নাবালক পুত্ৰৰ বিয়া পাতি দিবলৈ অস্বীকাৰ কৰা এগৰাকী ৪০ বছৰীয়া মহিলাক চুলি খুৰাই মাৰপিট কৰাৰ ঘটনাটোত জৰিত থকাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে শনিবাৰে ৩গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে।
যোৱা ৩ অক্তোবৰত ধুবুৰীৰ গোলকগঞ্জ আৰক্ষী থানাৰ বটেৰহাট গাঁৱত সংঘটিত হোৱা এই নিৰ্য্যাতনৰ ঘটনাটোৰ ভিডিঅ’টো ইতিমধ্যে চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলাকেইগৰাকীৰ নাম এতিয়ালৈকে ৰাজহুৱা কৰা নাই আৰু আন ৫ গৰাকী লোকক আটক কৰাৰ বাবে চেষ্টা চলাই আছে।
ভুক্তভোগী মহিলাগৰাকীৰ স্বামী ময়নুল হকৰ অভিযোগৰ ভিত্তিত গোলকগঞ্জ থানাত এটা গোচৰ ৰুজু কৰা হৈছে।
“এই সন্দৰ্ভত গোলকগঞ্জ থানাত ভাৰতীয় দণ্ডবিধিৰ ১৪৭, ১৪৮, ৩২৩, ৩৫৪ (বি), ৩৪২, ৩২৫, ৩২৬ আৰু ৩০৭ ধাৰাৰ অধীনত ১০৩০/ ১৮ নং এক গোচৰ পঞ্জীয়ন কৰা হৈছে,” জনালে অতিৰিক্ত আৰক্ষী অধীক্ষক গুণীন্দ্ৰ ডেকাই।
ডেকাই লগতে জনাই যে ঘটনাটোৰ খবৰ পোৱা লগে লগেই ছাগলীয়া চকীৰ আৰক্ষী ঘটনাথলীত উপস্থিত হৈছিল।
“ঘটনাটোৰ খবৰ পাই ছাগলীয়া চকীৰ আৰক্ষী গৈ লগে লগে মহিলাগৰাকীক উদ্ধাৰ কৰে,” নৰ্থ ইষ্ট নাও-ক জনালে ডেকাই।
জানিব পৰা মতে মণ্টু শ্বেখ নামৰ এজন লোকৰ সৈতে পূৰ্বৰ বিবাহসূত্ৰে জন্ম পোৱা নাবালক সন্তানটোৱে। আৰু কাষৰ এখন গাঁৱত বাস কৰা মহিলাগৰাকীৰ পূৰ্বৰ স্বামী শ্বেখে সন্তানটোৰ বিয়া পতাৰ বাবে চেষ্টা চলাই আছে।