• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2026 5:52 pm
86
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনলাইনত খাদ্যৰ অৰ্ডাৰ দিয়াৰ পাছত আৱাসগৃহৰ গেটত পৰিচয় পৰীক্ষাৰ বাবে ডেলিভাৰী বয়ক ৰখাইছিল নিৰাপত্তাৰক্ষীয়ে। এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিল এগৰাকী মহিলা। অভিযোগ অনুসৰি, তেওঁ আৱাসগৃহৰ নিৰাপত্তাৰক্ষীৰ সৈতে তীব্ৰ তৰ্কত লিপ্ত হোৱাৰ লগতে অশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰে, ভাবুকি দিয়ে আৰু এগৰাকী নিৰাপত্তাৰক্ষীক হাতেও আঘাত কৰে। ঘটনাৰ ভিডিঅ’ সমাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

ঘটনাটো সংঘটিত হৈছে গ্ৰেটাৰ নয়ডা ৱেষ্টৰ বিসৰখ থানাৰ অন্তৰ্গত ‘আম্ৰপালী চেঞ্চুৰিয়ান পাৰ্ক টেৰেছ হোমছ’ নামৰ অভিজাত আৱাসগৃহত। বুধবাৰে নিশা মহিলাগৰাকীয়ে এটা অনলাইন খাদ্য সেৱাৰ জৰিয়তে খাদ্য অৰ্ডাৰ কৰিছিল। আৱাসগৃহৰ নিয়ম অনুসৰি, নিৰাপত্তাৰক্ষীয়ে গেটত ডেলিভাৰী বয়জনক ৰখাই পৰিচয় পৰীক্ষা কৰিবলৈ লয়। এই কথাত ক্ষুব্ধ হৈ মহিলা তললৈ নামি আহি নিৰাপত্তাৰক্ষীসকলৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয়।

Apply Now

সমাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে গেটৰ সন্মুখত মহিলা আৰু নিৰাপত্তাৰক্ষীসকলৰ মাজত তীব্ৰ তৰ্ক চলিছে। মহিলাগৰাকীয়ে একেৰাহে অশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰা দেখা যায়। কেৱল কথাৰ যুঁজতে তেওঁ থমকি নাথাকি, চকীত বহি থকা এগৰাকী নিৰাপত্তাৰক্ষীক গোৰ  মাৰিবলৈ চেষ্টা কৰাৰ লগতে আন এগৰাকী ৰক্ষীক হাতেও আঘাত কৰা বুলি অভিযোগ উঠিছে।

ভিডিঅ’টোত মহিলাগৰাকীয়ে নিৰাপত্তাৰক্ষীসকলৰ সামাজিক আৰু আৰ্থিক অৱস্থাক লৈও কটাক্ষ কৰা শুনা যায়। তেওঁ এজন ৰক্ষীক উদ্দেশ্য কৰি কয়, “মোৰ সন্মুখত তোৰ কোনো যোগ্যতা নাই, তোকে জোতা পৰিষ্কাৰ কৰাম।” আনকি আৰক্ষীক ফোন কৰাৰ বাবেও প্ৰত্যাহ্বান জনাই তেওঁ চিঞৰি কয়, “কাক মাতিবি মাত।” বাক-বিতণ্ডাৰ মাজতে তেওঁ দলিত সম্প্ৰদায় আৰু জাতিগত পৰিচয়ক লৈ অপমানজনক মন্তব্য কৰাৰো অভিযোগ উত্থাপিত হৈছে।

ঘটনাৰ ভিডিঅ’ ৰাজহুৱা হোৱাৰ পাছতে সমাজিক মাধ্যমত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। বহু লোকেই মহিলাগৰাকীৰ আচৰণক উদ্ধত, অমানৱীয় আৰু নিন্দনীয় আখ্যা দি কঠোৰ সমালোচনা কৰিছে। বহুজনৰ মতে, ধন-সম্পত্তি বা সামাজিক পৰিচয়ৰ জোৰত পৰিশ্ৰম কৰি জীৱিকা উপাৰ্জন কৰা মানুহক অপমান কৰাৰ কোনো অধিকাৰ কাৰো নাই। একে সময়তে, ইমান উত্তেজনাৰ মাজতো নিৰাপত্তাৰক্ষীসকলে যথেষ্ট ধৈৰ্য ধৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে বহু লোকে তেওঁলোকৰ প্ৰশংসা কৰিছে।

ইফালে, ঘটনাটোক গুৰুত্বসহকাৰে লৈ বিসৰখ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ মতে, ঘটনাৰ সম্পূৰ্ণ ভিডিঅ’ আৰু অন্যান্য প্ৰমাণ পৰীক্ষা কৰা হৈছে। অভিযোগৰ ভিত্তিত তদন্ত সম্পূৰ্ণ কৰি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বৰ্তমান আৱাসগৃহখনত পৰিস্থিতি স্বাভাৱিক হৈ আছে বুলি জানিবলৈ দিছে প্ৰশাসনে।

খাদ্যৰ এটা সাধাৰণ ডেলিভাৰী লৈ আৰম্ভ হোৱা এই বচসাই এতিয়া সমাজত শ্ৰমজীৱী লোকৰ প্ৰতি আচৰণ, আৱাসগৃহৰ কঠোৰ নিয়ম আৰু সামাজিক বৈষম্যৰ দৰে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। নিৰাপত্তাৰক্ষী হওক বা ডেলিভাৰী কৰ্মী, কামৰ সন্মান আৰু মানুহ হিচাপে মৰ্যাদা কোনো পৰিস্থিতিতেই হ্ৰাস পাব নালাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd