• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংঘৰ্ষজৰ্জৰ মণিপুৰ ভ্ৰমণ কৰিব মোহন ভাগৱতে, ৰাজ্যবাসীক দিব বিশেষ বাৰ্তা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2025 7:00 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুবছৰ ধৰি জ্বলি আছে মণিপুৰ। এই সময়চোৱাত বহু লোক স্থানচ্যুত হৈছে। প্ৰধানমন্ত্ৰী এতিয়ালৈকে এবাৰহে তালৈ গৈছে। এইবাৰ মণিপুৰ ভ্ৰমণলৈ গৈ আছে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত।

জানিব পৰা মতে ২০ নৱেম্বৰত সংঘৰ মুৰব্বী মণিপুৰলৈ যাব। তিনিদিনীয়া ভ্ৰমণৰ সময়ছোৱাত তেওঁৰ কেইবাটাও কাৰ্যসূচী আছে। মণিপুৰ আৰ এছ এছৰ সভাপতি তৰুণ কুমাৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে এই ভ্ৰমণৰ সময়ত তেওঁ ৰাজ্যৰ বিভিন্ন সাধাৰণ লোক, উদ্যোগী আৰু বিভিন্ন জনজাতীয় গোটৰ নেতাক সাক্ষাৎ কৰিব।

Apply Now

শৰ্মাই কয় যে প্ৰথম দিনাই ইম্ফলৰ কাঞ্জেন লাইকাইত এক অনুষ্ঠানত উদ্যোগী আৰু বিশিষ্ট ব্যক্তিক লগ পাব। ইয়াৰ পাছত ২১ নৱেম্বৰত ভাগৱতে মণিপুৰ পাহাৰৰ জনজাতীয় নেতাসকলক সাক্ষাৎ কৰিব। অৱশ্যে শৰ্মাই কয় যে সংঘাতৰ ফলত স্থানচ্যুত হোৱা লোকসকল থকা সাহায্য শিবিৰসমূহ তেওঁ ভ্ৰমণ নকৰে বুলি এতিয়ালৈকে সিদ্ধান্ত লোৱা হৈছে।

২০২৩ চনৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা মেটেই-কুকি সংঘাতত ২৬০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।ইয়াৰ উপৰিও হাজাৰ হাজাৰ লোক স্থানচ্যুত হৈছে। কিছুদিন পূৰ্বে দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত শনিবাৰে মণিপুৰত ভৰি দিছিল মোদীয়ে। চুৰাচান্দপুৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে হিংসা পাহৰি শান্তিৰ আহ্বান জনায়। তেওঁৰ বাৰ্তা আছিল, ‘উন্নয়নৰ বাবে শান্তি অতি প্ৰয়োজনীয়।’ উত্তৰ-পূব ৰাজ্যত উন্নয়ন চলি থাকিবলৈ সংঘাত বন্ধ কৰিবলৈ তেওঁ আবেদন জনায়। লগতে তেওঁ কয়, “কেন্দ্ৰীয় চৰকাৰে আপোচত উপনীত হ’বলৈ ৰাজ্যৰ বিভিন্ন গোটৰ সৈতে আলোচনা অব্যাহত ৰাখিছে।”

উল্লেখ্য যে বিজেপিৰ ৰাজনীতিৰ আঁৰৰ মূল মতাদৰ্শগত সংগঠন আৰ এছ এছ। সংঘৰ মুৰব্বীগৰাকীয়ে শেষবাৰৰ বাবে ২০২২ চনত মণিপুৰ ভ্ৰমণ কৰিছিল। ৰাজ্যখনত দুবছৰীয়া সংঘাতৰ আঁৰত আৰ এছ এছৰ আঁৰত মণিপুৰৰ বিভিন্ন গোটে অভিযোগ উত্থাপন কৰিছে। মূলতঃ মেটেইসকলে এই অভিযোগ উত্থাপন কৰিছিল। আনহাতে চৰকাৰৰ লগত আলোচনা কৰি কুকিসকলে ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰে। এই পৰিস্থিতিত বিশেষজ্ঞসকলৰ মতে ৰাজনৈতিক আৰু সামাজিক দুয়োটা দৃষ্টিকোণৰ পৰা এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 9, 2026 9:09 am
পুৱা খোজ কাঢ়িবলৈ গৈ কৰুণ পৰিণতি! আৰক্ষী বিষয়াৰ নিচাগ্ৰস্ত পুত্ৰৰ মাৰ্চিডিজৰ খুন্দাত মৃত্যু বৃদ্ধাৰ

পুৱা খোজ কাঢ়িবলৈ গৈ কৰুণ পৰিণতি! আৰক্ষী বিষয়াৰ নিচাগ্ৰস্ত পুত্ৰৰ মাৰ্চিডিজৰ খুন্দাত মৃত্যু বৃদ্ধাৰ

August 9, 2026 8:51 am
সাঁতোৰত অসমৰ আন এক সোণালী সাফল্য; কস্তুৰী গগৈৰ দ্বিতীয়টো সোণৰ পদক জয়

সাঁতোৰত অসমৰ আন এক সোণালী সাফল্য; কস্তুৰী গগৈৰ দ্বিতীয়টো সোণৰ পদক জয়

August 9, 2026 8:09 am
ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 9, 2026 9:09 am
পুৱা খোজ কাঢ়িবলৈ গৈ কৰুণ পৰিণতি! আৰক্ষী বিষয়াৰ নিচাগ্ৰস্ত পুত্ৰৰ মাৰ্চিডিজৰ খুন্দাত মৃত্যু বৃদ্ধাৰ

পুৱা খোজ কাঢ়িবলৈ গৈ কৰুণ পৰিণতি! আৰক্ষী বিষয়াৰ নিচাগ্ৰস্ত পুত্ৰৰ মাৰ্চিডিজৰ খুন্দাত মৃত্যু বৃদ্ধাৰ

August 9, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd