• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিকিৎসকে কৈছিল পুনৰাই খেলাৰ কথা পাহৰি যাবলৈ: অতীত সুঁৱৰি ভাবুক ছামি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2023 1:30 pm
Mohammed Shami Cricket World Cup 2023
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে অন্ত পৰিল ক্ৰিকেট বিশ্বকাপৰ। সফল যাত্ৰাৰ পিছতো ফাইনেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে অৱসান ঘটিল ভাৰতীয় ক্ৰিকেট দলৰ স্বপ্নৰ দৌৰ। আশাভঙ্গৰ শোকত কাতৰ হ’ল দেশবাসী, ভাগি পৰিল খেলুৱৈসকলো।

ফাইনেলত পৰাস্ত হ’লেও অৱশ্যে প্ৰতিযোগিতাখনত চেষ্টাৰ কোনো ত্ৰুটি ৰখা নাছিল ভাৰতীয় দলৰ খেলুৱৈসকলে। দলৰ প্ৰতিগৰাকী খেলুৱৈয়েই বিশ্বজয়ৰ আশাত উজাৰি দিছিল সৰ্বস্ব। চমকপ্ৰদ প্ৰদৰ্শনেৰে দেশবাসীৰ নয়নৰ মণি হৈ পৰিছিল মহম্মদ ছামি।

Apply Now

প্ৰতিযোগিতাৰ প্ৰথম চাৰিখন মেচত মূল একাদশত নাথাকিলেও প্ৰত্যাৱৰ্তনৰ পিছতে দুৰন্ত ছামি হৈ পৰিছিল দেশবাসীৰ আশা ভৰসাৰ থল। সাতখন মেচত ১০.৭১ গড়েৰে ২৪ টা উইকেট দখল কৰি প্ৰতিযোগিতাৰ সৰ্বাধিক উইকেট দখলকাৰী হৈছিল ছামি।

এই অনবদ্য প্ৰদৰ্শনেৰে ভাৰতৰ বিশ্বকাপ অভিযানৰ অন্যতম নায়ক হৈ ছামিয়ে অৱশ্যে সফলতাৰ এই পথত অতিক্ৰম কৰিছিল বহু কঠিন বাধা। পাৰিবাৰিক সমস্যা, আঘাত আৰু একাংশ ধৰ্মোন্মাদ লোকৰ আতিশয্যই ছামিৰ জীৱনলৈ আনিছিল বহু কঠিনতা।

এনে পৰিস্থিতিত কেইবাবাৰো আত্মহত্যাৰ কথাও মনলৈ অনা বুলি খোদ ছামিয়েই স্বীকাৰ কৰিছে। জীৱনৰ এই ধূসৰ সময়ৰ পৰা ক্ৰিকেট বিশ্বকাপৰ সফলতম বলাৰ হিচাপে আত্মপ্ৰকাশ কৰা ছামিৰ ২০১৫ চনৰ পৰা এই যাত্ৰা চিনেমাৰ চিত্ৰনাট্যতকৈ কোনোগুণে কম নহয়।

মঙলবাৰে জনপ্ৰিয় ব্ৰেণ্ড PUMA ৰ এক প্ৰচাৰ অনুষ্ঠানৰ সময়ত ছামিয়ে সোঁৱৰে জীৱনৰ এই কঠিন অতীতত। ‘২০১৫ ৰ বিশ্বকাপৰ সময়ত মই কেনে এক কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আছো, সেয়া কোনেও নাজানিছিল’ বুলি ভাবুক হৈ পৰে তাৰকা ক্ৰিকেটাৰগৰাকী।

ছামিয়ে উল্লেখ কৰা মতে, ২০১৫ বিশ্বকাপৰ পূৰ্বে তেওঁ আঁঠুৰ আঘাতৰ সন্মুখীন হৈছিল। সেই আঘাতৰ অসহ্য যন্ত্ৰণাত আন কোনোবাই না ক’ব পাৰিলেহেঁতেন যদিও তেওঁৰ বিষ সহ্য কৰাৰ ক্ষমতা আছে বুলি মন্তব্য কৰে ছামিয়ে।

আঘাতৰ ফলত তেওঁক দিয়া হৈছিল দুটা বিকল্প- হয় পোনে পোনে অস্ত্ৰোপচাৰ কৰিবলৈ যাওক, অন্যথা ভাগ লওক বিশ্বকাপত আৰু তাৰ পিছত কৰাওক অস্ত্ৰোপচাৰ। এই দুই বিকল্পৰ মাজত ছামিয়ে গ্ৰহণ কৰিছিল কঠিনতম পন্থা আৰু ভাগ লৈছিল বিশ্বকাপত।

বিশ্বকাপৰ প্ৰতিখন মেচৰ পিছত যেতিয়া দলটো হোটেললৈ উভতি যায়, তেতিয়া ছামি চিকিৎসালয়লৈ যায় বিষ উপশমৰ বাবে বেজী ল’বলৈ। এনে কষ্টকৰ অনুভৱৰ কথা সুঁৱৰি ছামিয়ে কয়, “দেশৰ হৈ খেলিলে সকলো পাহৰি যোৱা হয়।”

বিশ্বকাপৰ পিছত ছামিৰ আঁঠুৰ অস্ত্ৰোপচাৰ কৰা হয়। অস্ত্ৰোপচাৰৰ পিছত দুঘণ্টা ধৰি অচেতন হৈ আছিল ছামি। চেতনা ঘূৰাই পোৱাৰ পিছতে ছামিয়ে কাষতে থকা চিকিৎসকক তেওঁ পুনৰ খেলপথাৰলৈ ঘূৰিব পাৰিব বুলি প্ৰশ্ন কৰে।

এই প্ৰশ্নৰ উত্তৰত ছামিয়ে শুনিছিল এক অনাকাংক্ষিত উত্তৰ। চিকিৎসকজনৰ মন্তব্য আছিল, পেং নোহোৱাকৈ খোজ কাঢ়িব পৰাটোৱেই ছামিৰ বাবে হ’ব ঠাঙৰ কৃতিত্ব। খেৰাৰ কথা পাহৰিয়েই যাব লাগে ছামিয়ে!

অৱশ্যে নিজে কিদৰে এই পৰিস্থিতিৰ মোকাবিলা কৰে, তাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে বুলিও উল্লেখ কৰে চিকিৎসকজনে। আৰু নিজৰ চেষ্টাৰ বলত ছামিয়ে কৰি তুলিলে অসাধ্য সাধন। চিকিৎসকৰ সম্ভাৱনাক ভুল প্ৰমাণিত কৰি খেলপথাৰলৈ প্ৰত্যাৱৰ্তন কৰিলে ছামিয়ে।

তাৰ পিছত আৰু পিছলৈ ঘূৰি চোৱা নাই ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰগৰাকীয়ে প্ৰেৰণাদায়ক প্ৰত্যাৱৰ্তনেৰে সদ্যসমাপ্ত বিশ্বকাপত ছামি হৈ পৰিল বিশ্বকাপ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰ; হৈ পৰিল ভাৰতৰ শ্ৰেষ্ঠ এদিনীয়া বলিং ফিগাৰৰ ৰেকৰ্ডৰ অধিকাৰী।

ছামিৰ এই প্ৰেৰণাদায়ক কাহিনীয়ে এতিয়া বিশ্বজুৰি লাভ কৰিছে তুমুল চৰ্চা। বিশ্বকাপত কৰা দুৰন্ত প্ৰদৰ্শনেৰে ক্ৰিকেট বিশ্বত নায়ক হৈ পৰা ছামি জীৱনৰ কঠিন যুঁজক জিনিও হৈ পৰিছে সফলতাৰ এক জ্বলন্ত দৃষ্টান্ত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd