জাগীৰোড-মৰিগাঁও সংযোগী পথৰ একমাত্ৰ জাগীভকতগাঁৱৰ কপিলী নৈ ওপৰত থকা জৰাজীৰ্ণ পকী দলঙখনৰ নিৰ্মাণৰ দাবীত আজি মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু জাগীভকত গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বৃহৎ গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
বিজেপি চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হায় হায় পীয়ুষ হাজৰিকাৰ কাম নাই, শীঘ্ৰেই কপিলী নৈৰ ওপৰত থকা দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে।
মনকৰিবলগীয়া যে ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা আৰু সম্প্ৰতি ম্যাদ উকলি যোৱা এই দলঙখনেৰে বিপদসংকুলভাৱে দৈনিক যাতায়াত কৰে জিলাখনৰ সহস্ৰাধিক লোকৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগীয়ে৷
ইফালে অতিকৈ ঠেক দলঙখনৰ পৰিৱৰ্তে আন এখন দলং নিৰ্মাণৰ বাবে বিগত সময়ত চিমপ্লেক্স নামৰ বহিঃ ৰাজ্যৰ নিৰ্মাণকাৰী সংস্থা এটাই দলং নিৰ্মাণৰ নিবিদা লাভ কৰিছিল যদিও নিবিদা পোৱাৰ ১০ বছৰ পিছতো আনকি দলংখনৰ খুঁটাকেইটাও নিৰ্মাণ কৰিব নোৱাৰিলে৷
যাৰ পৰিপ্ৰেক্ষিতত যাতায়াতৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি আহিছে বানেধোৱা জিলাখনৰ জনসাধাৰণে৷
দলঙখন নিৰ্মাণৰ বাবে বিভিন্ন সময়ত জাতীয়তাবাদী দল সংগঠনে বাৰম্বাৰ দাবী জনাই গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছে যদিও এই ক্ষেত্ৰত কোনো কানসাৰ দিয়া নাই স্থানীয় জনপ্ৰতিনিধি,জিলা প্ৰশাসন তথা চৰকাৰে৷
তাৰেই প্ৰতিবাদত মংগলবাৰে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু জাগীভকত গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি সাব্যস্ত কৰে গণ বিক্ষোভ কাৰ্যসূচী৷
অতি শীঘ্ৰে জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ দলঙখন নিৰ্মাণ নকৰিলে আগন্তুক দিনত জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী ছাত্ৰ সংগঠনটোৰ নেতৃত্বই।