দেওবাৰে অন্ত পৰিল ক্ৰিকেট বিশ্বকাপৰ। সফল যাত্ৰাৰ পিছতো ফাইনেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে অৱসান ঘটিল ভাৰতীয় ক্ৰিকেট দলৰ স্বপ্নৰ দৌৰ। আশাভঙ্গৰ শোকত কাতৰ হ’ল দেশবাসী, ভাগি পৰিল খেলুৱৈসকলো।
ফাইনেলত পৰাস্ত হ’লেও অৱশ্যে প্ৰতিযোগিতাখনত চেষ্টাৰ কোনো ত্ৰুটি ৰখা নাছিল ভাৰতীয় দলৰ খেলুৱৈসকলে। দলৰ প্ৰতিগৰাকী খেলুৱৈয়েই বিশ্বজয়ৰ আশাত উজাৰি দিছিল সৰ্বস্ব। চমকপ্ৰদ প্ৰদৰ্শনেৰে দেশবাসীৰ নয়নৰ মণি হৈ পৰিছিল মহম্মদ ছামি।
প্ৰতিযোগিতাৰ প্ৰথম চাৰিখন মেচত মূল একাদশত নাথাকিলেও প্ৰত্যাৱৰ্তনৰ পিছতে দুৰন্ত ছামি হৈ পৰিছিল দেশবাসীৰ আশা ভৰসাৰ থল। সাতখন মেচত ১০.৭১ গড়েৰে ২৪ টা উইকেট দখল কৰি প্ৰতিযোগিতাৰ সৰ্বাধিক উইকেট দখলকাৰী হৈছিল ছামি।
এই অনবদ্য প্ৰদৰ্শনেৰে ভাৰতৰ বিশ্বকাপ অভিযানৰ অন্যতম নায়ক হৈ ছামিয়ে অৱশ্যে সফলতাৰ এই পথত অতিক্ৰম কৰিছিল বহু কঠিন বাধা। পাৰিবাৰিক সমস্যা, আঘাত আৰু একাংশ ধৰ্মোন্মাদ লোকৰ আতিশয্যই ছামিৰ জীৱনলৈ আনিছিল বহু কঠিনতা।
এনে পৰিস্থিতিত কেইবাবাৰো আত্মহত্যাৰ কথাও মনলৈ অনা বুলি খোদ ছামিয়েই স্বীকাৰ কৰিছে। জীৱনৰ এই ধূসৰ সময়ৰ পৰা ক্ৰিকেট বিশ্বকাপৰ সফলতম বলাৰ হিচাপে আত্মপ্ৰকাশ কৰা ছামিৰ ২০১৫ চনৰ পৰা এই যাত্ৰা চিনেমাৰ চিত্ৰনাট্যতকৈ কোনোগুণে কম নহয়।
মঙলবাৰে জনপ্ৰিয় ব্ৰেণ্ড PUMA ৰ এক প্ৰচাৰ অনুষ্ঠানৰ সময়ত ছামিয়ে সোঁৱৰে জীৱনৰ এই কঠিন অতীতত। ‘২০১৫ ৰ বিশ্বকাপৰ সময়ত মই কেনে এক কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আছো, সেয়া কোনেও নাজানিছিল’ বুলি ভাবুক হৈ পৰে তাৰকা ক্ৰিকেটাৰগৰাকী।
ছামিয়ে উল্লেখ কৰা মতে, ২০১৫ বিশ্বকাপৰ পূৰ্বে তেওঁ আঁঠুৰ আঘাতৰ সন্মুখীন হৈছিল। সেই আঘাতৰ অসহ্য যন্ত্ৰণাত আন কোনোবাই না ক’ব পাৰিলেহেঁতেন যদিও তেওঁৰ বিষ সহ্য কৰাৰ ক্ষমতা আছে বুলি মন্তব্য কৰে ছামিয়ে।
আঘাতৰ ফলত তেওঁক দিয়া হৈছিল দুটা বিকল্প- হয় পোনে পোনে অস্ত্ৰোপচাৰ কৰিবলৈ যাওক, অন্যথা ভাগ লওক বিশ্বকাপত আৰু তাৰ পিছত কৰাওক অস্ত্ৰোপচাৰ। এই দুই বিকল্পৰ মাজত ছামিয়ে গ্ৰহণ কৰিছিল কঠিনতম পন্থা আৰু ভাগ লৈছিল বিশ্বকাপত।
বিশ্বকাপৰ প্ৰতিখন মেচৰ পিছত যেতিয়া দলটো হোটেললৈ উভতি যায়, তেতিয়া ছামি চিকিৎসালয়লৈ যায় বিষ উপশমৰ বাবে বেজী ল’বলৈ। এনে কষ্টকৰ অনুভৱৰ কথা সুঁৱৰি ছামিয়ে কয়, “দেশৰ হৈ খেলিলে সকলো পাহৰি যোৱা হয়।”
বিশ্বকাপৰ পিছত ছামিৰ আঁঠুৰ অস্ত্ৰোপচাৰ কৰা হয়। অস্ত্ৰোপচাৰৰ পিছত দুঘণ্টা ধৰি অচেতন হৈ আছিল ছামি। চেতনা ঘূৰাই পোৱাৰ পিছতে ছামিয়ে কাষতে থকা চিকিৎসকক তেওঁ পুনৰ খেলপথাৰলৈ ঘূৰিব পাৰিব বুলি প্ৰশ্ন কৰে।
এই প্ৰশ্নৰ উত্তৰত ছামিয়ে শুনিছিল এক অনাকাংক্ষিত উত্তৰ। চিকিৎসকজনৰ মন্তব্য আছিল, পেং নোহোৱাকৈ খোজ কাঢ়িব পৰাটোৱেই ছামিৰ বাবে হ’ব ঠাঙৰ কৃতিত্ব। খেৰাৰ কথা পাহৰিয়েই যাব লাগে ছামিয়ে!
অৱশ্যে নিজে কিদৰে এই পৰিস্থিতিৰ মোকাবিলা কৰে, তাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে বুলিও উল্লেখ কৰে চিকিৎসকজনে। আৰু নিজৰ চেষ্টাৰ বলত ছামিয়ে কৰি তুলিলে অসাধ্য সাধন। চিকিৎসকৰ সম্ভাৱনাক ভুল প্ৰমাণিত কৰি খেলপথাৰলৈ প্ৰত্যাৱৰ্তন কৰিলে ছামিয়ে।
তাৰ পিছত আৰু পিছলৈ ঘূৰি চোৱা নাই ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰগৰাকীয়ে প্ৰেৰণাদায়ক প্ৰত্যাৱৰ্তনেৰে সদ্যসমাপ্ত বিশ্বকাপত ছামি হৈ পৰিল বিশ্বকাপ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰ; হৈ পৰিল ভাৰতৰ শ্ৰেষ্ঠ এদিনীয়া বলিং ফিগাৰৰ ৰেকৰ্ডৰ অধিকাৰী।
ছামিৰ এই প্ৰেৰণাদায়ক কাহিনীয়ে এতিয়া বিশ্বজুৰি লাভ কৰিছে তুমুল চৰ্চা। বিশ্বকাপত কৰা দুৰন্ত প্ৰদৰ্শনেৰে ক্ৰিকেট বিশ্বত নায়ক হৈ পৰা ছামি জীৱনৰ কঠিন যুঁজক জিনিও হৈ পৰিছে সফলতাৰ এক জ্বলন্ত দৃষ্টান্ত।