• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ স্বচ্ছ ভাৰত মিশ্যনৰ উদ্দেশ্য ব্যৰ্থ; ৰাজ্যত তিনি বছৰত লক্ষ্যৰ ২০ শতাংশ শৌচাগাৰহে নিৰ্মাণ

ভৱেশ মেধি by ভৱেশ মেধি
November 10, 2018 12:21 pm
swachhata-678x381

প্ৰতিনিধিত্বমূলক চিত্ৰ

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত মিশ্যনৰ অংশ হিচাপে অহা বছৰৰ দুই অক্টোবৰৰ ভিতৰত দেশ তথা ৰাজ্যক মুকলিত মল ত্যাগ মুক্ত হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু ২০১৫ বৰ্ষতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঢাক ঢোল বজাই আৰম্ভ কৰা স্বচ্ছ ভাৰত মিশ্যন ভেঁকো-ভাওনাৰে ভৰা আঁচনিলৈ পৰিণত হৈছে।

ইফালে অসমতো স্বচ্ছ ভাৰত মিশ্যন ভেঁকো-ভাওনাত পৰিণত হোৱাৰ তথ্য পোহৰলৈ আহিছে। স্বচ্ছ ভাৰত মিশ্যন (নগৰ), অসমে ২০১৬ৰ পৰা ২০১৯ৰ ২ অক্টোবৰলৈ চাৰি বছৰত লক্ষ্য নিৰ্ধাৰণ কৰা ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ কৰা কাম যোৱা তিনি বছৰত মাত্ৰ বিশ শতাংশহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। বাকী নিৰ্ধাৰিত আশী শতাংশ ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ কৰা কাম এতিয়াও আধৰুৱা হৈ আছে।

Apply Now

স্বচ্ছ ভাৰত মিশ্যন (নগৰ) অসমৰ তথ্য মতে স্বচ্ছ ভাৰত মিশ্যন (নগৰ) অসমে অহা ২০১৯ৰ ২ অক্টোবৰৰ ভিতৰত ৰাজ্যত  ৬৮,৩৮৮টা ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু বিগত প্ৰায় আঢ়ৈ বছৰত অৰ্থ্যাৎ ২০১৬ চনৰ পৰা আজিলৈকে নিৰ্ধাৰণ কৰা ৬৮,৩৮৮ টা ব্যক্তিগত শৌচাগাৰৰ ভিতৰত বিশ শতাংশ অৰ্থ্যাৎ মাত্ৰ ১৩,১০৬টা শৌচাগাৰৰহে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।

আকৌ  স্বচ্ছ ভাৰত অভিযান (নগৰ) অসমে ৰাজ্যত ২০১৬ৰ পৰা অহা ২০১৯ৰ ২ অক্টোবৰৰ ভিতৰত ২০০০টা ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।  নিৰ্ধাৰণ কৰা ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰৰ ভিতৰত এতিয়ালৈ মাত্ৰ  ৯ শতাংশ অৰ্থ্যাৎ মাত্ৰ ১৪৬টা ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰৰহে নিৰ্মাণ সম্পূৰ্ণ হৈছে।

এইধৰণৰ ব্যৱস্থাপনাৰ মাজেৰে স্বচ্ছ ভাৰত অভিযান (নগৰ) অসমে সামৰি লোৱা ৰাজ্যৰ ৯৬খন নগৰ কমিটীৰ ৯১খন নগৰ কমিটীয়ে নিজাৱবীয়াকৈ মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰিছে। ইয়াৰ ভিতৰত ৩৩খন নগৰ কমিটীক কেন্দ্ৰীয় চৰকাৰে মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰিছে।

নগৰ কমিটীয়ে নিজাৱবীয়াকৈ মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰা প্ৰক্ৰিয়াটোত কিমান নিৰ্ভৰযোগ্যতা আছে তাক লৈ সন্দেহৰ প্ৰশ্ন উঠিছে। ব্যক্তিগত, ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰ নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ নগৰবোৰে নিজাববীয়াকৈ মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰি আছে।

মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত মিশ্যনে (নগৰ) নিৰ্ধাৰণ কৰি দিয়া নিয়মাৱলী পৌৰ সভাবোৰে পালন কৰা দেখা নাযায়। মুকলিত মল মুক্ত ঠাই হিচাপে ঘোষণা কৰাৰ গোটেই প্ৰক্ৰিয়াটোৰ বাবে মুঠ ন মাহৰ প্ৰয়োজন হয়। কিন্তু বাস্তৱত স্থানীয় নিকায়সমূহে নগৰখনত প্ৰথমে ব্যক্তিগত, ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰৰ অভাৱ পূৰণ নকৰাকৈ তিনিমাহৰ ঠাইত তিনিদিনত পৰীক্ষনৰ ব্যৱস্থা কৰাৰ পিছত নিজাৱবীয়াকৈ নগৰসমূহক মুকলিত মল মুক্ত হিচাপে ঘোষণা কৰি আছে।

আৰম্ভণিতে ব্যক্তিগত শৌচাগাৰ নিৰ্মাণৰ বাবদ কেন্দ্ৰীয় চৰকাৰে মাত্ৰ ৪০০০ টকা দিছিল। ব্যক্তিগত শৌচাগাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ত হিতাধাকাৰীক মাত্ৰ ২০০০ টকা মোকলাই দিছিল। পিছত  অৰ্থ্যাৎ  চলিত বৰ্ষৰ পৰা  ব্যক্তিগত শৌচাগাৰ নিৰ্মাণৰ বাবদ দিয়া টকাৰ পৰিমাণ কেন্দ্ৰীয় চৰকাৰে  ৪০০০ টকাৰ পৰা ১০,৮০০ টকালৈ বৃদ্ধি কৰিবলৈ বাধ্য হয়। এনেদৰে অদূৰদৰ্শীতা আৰু অৱহেলাৰে চলি আছে  স্বচছ ভাৰত মিশ্যন।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd