• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতত COVID-19 ত মহিলাতকৈ পুৰুষ অধিক সংক্ৰমিত হৈছে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 7, 2020 9:33 am

2 min read

5 persons test COVID-19 positive in Assam on Thursday

প্ৰতিনিধিত্বমূলক ফটো

19.6k
VIEWS
Share on FacebookShare on Twitter

স্বাস্থ্য মন্ত্ৰ্যালয়ে ৪,০৬৭ গৰাকী COVID-19 ৰোগীৰ ওপৰত চলোৱা এক বিশ্লেষণত প্ৰকাশ পাইছে যে এই ৰোগত মহিলাতকৈ পুৰুষ অধিক সংক্ৰমিত হৈছে আৰু সেইদৰে মৃত্যুও ঘটিছে।

ভাৰতত ধৰা পৰা COVID-19 পজিটিভ লোকৰ মাজত ৭৬ শতাংশ হৈছে পুৰুষ।

সেইদৰে মৃত্যু হোৱা ৰোগীৰ ভিতৰত ৭৩ শতাংশ হৈছে পুৰুষ।

বিশ্লেষণ অনুসৰি, মৃত্যু হোৱাসকলৰ ভিতৰত ৬৩ শতাংশ হৈছে ৬০ বছৰৰ উৰ্দ্ধৰ বয়সৰ।

তদুপৰি, মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৮৬ শতাংশই অতিৰিক্ত স্বাস্থ্যজনিত সমস্যা যেনে ডায়েবেটিজ, হাৰ্ট ডিজিজ, হাইপাৰটেনশ্যন আদিত আক্ৰান্ত লোক।

সোমবাৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ শেহতীয়া তথ্য অনুসৰি দেশত মুঠ COVID-19 ৰোগীৰ সংখ্যা হৈছে ৪,২৮১জন আৰু ইয়াৰ ভিতৰত ৩১৯জন সুস্থ হৈ উঠাৰ বিপৰীতে ১১১জন লোকৰ মৃত্যু হৈছে।

দেওবাৰে মুঠ আক্ৰান্তৰ সংখ্যা আছিল ৩,৫৭৭জন।

মৃত্যু হোৱা লোকসকলৰ ভিতৰত যদিওবা ৬৩ শতাংশ জ্যেষ্ঠ নাগৰিক আছে, সোমবাৰে বিয়লিলৈকে এই ৪,২৮১জন COVID-19 ৰোগীৰ মাজত ই মাত্ৰ ১৯ শতাংশহে।

আই চি এম আৰৰ তথ্য মতে সোমবাৰে নিশা ৯ বজালৈকে মুঠ ১,০১,০৬৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

আই চি এম আৰৰ এপিডেমিঅ’লজিৰ সঞ্চালক ড০ আৰ আৰ গংগাখেদকাৰে কয় যে কাউন্সিলে প্ৰতিদিনে ২৫,০০০ পৰীক্ষা কৰিবলৈ সক্ষম।

ইয়াৰ মাজতে, প্ৰায় পাঁচ লাখ টেষ্টিং কিট অৰ্ডাৰ কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লভ আগৰৱালৰ মতে, ভাৰত বৰ্তমান স্থানীয় সংক্ৰমণ আৰু সমূদায় সংক্ৰমণৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ মাজত আছে।

বৰ্তমানলৈ ১,৪৪৫ টা ঘটনা, প্ৰায় ৩৫ শতাংশ দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামতৰ সৈতে জড়িত।

তদুপৰি, সংগঠনটোৰ সৈতে সম্পৰ্কিত ২৫,৫০০ লোকক কোৱাৰেন্টাইন কৰা হৈছে।

ইয়াৰ মাজতে, কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই সকলোবোৰ ৰাজ্যকে মেডিকেল অক্সিজেন যোগান সুলভ আৰু সহজসাধ্য কৰিবলৈ নিৰ্দেশ দিছে। মেডিকেল অক্সিজেন অত্যাৱশ্যকীয় মেডিচিনৰ ৰাষ্ট্ৰীয় তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

Tags: COVID-19

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd