• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হেমাংগ বিশ্বাসৰ জন্মদিনত ‘মৈত্ৰী সন্মিলন’ : বাঙালী সংগঠনে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰিছে নেকি হেমাংগ বিশ্বাসক?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 28, 2018 6:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত গুৱাহাটীত সমাৱেশ পাতিবলৈ গৈ গণবিৰোধৰ সন্মুখীন হৈ সুৰ সলোৱা ২৬টা বাঙালী সংগঠনে এইবাৰ নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ বিচাৰিছে অসমৰ সমাজ-সংস্কৃতিলৈ প্ৰশংসনীয় বৰঙনি আগ বঢ়োৱা আৰু অসমীয়া মানুহৰ জনমানসত বিশেষ স্থান অধিকাৰ কৰি থকা প্ৰখ্যাত শিল্পী, গীতিকাৰ তথা লেখক হেমাংগ বিশ্বাসৰ নাম।

অসমীয়া ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ প্ৰয়াত মহান শিল্পীগৰাকীক ব্যৱহাৰ কৰিবলৈ ওলোৱাত সংগঠনকেইটাৰ অভিপ্ৰায় সম্পৰ্কে প্ৰশ্ন তুলিছে বিভিন্ন পক্ষই।

Apply Now

উল্লেখযোগ্য যে ১৭ নৱেম্বৰত ২৬টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ চি আৰ পি এফ-এই খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত এখন সমাৱেশৰ আয়োজন কৰিছিল যদিও অসমৰ জাতীয়তাবাদী শিবিৰৰ প্ৰৱল প্ৰতিবাদত সেয়া বাতিল কৰে। কিন্তু চি আৰ পি এফ-এৰ নেতা তথা হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবে আজি ধুবুৰীত সাংবাদিকৰ আগত কয় যে মঞ্চই অহা ১২ ডিচেম্বৰত হেমাংগ বিশ্বাসৰ জন্মদিনটোত এই সন্মিলনখনৰ বিকল্প হিচাপে ‘মৈত্ৰী সন্মিলন’ আয়োজন কৰিব।

বিধায়ক শিলাদিত্য দেবে কয়, “১৭ নৱেম্বৰত সমাবেশ পাতি আমি সংঘাতৰ সৃষ্টি কৰিব বিচৰা নাই। আমি অসম সাহিত্য সভাৰ অনুৰোধ অনুসৰি এই দিনটো সলনি কৰিছো। আমি সিদ্ধান্ত লৈছো যে ১২ ডিচেম্বৰত হেমাংগ বিশ্বাসৰ জন্মদিন। সেই দিনটো যদি অসম সাহিত্য সভাই মানি লয় আৰু ‘মৈত্ৰী সন্মিলন’ পাতিব পৰা যায় তেতিয়া সমাজলৈ এটা প্ৰকৃত অৰ্থত মৈত্ৰীৰ বাৰ্তা যাব।”

কিন্তু গুৱাহাটীত সমাৱেশ পাতিবলৈ উঠিপৰি লগা উক্ত বাঙালী সংগঠনকেইটাই এতিয়া সুৰ সলাই এই সমাৱেশত নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে কোনো আলোচনা নহয় বুলি ক’লেও বিধেয়কখনৰ বিৰোধিতা কৰা নাই।

তাৰ সলনি শিলাদিত্যই কয় যে ১৯৭১ চনৰ আগৰ হিন্দু বাঙালী লোকৰ নাম এন আৰ চিৰ খচৰাত নোসোমোৱাৰ বাবেহে হেনো তেওঁলোকে এই বিধেয়কৰ সমৰ্থন কৰে।

কিন্তু মন কৰিব লগীয়া যে, বিধায়ক শিলাদিত্য দেব, সুকুমাৰ বিশ্বাসকে ধৰি বাঙালী সংগঠনৰ এই নেতাসকলে এন আৰ চিৰ খচৰা প্ৰকাশৰ আগৰে পৰাই অসমৰ খিলঞ্জীয়া ৰাইজে বিৰোধিতা কৰা বিধেয়কখনৰ পক্ষত আছিল।

এতিয়া এই সমাৱেশখনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে প্ৰৱল প্ৰতিবাদৰ সৃষ্টি হোৱাত বাংলাৰ লগতে অসমীয়া সাহিত্য-সংস্কৃতিলৈ প্ৰচুৰ বৰঙনি আগবঢ়োৱা স্বনামধন্য শিল্পী হেমাংগ বিশ্বাসক সাঙুৰি লৈ সমাৱেশখন পাতিব বিচৰা কাৰ্য্যই মৃদু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়, “হেমাংগ বিশ্বাসৰ অসমৰ সমাজ-সংস্কৃতি-সাহিত্যলৈ যথেষ্ট বৰঙনি আছে। হেমাংগ বিশ্বাসক ঢাল হিচাপে ব্যৱহাৰ কৰি অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষত এটা পৰিৱেশ ৰচনা কৰিব যোৱাটো এটা দুৰ্ভাগ্যজনক কথা।”

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত সমাৱেশ পাতিবলৈ যো-জা চলোৱাৰ পাছত ৰাজ্যত উদ্ভৱ হোৱা পৰিস্থিতি তেওঁলোকৰ সপক্ষে নহয় বুলি জানিয়েই এই সংগঠনকেইটাই এইদৰে ছল-চাতুৰিৰে সামৱেশ পাতিবলৈ আগ বাঢ়িছে বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে, বিধায়ক শিলাদিত্য দেবে আজি সাংবাদিকৰ আগত ১২ ডিচেম্বৰ হেমাংগ বিশ্বাসৰ জন্মদিন বুলি কয় যদিও প্ৰকৃততে ১২ ডিচেম্বৰ নহয়, ১৪ ডিচেম্বৰহে হেমাংগ বিশ্বাসৰ জন্মদিন।

এই কথাই প্ৰমাণ কৰিছে যে অসমৰ খিলঞ্জীয়া দল-সংগঠনৰ প্ৰতিবাদত নিজৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধি কৰিব নোৱাৰি বৰেণ্য শিল্পীগৰাকীক ব্যৱহাৰ কৰিব বিচাৰিছে যদিও শিল্পীগৰাকীৰ জন্মদিন কেতিয়া সেইকথা নাজানে বিতৰ্কিত বিধায়ক শিলাদিত্য দেবে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd