• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংকটত ‘ওপৰৰ মাল’ মন্ত্ৰী পীযুষ হাজৰিকা! : আৰক্ষীয়ে জব্দ কৰিলে মন্ত্ৰী হাজৰিকাৰ ফোন

কণ্ঠস্বৰ পৰীক্ষাৰ বাবে ফোনটো প্ৰেৰণ কৰা হ'ব ফৰেনছিক বিভাগৰ লেবৰেটৰীলৈ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
April 3, 2021 12:22 pm
Pijush-Hazarika-2
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংবাদিকক ফোন যোগেৰে ভাবুকি দি সংকটত পৰিছে অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা।

দুটা বৈদ্যুতিন সংবাদ মাধ্যমৰ দুই সাংবাদিকক ফোন যোগেৰে চৰম ভাবুকি দিয়া মন্ত্ৰীগৰাকীৰ অডিঅ’ ক্লীপ ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে মন্ত্ৰীগৰাকীৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ উঠিছে।

Apply Now

প্ৰাণৰ আশংকাত পৰা দুই সাংবাদিকে ইতিমধ্যে জাগীৰোড আৰক্ষী থানাত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

ইয়াৰ পিছতে শনিবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই ভাবুকি দিয়া ফোনটো মৰিগাঁও আৰক্ষীয়ে জব্দ কৰিছে।

মৰিগাঁও আৰক্ষীয়ে জব্দ কৰা ফোনটো কণ্ঠস্বৰ পৰীক্ষাৰ বাবে ফৰেনছিক বিভাগৰ লেবৰেটৰীলৈ প্ৰেৰণ কৰিব জনাইছে।

উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ অভিনেত্ৰী পত্নী আইমী বৰুৱাৰ ‘কা’ সম্পৰ্কিত এটা বিতৰ্কিত ভিডিঅ’ ক্লীপৰ বাতৰিৰ সংক্ৰান্তত মন্ত্ৰীগৰাকীয়ে মৰিগাঁৱৰ নজৰুল ইছলাম আৰু জাগীৰোডৰ তুলসী মান্তা নামৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ দুগৰাকী সাংবাদিকক ফোন যোগেৰে চৰম ভাবুকি প্ৰদান কৰিছিল।

উক্ত অডিঅ’ ক্লীপটোত মন্ত্ৰীগৰাকীয়ে বহু আপত্তিজনক মন্তব্য কৰাও পৰিলক্ষিত হৈছে। আনকি প্ৰাণে মৰাৰ ভাবুকি(No Where) প্ৰদানৰ লগতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পৰা মন্তব্যও কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই।

ইফালে এই ভাবুকি প্ৰদানৰ খবৰ বিয়পি পৰাৰ পিছতে ৰাজ্য সৰ্বস্তৰতে প্ৰতিবাদৰ ঢৌ উঠাৰ লগতে সামাজিক মাধ্যমত ভীষণভাৱে ট্ৰলৰ সন্মুখীন হৈছে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে তেওঁৰ অভিনেত্ৰী পত্নী আইমী বৰুৱা।

সামাজিক মাধ্যমৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।

ইফালে এই অডিঅ’ ক্লীপ ভাইৰেল হোৱাৰ পিছতে মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাই ভাবুকি লাভ কৰা এগৰাকী সাংবাদিক নজৰুল ইছলামক সুৰক্ষাৰ বাবে এগৰাকী নিৰপত্তাৰক্ষী প্ৰদান কৰিছে।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd