ৰ দেশতে ৰন্ধন গেছৰ বাবে দীঘলীয়া শাৰী। যেতিয়া সমগ্ৰ দেশৰ সাধাৰণ জনতাই গেছৰ সংকটত ভুগিছে, বুকিং কৰাৰ পিছতো চিলিণ্ডাৰ সময়মতে নাপায় আৰু কেতিয়া পাব সেই সম্পৰ্কে অনিশ্চয়তা আছে, তেতিয়া এনে প্ৰহসনৰ অৰ্থ কি?

এই সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ সাগৰিকা ঘোষে কয় যে, “নৰেন্দ্ৰ মোডী চৰকাৰৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই। যেতিয়া সমগ্ৰ দেশৰ সৰু সৰু খাদ্যৰ দোকান, ৰেষ্টুৰেণ্ট, ক্ষুদ্ৰ উদ্যোগ, অসংগঠিত খণ্ড, শ্ৰমিক, গৃহস্থ এল পি জি গেছৰ এই তীব্ৰ সংকটত ভুগিছে, তেতিয়া মোডী চৰকাৰে এই বাস্তৱতাক মানি ল’বলৈ একেবাৰেই ইচ্ছুক নহয়। তেওঁলোকে এনেধৰণে কৈছে, এই বৰ্দ্ধিত সংকটৰ বাবে যেন নাগৰিকসকলে আতংকিত হোৱাটোৱেই তেওঁলোকৰ দোষ। কিন্তু ৰন্ধন গেছৰ অভাৱ বা নাটনিৰ সম্ভাৱনা থাকিলে মানুহ আতংকিত হ’ব, এইটোৱেই স্বাভাৱিক।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd