• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইজৰাইল-গাজা সংঘাত ৰোধৰ বিস্তৃত পৰিকল্পনা ট্ৰাম্পৰ… কি ক’লে প্ৰধামন্ত্ৰী মোদীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 30, 2025 1:41 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইল-গাজা সংঘাত ৰোধৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰস্তাৱ কৰা বিস্তৃত শান্তি পৰিকল্পনাক প্ৰশংসা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মঙ্গলবাৰে এক্সত (পূৰ্বৰ টুইটাৰ) এক পোষ্ট প্ৰচাৰ কৰি তেওঁ কয় যে, ট্ৰাম্পৰ এই পৰিকল্পনাই পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ বাবে “স্থায়ী শান্তিৰ” পথ প্ৰশস্ত কৰিছে। ইয়াৰ লগতে বৃহত্তৰ পশ্চিম এছিয়া অঞ্চলৰ বাবেও নিৰাপত্তা আৰু উন্নয়নৰ সুবিধা প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, “গাজা সংঘাতৰ অন্ত পেলোৱাৰ বাবে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰা বিস্তৃত পৰিকল্পনাৰ ঘোষণাক আমি আদৰণি জনাইছো। ই পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ লগতে বৃহত্তৰ পশ্চিম এছিয়া অঞ্চলৰ বাবেও স্থায়ী শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ এক কাৰ্যকৰী পথ প্ৰশস্ত কৰিব।” তেওঁ অৰ্থনৈতিক সমৃদ্ধি আৰু স্থায়ী শান্তিৰ পথত এই পৰিকল্পনাই সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ লগতে কয়, “আমি আশা কৰিছো যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই পদক্ষেপৰ আঁৰত সংশ্লিষ্ট সকলোৱে একত্ৰিত হ’ব আৰু সংঘাতৰ অন্ত পেলোৱা তথা শান্তি প্ৰতিস্থা কৰাৰ এই প্ৰচেষ্টাক সমৰ্থন কৰিব।”

Apply Now

ট্ৰাম্পৰ এই পৰিকল্পনা অনুসৰি গাজাক উগ্ৰপন্থী-মুক্ত আৰু সন্ত্ৰাসমুক্ত অঞ্চল কৰা হ’ব, যি প্ৰতিৱেশী দেশসমূহৰ বাবে কোনো ভাবুকি সৃষ্টি কৰিব নোৱাৰে। দুয়োপক্ষই এই প্ৰস্তাৱ গ্ৰহণ কৰিলে যুদ্ধ তৎক্ষণাত অন্ত হ’ব। ইজৰাইলে চুক্তি গ্ৰহণৰ ৭২ ঘণ্টাৰ ভিতৰত জীৱিত আৰু মৃত সকলো পণবন্দীক ঘূৰাই দিব। পিছত ইজৰাইলে ২৫০ জন যাবজ্জীৱন কাৰাদণ্ডৰ বন্দী আৰু ২০২৩ চনৰ ৭ অক্টোবৰৰ পিছত আটক কৰা ১৭০০ গাজাবাসী মহিলা-শিশুক মুক্তি দিব। শান্তিপূৰ্ণ হামাছ সদস্যসকলক ক্ষমা দিয়া হ’ব আৰু গাজা এৰিব বিচাৰা সদস্যসকলক নিৰাপদ পথত অন্য দেশলৈ পঠোৱা হ’ব। চুক্তি গ্ৰহণৰ লগে লগে গাজালৈ সম্পূৰ্ণ মানৱীয় সাহায্য প্ৰেৰণ কৰা হ’ব, য’ত আন্তঃগাঁথনি পুনৰ্বাসন, চিকিৎসালয়, বেকাৰী পুনৰ্বাসন আৰু ধ্বংসাৱশেষ আঁতৰাবলৈ সঁজুলিৰ প্ৰৱেশ অন্তৰ্ভুক্ত। ৰাষ্ট্ৰসংঘ আৰু ৰেড ক্ৰীচেন্টৰ জৰিয়তে সাহায্য বিতৰণ হ’ব আৰু ৰাফাহ ক্ৰছিং মুকলি কৰা হ’ব।

ইয়াৰ পূৰ্বে কানাডা, কাতাৰ, জৰ্ডান, সংযুক্ত আৰব আমিৰেট, ইণ্ডোনেছিয়া, পাকিস্তান, তুৰ্কী, চৌদি আৰব আৰু ইজিপ্তৰ দৰে মুছলমান দেশসমূহে ট্ৰাম্পৰ এই পৰিকল্পনাক সমৰ্থন জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd