• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদী চৰকাৰৰ উদাৰতা! ‘বন্ধু’ কৰ্পৰেটসকলৰ বাবে ৩৫ লাখ কোটি টকাৰ কৰ ৰেহাই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2026 11:53 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আয়কৰ বিভাগে ৫৮৮ কোটি টকা কৰ অনাদায় থকাৰ অভিযোগত দেশৰ এটা আগশাৰীৰ চিমেণ্ট কোম্পানীক জাননী প্ৰেৰণ কৰিছিল। প্ৰায় তিনিমাহৰ আইনী যুদ্ধৰ অন্তত সেই সংখ্যা ২২২ কোটি টকালৈ নামি আহিল।

চলিত বিত্তীয় বৰ্ষত এইটোৱেই একমাত্ৰ এনে উদাহৰণ নহয়। গ্ৰাহক সামগ্ৰী নিৰ্মাণ কোম্পানী এটাৰ কৰ বকেয়া ১১০ কোটিৰ পৰা প্ৰায় আধালৈ হ্ৰাস পাইছে। আকৌ এটা চিকিৎসালয় গোষ্ঠীৰ ক্ষেত্ৰত কৰ সংশোধনৰ পিছত প্ৰায় ৯০ কোটি টকাৰ কৰ বকেয়া শূন্যলৈ নামি আহিছে।

Apply Now

এনে শ শ উদাহৰণ আছে। লগতে দেখা গৈছে যে সংশ্লিষ্ট কোম্পানীৰ হাতত বকেয়া ধন আদায় কৰিব পৰাৰ পৰিমানৰ সম্পত্তিও নাই। আৰু এই সকলোবোৰৰ বাবে আয়কৰ বিভাগে কেৱল নিজৰ হিচাপৰ বহীৰ পৰা কোটি কোটি ‘বকেয়া কৰ’ মচি পেলাবলৈ বাধ্য হৈছে। মোডী চৰকাৰৰ ‘বন্ধু’ কৰ্প’ৰেটসমূহে দিবলগীয়া বকেয়া কৰ ‘ৰেহাই’ৰ পৰিমাণ চকু কপালত তুলিব পৰা – প্ৰায় ৩৫ লাখ কোটি টকা।

আজি (দেওবাৰে) সংসদত দাখিল কৰা হ’ব কেন্দ্ৰীয় বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পুনৰ আয়কৰ ৰেহাই দিব নেকি সেই কথা জানিবলৈ আগ্ৰহী সাধাৰণ মানুহ। তাৰ ঠিক আগতেই এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।

খোদ চৰকাৰী পৰিসংখ্যা অনুসৰি চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ আৰম্ভণিতে আয়কৰৰ বকেয়া আছিল প্ৰায় ৪৮ লাখ কোটি টকা। প্ৰায় সকলোবোৰ কৰ্পৰেট শিবিৰৰ পৰা আদায় কৰাৰ কথা আছিল। ইয়াৰ এক বৃহৎ অংশই কোষাগাৰলৈ আনিব নোৱাৰি বুলি ইতিমধ্যে কেন্দ্ৰই উপলব্ধি কৰিছে। সংসদীয় বিত্ত সমিতিৰ প্ৰতিবেদনত কোৱা হৈছে যে বিত্ত মন্ত্ৰালয়ে সেই বৃহৎ বকেয়া প্ৰায় ১৩.৫ লাখ কোটি টকালৈ হ্ৰাস কৰিবলৈ বাধ্য হৈছে। বাকীখিনি আৰু এতিয়া হিচাপত ৰখা হোৱা নাই।

কিন্তু এই পৰিস্থিতি কিয়? চলিত বিত্তীয় বৰ্ষৰ বাবে যোৱা বাজেটত প্ৰতিজন ব্যক্তিৰ বাবে বছৰি ১২ লাখ টকা পৰ্যন্ত আয়ৰ বাবে কৰ ৰেহাই দিয়া হৈছিল। ইয়াৰ বাবেই প্ৰায় ১ লাখ কোটি টকা কোষাগাৰত কম আহিব বুলি চৰকাৰে অনুমান কৰিছিল। সেয়ে, ‘উৎস’ বৃদ্ধি কৰিবলৈ কাৰ্যতঃ উদ্বাউল হৈ পৰিছে বিত্ত মন্ত্ৰালয়।

দেখা যায় যে কৰ্পৰেট কোম্পানীৰ পৰা অনাদায় আয়কৰ, সুত, জৰিমনা আদিৰ পৰিমাণ প্ৰায় ৪৮ লাখ ১৮ হাজাৰ কোটি টকা! সেয়া চৰকাৰৰ হাতলৈ আনিবলৈ আঞ্চলিক কাৰ্যালয়বোৰক দস্তুৰমতে লক্ষ্য বান্ধি দিয়া হৈছে। কিন্তু তেওঁলোকে ইচ্ছা কৰিলেই সেই ধন সংগ্ৰহ কৰিব পাৰিবনে?

আইনী মেৰপেচৰ বাবে বেছিভাগ কৰ জাননী গোচৰলৈ ৰূপান্তৰিত হৈছে। সংসদীয় সমিতিৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে দীৰ্ঘদিনীয়া আইনী যুদ্ধৰ সময়ছোৱাত বহু কোম্পানীত তলা লাগিছে। ইয়াৰ উপৰিও বহু কোম্পানীৰ বহু সম্পত্তি ইতিমধ্যে ইডি-চিবিআইৰ দৰে এজেন্সীৰ দখলত আছে। সেইবোৰ পুনৰুদ্ধাৰ হোৱাৰ সম্ভাৱনা কম।

আকৌ বহু কোম্পানীয়ে কাগজত ‘ভুৱা’ সম্পত্তি দেখুৱাইছে বুলি অভিযোগ উত্থাপন হৈছে। আনকি বহু ক্ষেত্ৰত একেটা আয়কৰ ফাইল দুবাৰকৈ হিচাপত অন্তৰ্ভুক্ত কৰা হৈছে। সেয়ে, এতিয়া সকলো কৰ্তনৰ পিছত আয়কৰ বিভাগে ভাবে যে ১৩ লাখ ৪৮ হাজাৰ কোটি টকা হয়তো সংগৃহীত হ’ব পাৰে। বাকী ৩৪ লাখ ৭০ হাজাৰ কোটি টকা চৰকাৰৰ ওপৰত বোজাৰ বাহিৰে আন একো নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

August 13, 2026 8:54 am
গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd