• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পেৰিছৰ এশখনৰো অধিক বিদ্যালয়ত শিশু নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2026 2:38 pm
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেৰিছৰ বিদ্যালয়সমূহত বিগত এবছৰ ধৰি পোহৰলৈ অহা এক ভয়াৱহ ঘটনাই সমগ্ৰ ফ্ৰান্সত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফ্ৰান্সৰ ৰাজধানী চহৰখনত বিদ্যালয়ৰ সহায়ক বা এনিমেটৰ হিচাপে কাম কৰা প্ৰায় পোন্ধৰ হাজাৰ অশিক্ষক কৰ্মচাৰী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইসকল কৰ্মচাৰীৰ বহুতেই সৰু সৰু শিশুৰ সৈতে অশালীন আচৰণ আৰু যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সাধাৰণতে এই সহায়কসকলে শিশুসকলক আহাৰ খোৱাৰ সময়ত আৰু বিদ্যালয়ৰ ছুটীৰ পিছত তদাৰক কৰাৰ লগতে খেল-ধেমালি আৰু অন্যান্য কাম-কাজত সহায় কৰে। কিন্তু এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পোৱা অভিযোগৰ বাবে কৰ্তৃপক্ষই তেওঁলোকৰ ভুমিকাৰ ওপৰত কঠোৰ নজৰ ৰাখিবলগীয়া হৈছে।

এই ঘটনাৰ শেহতীয়া খবৰ অনুসৰি, মঙলবাৰে পেৰিছত এগৰাকী বিদ্যালয় সহায়কৰ বিৰুদ্ধে আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। পেৰিছৰ ১১ নং জিলাৰ আলফন্স বডিন জুনিয়ৰ স্কুলৰ এই কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে পাঁচগৰাকী শিশুক অশালীনভাৱে স্পৰ্শ কৰাৰ অভিযোগ আছে। এই বিচাৰ প্ৰক্ৰিয়াটো সমগ্ৰ পেৰিছৰ অভিভাৱকসকলক জোকাৰি যোৱা এক বৃহৎ তদন্তৰ অংশহে মাত্ৰ। বৰ্তমান কৰ্তৃপক্ষই পেৰিছৰ কমেও এশখন ক্ৰেচ, অংগনৱাড়ী আৰু জুনিয়ৰ স্কুলত এনে ধৰণৰ নিৰ্যাতনৰ অভিযোগৰ তদন্ত চলাই আছে। ইয়াৰ উপৰিও এই গ্ৰীষ্মকালত আন তিনিটা গোচৰৰ বিচাৰ চলিব আৰু অলপতে শুনানি হোৱা আন এটা গোচৰৰ ৰায়দানৰ বাবে অপেক্ষা কৰা হৈছে।

Apply Now

যোৱা সপ্তাহত আৰক্ষীয়ে পেৰিছৰ ৭ নং জিলাৰ তিনিখন বিদ্যালয়ত অভিযান চলাই ষোল্লগৰাকী লোকক আটক কৰিছিল। ইয়াৰে তিনিগৰাকীৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত শিশুৰ সৈতে অশালীন আচৰণ কৰাৰ আনুষ্ঠানিক অভিযোগ ৰুজু কৰা হয়। বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, ২০২৫ চনৰ এপ্ৰিল মাহত এই কেলেংকাৰীটোৱে ব্যাপক চৰ্চা লাভ কৰিছিল। এগৰাকী পিতৃয়ে নিজৰ চাৰি বছৰীয়া কন্যাৰ আচৰণত অস্বাভাৱিক পৰিৱৰ্তন লক্ষ্য কৰাৰ পিছতেই আন এগৰাকী অভিভাৱকে তেওঁৰ সন্তানক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

এই ভয়ংকৰ অভিযোগসমূহে সমগ্ৰ পেৰিছৰ অভিভাৱকসকলৰ মাজত তীব্ৰ ভয় আৰু অবিশ্বাসৰ সৃষ্টি কৰিছে। এছ অ’ এছ পেৰিছক’লায়াৰ নামৰ এটা সংস্থাৰ মতে, এই সমস্যাৰ মূল কাৰণ হৈছে কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়াৰ দুৰ্বলতা। কিয়নো এই সহায়কসকলক অতি কম দৰমহা দিয়া হয় আৰু কেৱল মাত্ৰ সাধাৰণ প্ৰমাণপত্ৰৰ জৰিয়তে তেওঁলোকক চাকৰিত মকৰল কৰা হয়। পৰিস্থিতি বেয়াৰ ফালে যোৱা দেখি পেৰিছৰ মেয়ৰ ইমানুৱেল গ্ৰেগৰিয়ে নিযুক্তি প্ৰক্ৰিয়াত সংস্কাৰ অনাৰ প্ৰতিশ্ৰুতি দিছে। কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ আৰু নিৰীক্ষণ ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে তেওঁ ২০ মিলিয়ন ইউৰোৰ এখন বৃহৎ আঁচনি ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd