DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোনাবাৰী বনাঞ্চলক কাজিৰঙাত অন্তৰ্ভূক্ত, কাজিৰঙাৰ কোনটো সংযোজনত আছে কিমান বনাঞ্চল?

উত্তম শইকীয়া ,বোকাখাত by উত্তম শইকীয়া ,বোকাখাত
November 11, 2021 3:33 pm
343
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰালয়ৰ আয়ুক্ত সচিবয়ে যোৱা ৮ নবেম্বৰত জাৰি কৰা FRM.203/2017/83 নম্বৰৰ প্ৰাৰম্ভিক জাননীৰে বিশ্বনাথৰ মোনাবাৰী অঞ্চলৰ ৪৫২ হেক্টৰ ভুমিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংযোজন হিচাবে ঘোষণা কৰে ৷

এই ঘোষণাৰে অসম চৰকাৰে মোনাবাৰী চাহ বাগিচাৰ লগতে থকা এই ৪৫২ হেক্টৰ ভুমিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে অন্তৰ্ভুক্ত কৰা হ’ল ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে বিশ্বনাথ জিলাৰ মোনাবাৰী চাহ বাগিছাৰ সৈতে সংলগ্নিত এই ৪৫২ হেক্টৰ ভূমিত ভূমি সংৰক্ষণ বিভাগে ১৯৬২ চনতে বৃক্ষ ৰোপণ কৰিছিল আৰু তেতিয়াৰে পৰাই গঢ়ি উঠিছিল এক বনাঞ্চল ৷

মোনাবাৰীৰ এই বনাঞ্চলত বিভিন্ন সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যোৱা বন্যপ্ৰাণীয়ে আশ্ৰয় লৈ আহিছিল।

২০০৬ চনতে এই বনাঞ্চলক বন বিভাগক অৰ্পণ কৰা হৈছিল যদিও আনুষ্ঠানিক ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অৰ্পণ কৰা হোৱা নাছিল ৷ বন বিভাগৰ হাতলৈ অহাৰ পিচতেই মোনাবাৰী বনাঞ্চলত বন শিৱিৰ স্থাপন কৰি বন কৰ্মীও নিয়োগ কৰা হৈছিল ৷

শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অসম চৰকাৰক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে এই ৪৫২ হেক্টৰ বনাঞ্চলৰ প্ৰয়োজন বুলি অৱগত কৰাৰ পিচত অসম চৰকাৰে মোনাবাৰী চাহ বাগিচাৰ এই ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংযোজন হিচাপে প্ৰাৰম্ভিক ভাৱে ঘোষণা কৰে।

উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য দেওচূড় আৰু পালখোৱাৰ ১৭৬ হেক্টৰ ভূমিক সপ্তম সংযোজন , বান্দৰডুবি এলেকাৰ ৩০৭ হেক্টৰ ভূমিক অষ্টম সংযোজন আৰু শোণিতপুৰ জিলাৰ জীয়াভৰলীৰ কাষৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান সংযোগী মকোৱা চাপৰি ২৫৭০ হেক্টৰ ভূমিক কাজিৰঙাৰ নৱম সংযোজন হিচাবে ঘোষণা কৰাৰ পিচত এতিয়া মোনাবাৰীৰ ৪৫২ হেক্টৰ বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংযোজন হিচাবে ঘোষণা কৰিছে অসম চৰকাৰে ৷

দশম সংযোজন হিচাবে মোনাবাৰী বনাঞ্চল সংযোজন হোৱাৰ পিচত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ সম্প্ৰতি ৯১৫ বৰ্গ কিলোমিটাৰৰ পৰা ৯২৫ বৰ্গ কিলোমিটাৰলৈ লৈ বৃদ্ধি পালে৷

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd