আপুনি জানেনে আপোনাৰ জ্ঞানৰ সীমাবদ্ধতা কিমান? আমাৰ মাজৰ সৰহভাগেই বহু বিষয়বস্তু সম্পৰ্কে জ্ঞান আছে বুলি ভাবিলেও আচলতে সেই জ্ঞান খুবেই সীমিত। এই ধাৰণাটোক জ্ঞানৰ সম্পৰ্কে থকা জ্ঞান বা মেটান’লেজ বুলি কোৱা হয় আৰু ইয়াৰ বিসংগতিৰ বাবে আমি প্ৰায়ে বিভ্ৰান্ত হওঁ।
উদাহৰণস্বৰূপে আমি সকলোৱে এপলৰ ল’গ’টো চিনি পাওঁ বুলি ভাবো। কাৰণ আমি প্ৰায়ে ইয়াক দেখা পাই থাকো। কিন্তু এটা গৱেষণাত দেখা গ’ল যে কেইবাগৰাকীও ব্যক্তিক এপলৰ ল’গৰ দৰে কেইবাটাও ল’গৰ মাজৰ পৰা প্ৰকৃত ল’গটো বাচি উলিয়াবলৈ দিয়া হৈছিল। কিন্তু কোনো এজনেই আচল ল’গটো বাচি উলিয়াব নোৱাৰিলে।
আনকি এটা মুদ্ৰা বা এখন চাইকেলৰ দৰে অতি সাধাৰণ বস্তুৰ ছবি নিখুঁতকৈ আঁকিবলৈ দিলেও আমাৰ বেছিভাগেই ভুল কৰো। ইয়াৰ অৰ্থ হ’ল আমি কোনো এটা বস্তু সদায় দেখি থকা মানেই যে সেইটোৰ বিষয়ে আমাৰ গভীৰ জ্ঞান আছে সেইটো নহয়।
মানুহৰ এই অতিবিশ্বাসৰ আঁৰত কেইটামান বিশেষ কাৰণ আছে। প্ৰথমতে আমি আমাৰ চাৰিওপাশৰ পৰিৱেশৰ পৰা পোৱা সহায় আৰু আমাৰ নিজৰ জ্ঞানৰ মাজত পাৰ্থক্য চিনি নাপাওঁ। এখন চাইকেল বা এটা জিপাৰ চকুৰ আগত দেখিলে ইয়াৰ সকলো অংশ আমাৰ দৃষ্টিগোচৰ হয় বাবে আমি ভাবো যে ইয়াৰ কাৰ্যকৰী পদ্ধতিটোও আমি জানো। কিন্তু যেতিয়ালৈকে আমি সেইবোৰৰ কাৰ্যকৰী পদ্ধতিটো বুজাই দিবলৈ চেষ্টা নকৰো তেতিয়ালৈকে আমি নিজৰ অজ্ঞতা ধৰিব নোৱাৰো। দ্বিতীয়তে আমি কোনো এটা বিষয়ৰ ওপৰুৱা জ্ঞানক গভীৰ জ্ঞান বুলি ভুল কৰো। যেনে গাড়ী এখন ব্ৰেক মাৰিলে ৰৈ যায় বুলি জনাটো এটা ওপৰুৱা কথা কিন্তু ইয়াৰ ভিতৰৰ মেচিনটোৱে কেনেকৈ কাম কৰে সেইটো নজনাকৈয়ে আমি ভাবো যে আমি গাড়ীৰ বিষয়ে বহুত জানো।
এই মেটান’লেজৰ বিসংগতিয়ে আমাৰ শিক্ষাৰ ক্ষেত্ৰতো প্ৰভাৱ পেলায়। যেতিয়া কোনো এজন ব্যক্তি এটা বিষয়ত বিশেষজ্ঞ হৈ পৰে তেতিয়া তেওঁ পাহৰি যায় যে সেই বিষয়টো এজন নতুন শিকাৰুৰ বাবে কিমান কঠিন হ’ব পাৰে। বিশেষজ্ঞসকলে কামবোৰ ইমান সহজকৈ কৰিব পৰা হয় যে তেওঁলোকে ব্যৱহাৰ কৰা জ্ঞানবোৰ তেওঁলোকৰ বাবে অদৃশ্য হৈ পৰে। ইয়াৰ ফলত এজন শিক্ষক বা পথপ্ৰদৰ্শকে বহুতো কঠিন শব্দ বা ধাৰণা ব্যৱহাৰ কৰিবলৈ লয় যিবোৰ এজন ছাত্ৰৰ বাবে বুজাটো কঠিন হৈ পৰে। বিশেষজ্ঞ হোৱা আৰু শিক্ষা দিব পৰাটো সম্পূৰ্ণ দুটা বেলেগ দক্ষতা।
আমাৰ এই ভুলবোৰ শুধৰাবলৈ হ’লে আমি বৌদ্ধিক নম্ৰতা অৱলম্বন কৰাটো জৰুৰী। যেতিয়াই আপুনি কিবা এটা জানো বুলি ভাবিব তেতিয়াই সেইটো আনক বুজাই দিবলৈ বা নিজে কৰি চাবলৈ চেষ্টা কৰিব লাগে। এনে কৰিলেহে আমাৰ জ্ঞানৰ আচল পৰিচয় ওলাই পৰিব। লগতে শিক্ষকসকলে সদায় মনত ৰখা উচিত যে তেওঁলোকৰ দক্ষতাৰ বাবেই তেওঁলোক এজন ভাল শিক্ষক নহয় বৰঞ্চ আনৰ অসুবিধাটো বুজিব পৰা মানসিকতাহে তেওঁলোকক সফল কৰিব পাৰে। নিজৰ জ্ঞানৰ সীমাবদ্ধতা স্বীকাৰ কৰিব পৰাটোৱে এজন উন্নত শিকাৰু আৰু শিক্ষক হোৱাৰ প্ৰথম খোজ।





